JournalistUnionOfAssam : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: বর্তমান চৰকাৰে কোনো ধৰণৰ সমালোচনাধর্মী বা-বাতৰি প্ৰচাৰ কৰাটো নিবিচাৰে। সেয়েহে তেওঁলোকে ক্ষুদ্র আৰু মজলীয়া সংবাদ প্রতিষ্ঠানক মৃতুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্রত লিপ্ত হৈছে। পূর্বতে সংবাদগোষ্ঠী মানেই কেৱল ছপা মাধ্যমৰহে প্রাধান্য আছিল; কিন্তু এতিয়াৰ পৰিৱেশ কিছু সুকীয়া। যিবোৰ কাকতৰ স্বত্বাধিকাৰী চৰকাৰৰ আশিসধন্য ব্যৱসায়ী নহয়, তেওঁলোকে এতিয়া হয় কাকত বিক্ৰী কৰিব লাগিব, অন্যথা বন্ধ কৰিব লাগিব। চৰকাৰে এনে এটা পৰিৱেশ ৰচনা কৰিছে। এতিয়া কেৱল নেতা, মন্ত্রী-বিধায়ক অথবা তেনে প্রভাৱশালী ব্যক্তিৰ স’তে ব্যৱসায়িক সম্বন্ধ ৰক্ষা কৰা স্বত্বাধিকাৰীৰ সংবাদ প্রতিষ্ঠানহে জীয়াই থাকিব। সাম্প্রতিক সময়ৰ তেনে চৰকাৰী নীতি অতি ভয়ংকৰ আৰু স্বয়ং সাংবাদিকৰ জীৱন-জীৱিকাৰ নিৰাপত্তাৰ কাৰণেও চূড়ান্ত প্রত্যাহ্বানমূলক।
এই মন্তব্য কৰিছে বিশিষ্ট সাংবাদিক, ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি তথা জর্ণেলিষ্ট ইউনিয়ন অৱ আসামৰ (জুৱা) উপদেষ্টা গীতার্থ পাঠকে। কলিয়াবৰ প্ৰেছ ক্লাবৰ দ্বাৰা ১২ আৰু ১৩ ছেপ্টেম্বৰত দুদিনীয়াকৈ কলিয়াবৰ সমজিলাৰ চুলুংস্থিত গ্রীণ আছিয়ানা পেলেচৰ সভাকক্ষত আয়োজন কৰা জুৱাৰ ৩০ সংখ্যক বার্ষিক অধিবেশনত উপস্থিত থাকি ভাৰতীয় প্ৰেছ কাউন্সিলৰ প্রাক্তন সদস্য পাঠকে কয় যে সংবাদ ক্ষেত্ৰত বৃহৎ পুঁজিপতি আৰু ৰাজনীতিকৰ আশিসধন্য বণিয়াৰ অনুপ্ৰৱেশ সংবাদগোষ আৰু বাতৰি পৰিৱেশনৰ বুনিয়াদ সলনি কৰি দিছে।
মুকলিকৈ দমন, উৎপীড়ন কৰি বন্ধ কৰিব নোৱৰা সংবাদগোষ্ঠীসমূহক একাংশ নেতা-মন্ত্রী, পুঁজিপতিয়ে চল-চাতুৰীৰে ক্ৰয় কৰি গৈছে আৰু এনে কার্যই সাংবাদিকতাত অপুৰণীয় ক্ষতি কৰিব বুলিও বিশিষ্ট সাংবাদিকজনে ক্ষোভ প্রকাশ কৰে।
প্রেছ কাউন্সিল অৱ ইণ্ডিয়াৰ স্পষ্ট বিজ্ঞাপন নীতি আছে বুলি চৰকাৰক সোঁৱৰাই দি পাঠকে কয়, ‘প্রেছ কাউন্সিল অর ইণ্ডিয়াৰ নিৰ্দেশাৱলী মতে ক্ষুদ্র আৰু মজলীয়া, সকলো স্তৰৰ সংবাদগোষ্ঠীক সমান চকুৰে চাই বৈষম্য পৰিহাৰ কৰি চৰকাৰে বিজ্ঞাপন দিয়া উচিত। কিয়নো কেবল মুষ্টিমেয় বৃহৎ সংবাদগোষ্ঠীৰ মাজতে বিজ্ঞাপন সীমাবদ্ধ হৈ থাকিলে বাতৰিৰ বৈচিত্র্য আৰু গণতান্ত্রিক চৰিত্ৰ বিলুপ্ত হ’ব। তেনে কৰাৰ আন এটা কাৰণ হ’ল বিজ্ঞাপনৰ সমবিতৰণ হ’লে কিছু পৰিমাণে আর্থিক সংকট মোকাবিলা কৰিব পৰা যায়। তাকে নকৰি চৰকাৰে পক্ষপাতদুষ্ট আচৰণ কৰি অপছন্দৰ বাতৰি প্ৰচাৰ কৰা সংবাদগোষ্ঠীক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ই চৰম দুর্ভাগ্যজনক।’
ৰাইজক তথ্য দিয়াৰ পৰা বিৰত থকাৰ উপৰি বিকৃত তথ্য অথবা বাতৰি প্ৰচাৰ কৰাৰ পৰাও সাংবাদিকক বিৰত থাকিবলৈ আহ্বান জনাই বিশিষ্ট সাংবাদিক পাঠকে কয় যে কৃত্রিম বুদ্ধিমত্তাৰ আগমনে বহু সংবাদগোষ্ঠী আৰু সাংবাদিকৰ কাম কৰাৰ শৈলী, সাংবাদিকতাৰ প্রতি পূর্বে থকা দৃষ্টিভংগী পর্যন্ত সলনি কৰি দিয়া দেখা গৈছে।
কিন্তু কৃত্রিম বুদ্ধিমত্তাৰ অপপ্রয়োগে সাংবাদিকতাৰ বিশ্বাসযোগ্যতা হ্রাস কৰিব বুলি উদ্বেগ প্রকাশ কৰি তেওঁ কয়, ‘আৰু চৰকাৰে এআইক দলৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ উঠিপৰি লাগিছে। সত্য প্রতিষ্ঠাৰ কাৰণে এআইক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাক উপযুক্ত প্রশিক্ষণ আৰু কৰ্মশালাৰ জৰিয়তেহে আমি এআইৰ উপযুক্ত ব্যৱহাৰ কৰিব পাৰো। সাংবাদিকৰ সাংগঠনিক কামসমূহ সম্প্ৰসাৰণৰ বাবেও এআই ব্যৱহাৰ কৰিব পাৰো।’
জ্যেষ্ঠ সাংবাদিক তথা জুৱাৰ পুনৰ নিৰ্বাচিত সভানেত্রী চেমিম চুলতানা আহমেদে দ্বিতীয়টো কাৰ্যকালৰ কাৰণে দায়িত্ব গ্রহণ কৰি কয়, ‘সংবাদ মাধ্যমলৈ অহা যি ভাবুকি, বিজ্ঞাপন দিয়াৰ ক্ষেত্ৰত চৰকাৰখনৰ যি বৈষম্য, এনে অন্যায়-অবিচাৰ অভূতপূর্ব আৰু যোৱা দুটা দশকত আমি দেখা নাছিলো।’
বহু ক্ষেত্ৰত মূলসুঁতিৰ সংবাদ মাধম্যৰ বিফলতাৰ কাৰণেই প’ৰ্টেলৰ অভাৱনীয় উত্থান পৰিলক্ষিত হৈছে বুলি মন্তব্য প্রকাশ কৰি জুৱাৰ সভানেত্ৰীগৰাকীয়ে কয় যে প’ৰ্টেলৰ উত্থানক দমনমূলক দৃষ্টিভংগীৰে চোৱাৰ বিপৰীতে মূলসুঁতিৰ সাংবাদিকে পূৰ্বৰ দৰে প্রতিটো প্রতিবেদন প্রস্তুত কৰাৰ সময়ত ক্ষেত্রভিত্তিক অধ্যয়ন কৰিব লাগিব, বস্তুনিষ্ঠ, তথ্যভিত্তিক বাতৰি পৰিৱেশন কৰিব লাগিব।
য’তেই মানৱ অধিকাৰ ভুলুণ্ঠিত হৈছে ততেই সাংবাদিকে সংকীর্ণতা পৰিহাৰ কৰি বাতৰি পৰিৱেশনৰ জৰিয়তে জনমত সৃষ্টি কৰিব লাগিব, চৰকাৰৰ দৃষ্টিগোচৰ কৰিব লাগিব বুলি দোহাৰি জুৱাৰ সভানেত্রী আহমেদে কয়, ‘যদিহে মূলসুঁতিৰ সংবাদ মাধ্যমে সাধাৰণ ৰাইজৰ অভাৱ-অভিযোগ আৰু হুমুনিয়াহক আওকাণ কৰে, তেন্তে ৰাইজে নিজেই সামাজিক মাধ্যমৰ সহায়ত, প’ৰ্টেলৰ ৰূপত নিজক নিজে উপস্থাপন কৰিবলৈ চেষ্টা কৰিব। বঞ্চিত, নিপীড়িত, শোষিত ৰাইজে নিজৰ কথা নিজেই প্রকাশ কৰিবলৈ চেষ্টা কৰিব। এনে পৰিৱেশ যাতে নাহে, তাৰ প্রতিও মূলসুঁতিৰ সংবাদ মাধমে সূক্ষ্ম দৃষ্টি ৰাখিব লাগিব আৰু অত্যন্ত সংবেদনশীলতাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব।’
ৰাজ্যৰ আন এগৰাকী জ্যেষ্ঠ মহিলা সাংবাদিক তথা জুৱাৰ নৱনিৰ্বাচিত উপ-সভানেত্রী সৱিতা লহকৰে অধিবেশনত উপস্থিত সাংবাদিকক সম্বোধন কৰি কয় যে সাংবাদিকৰ অধিকাৰ অৰ্জনৰ কাৰণেই বাৰে বাৰে সাংবাদিকসকলে ঐক্যবদ্ধ হ’ব লাগিব। বহু সাংবাদিকে দায়বদ্ধতাত পৰি সক্রিয় সাংবাদিকতাৰ দৰে বৃত্তিত জড়িত হৈ আহিছে যদিও পুঁজিপতিৰ উত্থানে সাংবাদিকক আর্থিকভাৱে জুৰুলা কৰিছে আৰু গোটেই বৃত্তিটোক চূড়ান্ত অনিশ্চয়তালৈ ঠেলি দিছে বুলি মন্তব্য কৰি লহকৰে কয়, ‘সাংবাদিক কেতিয়াও নিৰপেক্ষ হ’ব নোৱাৰে। সাংবাদিকে চিৰদিন সত্যৰ পক্ষত, যুক্তিৰ পক্ষত, ৰাইজৰ পক্ষত অৱস্থান ল’ব লাগিব। আৰু সেই পক্ষ ল’বলৈ যাওতে যি প্রান্ততেই নহওক কিয়, এগৰাকী সাংবাদিকে কেতিয়াও নিজকে দুর্বল আৰু নিঃসংগ অনুভৱ কৰিব নালাগে।’
আর্থিক অনাটনত পৰি সময়ে সময়ে বহু সাংবাদিকে সংবাদ সেৱাৰ সমান্তৰালকৈ বিকল্প উপাৰ্জনৰ আশাত অন্যান্য বৃত্তিৰ লগতো জড়িত হ’বলৈ বাধ্য হয় যদিও সাংবাদিকতাৰ স’তে জড়িত এগৰাকী দায়বদ্ধ নাগৰিকে মৃত্যুৰ আগমুহূৰ্তলৈ সাংবাদিকতাৰ দায়িত্ব পালন কৰিব লাগে বুলিও জুৱাৰ উপ-সভানেত্রী লহকৰে দাবী কৰে। বহু সময়ত সুযোগ পালেই প্ৰতিগৰাকী সাংবাদিকক সাধাৰণিকৰণ কৰি গালি-গালাজ কৰা হয়, তুচ্ছ-তাচ্ছিল্য, ইতিকিং কৰা হয় বুলি ক্ষোভ প্রকাশ কৰি তেওঁ লগতে কয়, ‘পুঁজিপতিৰ পৃষ্ঠপোষকতাত পৰিকল্পিতভাৱে এনে কাৰ্য কৰা হৈছে। আমি যদি তাক প্ৰতিৰোধ কৰিব নোৱাৰো, তেন্তে যি কেইগৰাকী আঙুলি মূৰত গণিব পৰা নিষ্ঠাবান সাংবাদিক আছে তেওঁলোককো নৈতিকভাৱে দুৰ্বল কৰি পেলোৱা হ’ব। আৰু সেয়াই যদি হয়, তেন্তে সাংবাদিকতাই অনাগত দিনত আৰু বহু হেৰুৱাব লাগিব, ই নিশ্চিত।’
উল্লেখ্য যে আজি সমাপ্ত হোৱা জুৱাৰ দুদিনীয়া অধিবেশনৰ অন্তত বহুকেইটা গুৰুত্বপূর্ণ প্রস্তাৱ সর্বসম্মতিক্রমে গৃহীত কৰা হয়। বিশেষকৈ, চৰকাৰী বিজ্ঞাপনৰ ক্ষেত্ৰত প্ৰেছ কাউন্সিলৰ নিৰ্দেশনা উলংঘা আৰু সৰু-মজলীয়া সংবাদ মাধ্যমৰ প্ৰতি বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে প্ৰস্তাৱ। চৰকাৰী বিজ্ঞাপন বিতৰণৰ ক্ষেত্ৰত ভাৰতীয় প্ৰেছ কাউন্সিল (পিচিআই) আৰু প্ৰেছ ইন ফর্মেছন ব্যুৰৎ (পিআইবি)ৰ দ্বাৰা অনুসৰণ কৰা আদর্শ বিজ্ঞাপন নীতি তথা প্রচলিত নির্দেশনাসমূহ উলংঘা কৰাৰ অভিযোগত গভীৰ উদ্বেগ আৰু তীব্র অসন্তুষ্টি প্রকাশ কৰা হয়।
সভাই গভীৰ উদ্বেগৰে লক্ষ্য কৰে যে অসম চৰকাৰে প্ৰায় সকলো সৰু আৰু মজলীয়া সংবাদপত্র তথা বহু ডিজিটেল সংবাদ মাধ্যমক চৰকাৰী বিজ্ঞাপন প্রদান প্রায় সম্পূর্ণরূপে বন্ধ কৰি দিছে। এনে বৈষম্যমূলক আৰু স্বেচ্ছাচাৰী ব্যৱস্থাই এই সংবাদ মাধ্যমসমূহৰ অৰ্থনৈতিক অস্তিত্বৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাইছে। বহু সংবাদ প্রতিষ্ঠানৰ বাবে চৰকাৰী বিজ্ঞাপন তেওঁলোকৰ অস্তিত্ব বৰ্তাই ৰখাৰ এক গুৰুত্বপূর্ণ আর্থিক উৎস।
চৰকাৰী বিজ্ঞাপন দীর্ঘদিন ধৰি নোপোৱা বা ব্যাপকভাবে হ্রাস পোৱাৰ ফলত বহু সৰু আৰু মজলীয়া সংবাদ প্রতিষ্ঠান ভয়াৱহ আর্থিক সংকটৰ সন্মুখীন হৈছে। বহু সংবাদ প্রতিষ্ঠান সাংবাদিক আৰু অন্যান্য সংবাদকর্মীক নিয়মীয়াকৈ দৰমহা আৰু মজুৰি প্ৰদান কৰাত অসুবিধাৰ সন্মুখীন হৈছে। আনকি কিছুমান সংবাদ প্রতিষ্ঠানে আর্থিক সংকটৰ স’তে মোকাবিলা কৰিবলৈ কৰ্মচাৰীৰ সংখ্যা হ্রাস কৰিবলৈও বাধ্য হৈছে।
এনে পৰিস্থিতিয়ে কেৱল সাংবাদিক আৰু সংবাদকর্মীসকলৰ জীৱিকা তথা চাকৰিৰ নিৰাপত্তাকে বিপন্ন কৰা নাই, ই তৃণমূল পর্যায়ৰ স্বাধীন, বৈচিত্র্যপূর্ণ আৰু বহুমুখী সংবাদ মাধ্যমৰ অস্তিত্বৰ প্ৰতিও ভাবুকি সৃষ্টি কৰিছে।
উল্লেখ্য যে এই অধিবেশনত পূৰ্বৰ সভানেত্রী চেমিম চুলতানা আহমেদ আৰু সম্পাদক ধনজিৎ কুমাৰ দাস পুনৰ সভাপতি তথা সম্পাদকৰূপে নির্বাচিত হয়।































