দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ভাৰতত চিকিৎসকৰ সুৰক্ষা সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিল। ইণ্ডিয়ান জার্ণেল অৱ অকুপেচনেল এণ্ড এনভাইৰনমেণ্টল মেডিচিনৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি বিগত এবছৰত ভাৰতত ৬০.৯ শতাংশ চিকিৎসকে নিজৰ কর্মস্থলীত অর্থাৎ চিকিৎসালয়ত হিংসাৰ সন্মুখীন হৈছিল।
সবাতোকৈ ভয়াৱহ কথাটো হৈছে শংকা আৰু ন্যায় লাভ নকৰাৰ আশংকাৰ কাৰণত ৪৮ শতাংশ চিকিৎসকে কর্মস্থলীত হিংসাৰ সম্মুখীন হোৱাৰ পাছতো এনে ঘটনাৰ বিষয়ে সংশ্লিষ্ট কর্তৃপক্ষক কোনো অভিযোগ দাখিল কৰা নাই।
প্রতিবেদনৰ মতে চিকিৎসকৰ বিৰুদ্ধে হিংসাত্মক আচৰণৰ মুখ্য কাৰণ হৈছে চিকিৎসাত অসন্তুষ্টি আৰু ভুল চিকিৎসাৰ অভিযোগ। সর্বাধিক সংখ্যক চিকিৎসকক আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে অ’টি আৰু আইচিইউৰ দৰে অতি সংবেদনশীল কক্ষৰ আশে-পাশে।
এই প্রতিবেদনত উল্লেখ কৰা মতে, চৰকাৰী চিকিৎসকৰ ৬৩.৫ শতাংশই আৰু ব্যক্তিগত চিকিৎসকৰ ৫৬.৯ শতাংশই কর্মক্ষেত্রত অনাকাংক্ষিত হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে। একেদৰে কৰ্মক্ষেত্ৰত ৬৪.৭ শতাংশ পুৰুষ আৰু ৫২.৯ শতাংশ মহিলা চিকিৎসকে হিংসাৰ বলি হৈছিল।
অ’টিত কৰ্মৰত ৮৮.৮ শতাংশ চিকিৎসকে, আইচিইউত কৰ্মৰত ৮৫.৩ শতাংশ চিকিৎসকে, ইমাৰজেন্সিত কৰ্মৰত ৬৮.৬ শতাংশ চিকিৎসকে, ৱাৰ্ডত কৰ্মৰত ৪৬.৬ শতাংশ চিকিৎসকে আৰু অ’পিডিত কৰ্মৰত ৪২.৬ শতাংশ চিকিৎসকে হিংসাৰ সম্মুখীন হৈছিল।
বিগত তিনি বছৰত দেশত চিকিৎসকৰ ওপৰত শতাধিক আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। তথ্য অনুসৰি, মহাৰাষ্ট্ৰত ১৫টা, কেৰলমত নটা, পঞ্জাৱত আঠটা, দিল্লীত সাতটা, কর্ণাটকত ছটা আৰু উত্তৰ প্ৰদেশত ছটা চিকিৎসকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল।
২০১৯৩ চিকিৎসকৰ সুৰক্ষা বিষয়ক এক আইনৰ খচৰা তৈয়াৰ কৰা হৈছিল আৰু উক্ত খচৰাত কৰ্মৰত চিকিৎসকক গুৰুতৰ আঘাত হানিলে ১০ বছৰলৈকে কাৰাদণ্ড আৰু ১০ লাখ টকাৰ জৰিমনাৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু ২০২৩ত কেন্দ্ৰৰ চৰকাৰে ইয়াৰ বাবে পৃথক কেন্দ্ৰীয় আইন তৈয়াৰ কৰিবলৈ অস্বীকাৰ কৰিছিল।
কেন্দ্ৰৰ চৰকাৰে ২০২৫ত লোকসভাত স্পষ্ট কৰি কৈছিল যে চিকিৎসকৰ বিৰুদ্ধে হোৱা হিংসাৰ কোনো পৃথক ৰাষ্ট্ৰীয় ডেটা প্ৰস্তুত কৰা নহয়।































