GauravGogoi: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে যোৰহাটৰ স্বাধীনতা সংগ্ৰামৰ গৌৰৱময় ইতিহাস সংৰক্ষণ আৰু নতুন প্ৰজন্মৰ ওচৰলৈ লৈ যোৱাৰ লক্ষ্যৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।
যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ মুক্তিযুঁজাৰু ভৱনৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে সাংসদগৰাকীয়ে নিজৰ স্থানীয় সাংসদ এলেকা উন্নয়ন পুঁজিৰ পৰা আঠ লাখ টকাৰ অনুদান ঘোষণা কৰিছে।
সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি সাংসদগৰাকীয়ে যোৰহাটক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সাক্ষী বুলি অভিহিত কৰে। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসমৰ প্ৰতিৰোধৰ ইতিহাসত যোৰহাটৰ অবিচ্ছেদ্য অৱদানৰ কথাও তেওঁ সোঁৱৰণ কৰে।
গৌৰৱ গগৈয়ে কয় যে ১৮৫৮ চনত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাটতেই ব্ৰিটিছে ফাঁচী দিছিল। পৰৱৰ্তী সময়ত অসহযোগ, আইন অমান্য আৰু ভাৰত ত্যাগ আন্দোলনতো যোৰহাটৰ স্বাধীনতা সংগ্ৰামীসকলে সক্ৰিয়ভাৱে অংশ লৈছিল।
আনকি ১৯৩১ চনত ব্ৰিটিছ ভাইচৰয় লৰ্ড আৰউইনৰ যোৰহাট ভ্ৰমণৰ সময়তো স্থানীয় নেতাসকলে ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।
একেদৰে, ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত যোৰহাট কাৰাগাৰত ফাঁচী বৰণ কৰা শ্বহীদ কুশল কোঁৱৰৰ আত্মবলিদান অসমৰ ইতিহাসৰ চিৰকাল অমৰ এক অধ্যায় হৈ ৰ’ব বুলি তেওঁ উল্লেখ কৰে।
মুক্তিযুঁজাৰু ভৱনটো কেৱল এটা ভৱনেই নহয়, বৰঞ্চ ই স্বাধীনতা সংগ্ৰামৰ স্মৃতি, আত্মত্যাগ আৰু গণসংগ্ৰামৰ এক জীৱন্ত দলিল বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে






























