ISRO: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মহাকাশ গৱেষণাত ভাৰতৰ সাফল্যৰ মাজতে ইছৰ’ৰ বেচৰকাৰীকৰণক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰিছে সংস্থাটোৰ নটা কৰ্মচাৰী সংগঠন। ইছৰ’ৰ ভৱিষ্যতক লৈ প্রশ্ন তুলি এই সংগঠনসমূহে কর্তৃপক্ষলৈ পত্রও প্ৰেৰণ কৰিছিল।
মহাকাশ গৱেষণাৰ বেচৰকাৰীকৰণক লৈ চৰকাৰী নীতি কি বুলিও তেওঁলোকে জানিব বিচাৰিছিল। এই অৱস্থাত মুখ খুলিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ৱে। বেচৰকাৰীকৰণৰ সম্ভাৱনাক খাৰিজ কৰিছে ইছৰ’বে।
উল্লেখ্য যে নৰেন্দ্ৰ মোদী চৰকাৰে ছবছৰৰ পূৰ্বেই বেচৰকাৰী সংস্থাৰ বাবে মহাকাশ গৱেষণাৰ দুৱাৰ মুকলি কৰিছে। ইয়াৰ পাছতে এইবাৰ ইছৰ’ৰ ভৱিষ্যৎ কি বুলি প্রশ্ন উত্থাপন হৈছিল।
লগতে প্রশ্ন উঠিছিল, এই সংস্থাই আৰ গৱেষণা চলাব নে? মহাকাশ যান প্ৰেৰণ কৰিব নে? কৰ্মচাৰীসকলৰে বা কি পৰিণতি হ’ব? এই ধৰণৰ উদ্বেগ ব্যক্ত কৰিয়েই ইছৰ’ৰ অধ্যক্ষ ভি নাৰায়ণলৈ পত্ৰ প্ৰেৰণ কৰে গৱেষণা সংস্থাটোৰ নটা কৰ্মচাৰী সংগঠনে।
যাৱতীয় উদ্বেগ নস্যাৎ কৰি দেওবাৰে ইছৰ’ৱে এক বার্তা দিলে। ইছৰ’ৱে জনাইছে, ‘আমি অত্যন্ত পৰিষ্কাৰ ভাষাত জনাব বিচাৰো যে ইছৰ’ক কোনোদিনেই বেচৰকাৰীকৰণ কৰা নহয় আৰু ইয়াৰ গুৰুত্বও সামান্যতমো কমোৱা নহ’ব।’
সংস্থাটোৰ বিবৃতিত লগতে কোৱা হৈছে, ‘মহাকাশ গৱেষণাত বেচৰকাৰী ক্ষেত্ৰৰ অংশগ্রহণ মানে কিন্তু ইছৰ’ৰ ভূমিকাক সৰু কৰা নহয়। বৰঞ্চ ইয়াৰ ফলত ইছৰ’ৱে তেওঁলোকৰ বৈজ্ঞানিক আৰু কাৰিকৰী শক্তিক আগন্তুক দিনৰ জটিল আৰু ভৱিষ্যৎমুখী মহাকাশ কর্মসূচীত আৰু বেছিকৈ নিয়োজিত কৰিব পাৰিব। আনহাতে, নির্মাণ হৈ যোৱা পুৰণি বা পৰিচিত প্রযুক্তিসমূহৰ গণ-উৎপাদন আৰু বাণিজ্যকৰণৰ দায়িত্ব চম্ভালিব বেচৰকাৰী উদ্যোগক্ষেত্রই।’
সংস্থাটোৱে লগতে যোগ কৰে, ‘যি পৰিৱৰ্তন হৈছে সেয়া কিন্তু ইছৰ’ৰ গুৰুত্ব নহয়, সলনি হৈ পৰিছে ভাৰতৰ মহাকাশ ব্যৱস্থাৰ আন্তঃগাঁথনি আৰু ইয়াৰ কামৰ পৰিধি।’
বিগত কিছু বছৰ ধৰি আন্তর্জাতিক মহাকাশ গৱেষণা ক্ষেত্ৰত উজ্জ্বল আৰু ব্যতিক্রমী ভূমিকা গ্রহণ কৰিছে ইছৰ’বে। চন্দ্রযান, মঙলযান অভিযানৰ সাফল্যই আন্তর্জাতিক ক্ষেত্রত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মর্যাদা বৃদ্ধি কৰিছে; কিন্তু এইবোৰ সাফল্যৰ মাজতো দেখা দিছে উদ্বেগে।
সম্প্রতি শতাধিক বিজ্ঞানী আৰু অভিযন্তাই ইছৰ’ ত্যাগ কৰিছে। ইয়াৰ মূল কাৰণ হৈছে বেচৰকাৰীকৰণ। ইতিমধ্যে একাধিক বেচৰকাৰী কোম্পানীৰ স’তে জোঁট বান্ধি কাম কৰিছে ইছৰ’ৱে। এনে অৱস্থাতে সংস্থাটোৰ ভৱিষ্যতক লৈ প্রশ্ন উঠিছিল। যদিও কর্তৃপক্ষৰ উত্তৰত নিশ্চিত হ’ল কৰ্মচাৰীসকল।






























