দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত আমি যিমানেই প্রকৃতিৰ প্ৰতি প্রেম ভাব দেখুৱাও তাৰ পিছতেই যেন আমি পাহৰি যাওঁ প্ৰকৃতিৰ ৰূপৰ কথা। ‘গছ পুলি ৰুব লাগে, সেউজীয়া পাহাৰ সংৰক্ষণ কৰিব লাগে, প্রকৃতি আমাৰ মাতৃ স্বৰূপ, গছ নাথাকিলে আমিও জীয়াই নাথাকো’ এইবোৰ যেন মানৱ সমাজৰ মিথ্যাচাৰ।
ৰাজ্যত পাহাৰৰ মাটি খননত চৰকাৰী নিষেধাজ্ঞা থকাৰ পাছতো কামৰূপৰ শুৱালকুছি, বংশৰ, পছৰীয়াত দিনে-নিশাই পাহাৰৰ ৰঙা মাটি খনন কৰি থকা পৰিলক্ষিত হৈছে। সামগ্রিকভাবে বিভিন্ন উন্নয়নৰ নামত ৰাজ্যৰ চৌদিশে উন্নয়নৰ নামত কামৰূপ জিলাৰ নিঃশেষ কৰা হৈছে এখনৰ পাছত আনখন সেউজ পাহাৰ।
যাৰ ফলস্বৰূপে অঞ্চলটোত বিপন্ন হৈছে জৈৱ-বৈচিত্র্যৰ লগতে নষ্ট হৈছে প্রাকৃতিক সৌন্দর্যও। ইতিমধ্যে হাজো বন বিভাগ তথা হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত শুৱালকুছি আৰু বংশৰ অঞ্চলৰ কে’বাখনো ঐতিহাসিক পাহাৰ নিশ্চিহ্ন কৰা হৈছে।
অঞ্চলটোৰ কে’বাখনো পাহাৰ ইতিমধ্যে কাটি টকলা কৰাৰ পাছতো পুনৰ এইবাৰ বংশৰৰ বৰবাৰী পাহাৰত শেনচকু পৰিছে ভূ-মাফিয়াৰ। অভিযোগ অনুসৰি যিখন চৰকাৰে প্ৰকৃতি সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা দেখা গৈছে কিন্তু একাংশ ৰাজনৈতিক আৰু ছাত্ৰ সংগঠনৰ স্বাৰ্থ লোভী ব্যক্তিয়ে কোনো প্রভাৱশালী চক্ৰৰ আশীর্বাদত নির্বিঘ্নে চলাই গৈছে পাহাৰ খননৰ কাম।
জানিব পৰা মতে, এটি চৰকাৰী পথ নিৰ্মাণৰ বাবে বন বিভাগৰ পৰা পাহাৰৰ ৰঙা মাটি কটা অনুমোদনৰ বাবে আবেদন জনায়। কিন্তু আবেদনৰ অনুমোদন নোহোৱাকৈয়ে ইতিমধ্যে ভূ-মাফিয়াই কে’বাখনো এক্সকেভেটৰ-ডাম্পাৰ লগাই দিনে-নিশাই চলাই গৈছে পাহাৰ ধ্বংস যজ্ঞ। সানপাৰা পাহাৰ অঞ্চলত ভূ-মাফিয়াই প্রযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মূল পথত মাটি পূৰ কৰাৰ বাবে বন বিভাগত আবেদন জনাইছিল যদিও স্থানীয় ৰাইজৰ অভিযোগ প্রযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ নামত পাহাৰৰ ৰঙা মাটি কাটি একাংশ ব্যক্তিগত লোকৰ খাল-বিল পুতি ধন ঘটিছে ভূ-মাফিয়া চক্ৰটোৱে।
উন্নয়নৰ দোহাই দি ব্যক্তিগত মাটি পূৰ কৰা এইসকল ভূ-মাফিয়াই নামানে কোনো চৰকাৰী নিয়ম-কানুন। তেওঁলোকক বাধা দিওঁতা কোনো নাই। ৰাজনৈতিকভাৱে অতি শক্তিশালী এইসকল ভূ-মাফিয়া। যাৰ বাবে এইসকল ভূ-মাফিয়াৰ হাতত বন্দী বন বিভাগৰ দুর্নীতিগ্রস্ত একাংশ বিষয়া। বন বিভাগৰ একাংশ বিষয়াৰ লগত হাত মিলাই অবাধে নিঃশেষ কৰিছে এখনৰ পাছত আনখন পাহাৰ।
যিধৰণে অঞ্চলটোৰ পাহাৰসমূহ টকলা কৰা হৈছে কিছুদিন পাছত এই অঞ্চলত নাথাকিব এখনো সেউজ পাহাৰ। হয়টো ভৱিষ্যত প্রজন্মই পাহাৰ কি সেয়াও জানিব নোৱাৰিব। সেয়েহে ৰাইজৰ স্বাৰ্থ জড়িত উন্নয়নৰ নামত ব্যক্তিগত স্বাৰ্থ পূৰণ কৰি পাহাৰসমূহ কাটি থকা এইসকল লোকৰ বিৰুদ্ধে বন বিভাগ তথা জিলা প্রশাসনক ব্যৱস্থা গ্রহণ কৰিবলৈ স্থানীয় ৰাইজ আৰু প্রকৃতিপ্রেমীয়ে আহ্বান জনাইছে।






























