Supreme court:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বিগত কুকি-মেইটেই গোষ্ঠী সংঘৰ্ষৰ ছয় শতাধিক ভুক্তভোগীৰ আশ্রয় শিবিৰত মৃত্যুৰ ঘটনাৰ তদন্তত ৰাজ্য চৰকাৰে চূড়ান্ত অনীহা প্ৰদৰ্শন কৰাৰ তথ্য সম্প্ৰতি স্বয়ং উচ্চতম ন্যায়ালয়ত ফাদিল হৈছে। একাংশ ভুক্তভোগীৰ আবেদনৰ ভিত্তিত দেশৰ মুখ্য ন্যায়াধীশ সূর্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ এখন বিচাৰপীঠে গ্ৰহণ কৰা আবেদনৰ শুনানিৰ সময়ত পোহৰলৈ আহিছে যে ৰাজ্যখনৰ আঠখন জিলাৰ আশ্রয় শিবিৰত গোষ্ঠী সংঘৰ্ষৰ ৬৪০ ভুক্তভোগীৰ মৃত্যু হয়। এই বৃহৎ সংখ্যক লোকৰ মৃত্যুক লৈ গোচৰ ৰুজু হৈছিল যদিও ৰহস্যজনক কাৰণত মণিপুৰৰ বিজেপি চৰকাৰে মাথোঁ ২০ জনৰহে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰায়।
ইয়াক লৈ তিনিজনীয়া বিচাৰপীঠখনে ক্ষোভ প্রকাশ কৰি গোষ্ঠী সংঘর্ষকালীন আশ্রয় শিবিৰসমূহত হোৱা সকলো সন্দেহজনক মৃত্যুৰ ঘটনাৰ গোচৰ ৰুজুৰ লগতে উপযুক্ত তদন্তৰ ব্যৱস্থা কৰিবলৈ মণিপুৰৰ আইন সেৱা প্ৰাধিকৰণলৈ নিৰ্দেশ জাৰি কৰে। তদুপৰি বিচাৰপীঠে ২৫টা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সবিশেষ প্রতিবেদন দাখিল কৰিবলৈও মণিপুৰৰ মুখ্য সচিবলৈ নিৰ্দেশ জাৰি কৰিছে। এই লোকসকলৰ ৰহস্যজনক মৃত্যুৰ সম্পৰ্কীয় বিভিন্ন নথিপত্ৰৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনক সামৰি এই বিশদ প্রতিবেদন দাখিল কৰিবলৈ মুখ্য সচিবক ন্যায়ালয়ে নির্দেশ দিছে। আশ্রয় শিবিৰত ৰহস্যজনকভাৱে মৃত্যুমুখত পৰা এই লোকসকলৰ ক্ষেত্ৰত মণিপুৰ চৰকাৰে গ্ৰহণ কৰা সন্দেহজনক স্থিতিৰ বাবে ন্যায়ালয়ে চৰকাৰক কঠোৰভাৱে ভর্ৎসনা কৰে।
নির্দেশ জাৰিৰ সময়ত মুখ্য ন্যায়াধীশ কান্তে কয়, ‘আপোনালোক (ৰাজ্য চৰকাৰ)-এ কি ব্যৱস্থা গ্রহণ কৰিছে আমাক জনাব। আপোনালোকৰ মুখ্য সচিবলৈ নিৰ্দেশ জাৰি কৰিবলৈ আমাক বাধ্য নকৰিব।’ বিচাৰপীঠে এই নির্দেশ জাৰিৰ সময়ত মণিপুৰৰ মহাধিবক্তাৰো এক ৰহস্যজনক স্থিতি পোহৰলৈ আহে। জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গীতা মিট্রাল নেতৃত্বাধীন এখন ন্যায়িক সমিতিয়ে আশ্রয় শিবিৰত ২৫ জনৰ মৃত্যু সম্পৰ্কীয় বিচৰা তথ্যৰ ভিত্তিত মহাধিবক্তাই দাখিল কৰা তথ্যক লৈয়ো প্রশ্ন উত্থাপন কৰে।
আনহাতে, আশ্রয় শিবিৰত মৃত্যু হোৱা সকলৰ ক্ষতিপূৰণ প্ৰদানৰ সময়ত বহু ক্ষেত্ৰত মাথোঁ ২০ৰ পৰা ৩০ হেজাৰ টকাহে চৰকাৰে আদায় দিয়াৰ ঘটনাও ন্যায়ালয়ৰ মজিয়াত পোহৰলৈ আহে। এই শুনানিৰ সময়ত মণিপুৰ চৰকাৰৰ হৈ যুক্তি প্রদর্শন কৰি অতিৰিক্ত সহ-মহাধিবক্তা ঐশ্চর্য ভাটিয়ে ন্যায়ালয়ক অৱগত কৰে যে ৰাজ্যখনৰ আঠ জিলাৰ আশ্রয় শিবিৰত মৃত্যু সম্পর্কত ৪২টা বিশেষ অনুসন্ধানকাৰী গোট গঠন কৰা হৈছে আৰু মুঠ ৩,০২০টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰে ৩০২টা গোচৰৰ অভিযোগনামা দাখিল কৰা হৈছে আৰু ১,৫৮৩ টা গোচৰৰ বন্ধ কৰাৰ প্ৰতিবেদন দাখিল কৰা হৈছে। ফলত সম্প্ৰতি ১,১৩৫টা গোচৰৰ তদন্ত চলি আছে।
তদুপৰি ৩৩টা গোচৰৰ বিচাৰ আৰম্ভ হৈছে। আনহাতে, গেষ্ঠী সংঘৰ্ষৰ ভুক্তভোগীৰ হৈ উচ্চতম ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰা অধিবক্তাই বিচাৰপীঠক জনায় যে গুৱাহাটীস্থিত বিশেষ আদালতে এই গোচৰসমূহৰ সপ্তাহত দুদিনকৈহে শুনানি গ্রহণ কৰি আহিছে। অধিবক্তাৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত মুখ্য ন্যায়াধীশ কান্তে কয় যে সপ্তাহত দুদিনকৈ শুনানি হ’লেও গোচৰৰ বিচাৰ আগবঢ়াই নিয়াত সহায় হ’ব। তৎসত্ত্বেও তেওঁ গোচৰসমূহ ক্ষিপ্ৰ বিচাৰৰ বাবে দুখন বিশেষ আদালত স্থাপন কৰিব পাৰি নেকি সেয়া বিবেচনা কৰিবলৈ চৰকাৰলৈ আহ্বান জনায়।
ADVERTISEMENT






























