Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: আপোনাৰ উৎসাহ আৰু ইচ্ছা আছে কৰ্মৰ প্ৰতি। কিন্তু হঠাতে উৎসাহ হেৰুৱাই পেলায় আৰু কামবোৰ নহয়। উপার্জন কিছু কম হ’ব। নিবনুৱাৰ কাৰণে দিনটো ভাল। সৰু-সুৰা ভ্রমণ হ’ব পাৰে। বিয়া-বাৰুত বাধা আঁতৰিব। তৃতীয় পক্ষৰ কাৰণে প্ৰেমত অথন্তৰ।
বৃষ: কথা-বতৰাত সতর্ক থাকক। কর্মক্ষেত্ৰত আবেগ নিয়ন্ত্ৰণ কৰক। পাৰিবাৰিক মধ্যম বুলি ক’ব পৰা যায়। ব্যৱসায়ীৰ ভাল। কিন্তু লেনদেনত সতর্ক দৃষ্টি ৰাখক। উচ্চ শিক্ষাত সাফল্য আৰু বিদেশত বিদ্যা লাভৰ সুযোগ লাভ। ঘৰুৱাত মধ্যম।
মিথুন: কৰ্মলাভৰ যোগ থাকিলেও কঠিন প্রতিযোগিতাৰ সন্মুখীন হ’ব লাগিব। ব্যৱসায়ত লোকচান হ’ব পাৰে। স্ত্রীৰ আৰোগ্য লাভ। ভ্রমণত বাধা। দিনটোত লেনদেন কৰা ভাল। প্ৰেমত শুভ। বিবাহৰ যোগ।
কর্কট: শৰীৰ স্বাস্থ্যৰ কাৰণে অলপ চিন্তা থাকিব। সামাজিক কৰ্মত বিৰূপ সমালোচনা হ’ব পাৰে। ভাই-ভনীৰ ভাল আৰু কৰ্মত উন্নতিৰ যোগ. আর্থিকত বেয়া নহ’ব। চুটি ভ্রমণ হ’ব পাৰে। ঘৰুৱাত মজলীয়া। প্ৰেমত ভাল ক’ব পৰা যায়।
সিংহ: ব্যৱসায়ত প্রতিযোগিতা আৰু শত্রু বৃদ্ধি হ’ব পাৰে। সন্তানৰ সাফল্যই আনন্দ দিব। গুৰুজনাৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা আছে। শিক্ষাত বেয়া দেখা নাযায়। তথাপিতো অধ্যয়নত গুৰুত্ব দিব লাগিব। ঘৰুৱাত বৰ ভাল নহ’ব।
কন্যা: চাকৰিয়ালৰ পদোন্নতি হ’ব পাৰে। পৰিয়ালত অশান্তি হ’লেও দাম্পত্যত বুজাপৰা ঠিকেই থাকিব। দিনটোত শাৰীৰিক আঘাত পাব পাৰে। নতুন বন্ধু লাভ হ’ব।
তুলা: কর্মত ভাল। ব্যৱসায়ত উন্নতিৰ যোগ। যানবাহন ক্ৰয় কৰিব পাৰে। অলপ ঘৰুৱা অশান্তি হ’ব পাৰে। নিজৰ স্বাস্থ্য সিমান বেয়া নহ’ব। কিন্তু গুৰুজনাৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক।
বৃশ্চিক: আর্থিকত ভাল দেখা নাযায়। ভুলৰ কাৰণে ব্যৱসায়ত অধিক আর্থিক ক্ষতি হ’ব পাৰে। নিবনুৱাৰ কাৰণে দিনটো ভাল ক’ব পৰা যায়। উচ্চ শিক্ষাত বাধাৰ মাজেৰে অগ্রগতি লাভ।
ধনুঃ সন্তানৰ কাৰণে চিন্তা থাকিব। কিবা কাৰণত মানসিক চাপ বৃদ্ধি হ’ব। পুৰৰ্ণা বেমাৰে আমনি দিব পাৰে। ভ্ৰমণত কষ্ট হ’ব পাৰে। পঢ়া-শুনাত বেয়া নহ’ব। বাধা-বিঘিনিৰ মাজত আর্থিক উন্নতিৰ যোগ।
মকৰ : বন্ধুৰ স’তে ভুল বুজাবুজি আৰু মতান্তৰ হ’ব পাৰে। চাকৰিয়ালৰ সম্ভাব্য ক্ষেত্রত বদলি হ’ব পাৰে। সন্তানৰ কৰ্মলাভৰ যোগ দেখা যায়।
কুম্ভ: ৰাগ, খং, জেদভাৱে আপোনাৰ ক্ষতি কৰিব পাৰে। কর্মক্ষেত্রত ভাল-বেয়াৰ মাজত দিনটো পাৰ হ’ব। আর্থিকত সিমান বেয়া নহ’ব। প্রয়োজনত খৰচ কৰিব পাৰিব।
মীন: বিনা কাৰণত আইন আদালতত জড়িত হ’ব পাৰে। ভ্রমণ সম্ভাৱনা আছে। কোনো নিকটাত্মীয়ৰ পৰা মনত আঘাত পাব পাৰে। ব্যৱসায়ত বাধা নাই। উপার্জন বৃদ্ধি পাব। প্রেমত ভাল নহ’ব।
ADVERTISEMENT






























