Jagiroad:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:জাগীৰোড ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰায় ৪০ হেজাৰ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত এইবাৰ পৰিল চোৰৰ হাতোৰা ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকা প্ৰকল্পত চোৰে সঘনাই চাফাই অভিযান চলাই থকা অভিযোগ জাগীৰোড থানাই লাভ কৰি থকাৰ পিছত সোমবাৰৰ পৰা ভিন্ন স্থানত চলে আৰক্ষীৰ অভিযানত ৷ অভিযানত আটক হয় পাঁচটাকৈ কুখ্যাত চোৰ ৷ চোৰ কেইটাৰ পৰাটাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পৰা চুৰি কৰি নিয়া প্ৰায় ২৭ লাখ টকাৰ চিচিটিভি কেমেৰাৰ তাঁৰ,বহু সংখ্যক কম্পিউটাৰৰ ইউপিএছ জব্দ কৰা হয় ৷
ADVERTISEMENT
































