PWDAssam: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মঙলদৈ-পাথৰিঘাট-দিপীলা সংযোগী অতি গুৰুত্বপূৰ্ণ পথটোত থকা দুখন কাঠৰ দলঙৰ বিধ্বস্ত ৰূপে সততে পথচাৰীক দুর্ভোগ ভোগোৱাৰ লগতে যানবাহন দুর্ঘটনা হোৱাৰ প্ৰৱল সম্ভাৱনাই দেখা দিছে।
উক্ত পথটো অসম মালাৰ অধীনত লোকনিৰ্মাণ বিভাগৰ জৰিয়তে নিৰ্মাণ কৰি থকা হৈছে যদিও পথটোত থকা পাথৰিঘাটত ছহিদ বেদীৰ ওচৰত আৰু দ্বিগজ নৈৰ ওপৰত থকা দলং দুখনৰ নিৰ্মাণ লেহেমীয়া গতিত কৰাত যাতায়াতত চৰম অসুবিধাৰ সম্মুখীন হৈছে।
উক্ত দলং দুখনৰ নির্মাণ হেতুকে কাষৰে দুখন কাঠৰ দলং নিৰ্মাণ কৰি দিছে যদিও কাঠসমূহ অতি নিম্নমানৰ হোৱাৰ ফলত বিধ্বস্ত হৈ পৰিছে দলং দুখন। ৰাইজে যাতায়াতত দুর্ভোগ লগতে যানবাহন দুর্ঘটনা হোৱাৰ প্ৰৱল সম্ভাৱনাই দেখা দিছে।
উক্ত পথটো অসম মালাৰ অধীনত লোকনিৰ্মাণ বিভাগৰ জৰিয়তে নিৰ্মাণ কৰি থকা হৈছে যদিও পথটোত থকা পাথৰিঘাটত ছহিদ বেদীৰ ওচৰত আৰু দ্বিগজ নৈৰ ওপৰত থকা দলং দুখনৰ নিৰ্মাণ লেহেমীয়া গতিত কৰাত যাতায়াতত চৰম অসুবিধাৰ সম্মুখীন হৈছে।
উক্ত দলং দুখনৰ নিৰ্মাণ হেতুকে কাষৰে দুখন কাঠৰ দলং নিৰ্মাণ কৰি দিছে যদিও কাঠসমূহ অতি নিম্নমানৰ হোৱাৰ ফলত বিধ্বস্ত হৈ পৰিছে দলং দুখন। ৰাইজে যাতায়াতত দুর্ভোগ ভোগাৰ পাছতো বিভাগে সততে চকু মুদা কুলিৰ ভাও ধৰি আহিছে।
পাথৰিঘাটত উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি কে’বাখনো চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰোগীক চিকিৎসালয়ত নিয়াৰ ক্ষেত্ৰতো দলং দুখন মৰণফান্দত পৰিণত হৈছে।
উল্লেখ্য যে দলং দুখনত তিনিবাৰকৈ চাৰিচকীয়া বাহন দুৰ্ঘটনা হোৱাৰ পাছত অঞ্চলটোৰ কে’বাটাও দল-সংগঠনে বহুবাৰ ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল যদিও বিভাগে কোনো গুৰুত্ব দিয়া নাই।

































