Zubeen Garg: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ঠিক এবছৰ পূৰ্বে, বুধবাৰে পুৱাই কাহিলীপাৰাৰ বাসগৃহৰ পৰা ওলাই গৈছিল জুবিন গাৰ্গ। সেই যাত্ৰা যে তেওঁৰ জীৱনৰ শেষ যাত্ৰা হৈ পৰিব, সেয়া সেই সময়ত কোনেও কল্পনাও কৰা নাছিল। শুকুৰবাৰে বিয়লি প্ৰায় তিনি বজাত আহিছিল সেই অবিশ্বাস্য খবৰ—জুবিন গাৰ্গ আৰু নাই।
২০২৫ চনৰ সেই দিনটোৰ পাছত পাৰ হৈ গ’ল এটা বছৰ। কিন্তু কাহিলীপাৰাৰ সেই বাসগৃহ, জোনালীৰ ষ্টুডিঅ’ আৰু খাৰঘুলিৰ নিৰ্মীয়মাণ সপোনৰ ঘৰখনৰ স’তে জড়িত স্মৃতিবোৰ আজিও অনুৰাগীৰ মনত সজীৱ।
বিগত কেবাবছৰ ধৰি পত্নী গৰিমা গাৰ্গৰ স’তে কাহিলীপাৰাৰ ভগদত্তপুৰ পথস্থিত ‘ছিনাৰ্জী ইম্পেৰিয়ল’ আৱাসিক এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ ফ্লেটটোত বাস কৰিছিল জুবিনে। আনহাতে, খাৰঘুলিত নিৰ্মাণ হৈ আছিল তেওঁৰ সপোনৰ ঘৰ।
এক অনুষ্ঠানত খাৰঘুলিকে স্থায়ী ঠিকনা হিচাপে লোৱাৰ কথা জুবিনে ঘোষণা কৰিছিল। কিন্তু সেই ঘৰখনত বাস কৰাৰ সপোন পূৰণ নহ’ল।
ছিংগাপুৰ অভিমুখে যোৱাৰ দিনটোও এতিয়া জুবিনৰ স্মৃতিৰ এক অবিচ্ছেদ্য অংশ। বুধবাৰে কাহিলীপুৱাতে কাহিলীপাৰাৰ ফ্লেটৰ পৰা ওলাই গৈ পুৱা প্ৰায় পাঁচ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ পৰা ছিংগাপুৰলৈ উৰা মাৰিছিল জুবিন। সেই সময়ত তেওঁৰ স’তে নাছিল পত্নী গৰিমা শইকীয়া গাৰ্গ।
জুবিনৰ অসুস্থতাৰ খবৰ লাভ কৰাৰ পাছত গৰিমাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। সন্ধিয়ালৈকে তেওঁৰ আশা আছিল জুবিন উশাহ লৈ আছে আৰু সুস্থ শৰীৰে উভতি আহিব। কিন্তু সেই আশা বাস্তৱ নহ’ল।
মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে কাহিলীপাৰাৰ বাসগৃহৰ সন্মুখত সৃষ্টি হৈছিল অভাৱনীয় পৰিৱেশ।কাহিলীপাৰা-লালগণেশ সংযোগী পথৰ পৰা ফ্লেটলৈ যোৱা প্ৰায় পাঁচশ মিটাৰ পথ অনুৰাগীৰে ভৰি পৰিছিল। কোনোবাই ওপৰলৈ চাই ‘জুবিন দা’ বুলি চিঞৰিছিল, কোনোবাই চকুলো টুকিছিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে ভগদত্তপুৰ পথত যান-বাহন চলাচল বন্ধ কৰিবলগীয়া হৈছিল।
কেৱল কাহিলীপাৰাই নহয়, জোনালীৰ ষ্টুডিঅ’ আৰু খাৰঘুলিৰ নিৰ্মীয়মাণ বাসগৃহৰ চৌহদতো সেই সময়ত ভিৰ কৰিছিল শ শ অনুৰাগীয়ে। প্ৰিয় শিল্পীগৰাকীক এবাৰ চোৱাৰ হেঁপাহেৰে বিভিন্ন শ্ৰেণীৰ লোক উপস্থিত হৈছিল তাত। জোনালীৰ ষ্টুডিঅ’ত থকা জুবিনৰ প্ৰিয় ইছিজু বাহনখনৰ কাষতো দেখা গৈছিল অনুৰাগীৰ ভিৰ।
আৰু সেই সময়ৰ আন এটা দৃশ্যই গভীৰভাৱে স্পৰ্শ কৰিছিল অনুৰাগীৰ মন। জুবিনৰ মৰমৰ কুকুৰকেইটাই তেওঁৰ ইছিজু বাহনখনৰ কাষেৰে অহা-যোৱা কৰি অৱশেষত চোতালত শুই পৰা দৃশ্যৰ ভিডিঅ’ই বহুজনৰ চকু সেমেকাই তুলিছিল।
জুবিনৰ মৃত্যুৰ খবৰক সহজভাৱে মানি ল’ব পৰা নাছিল তেওঁৰ অনুৰাগীসকলে। মহানগৰীৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছিল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ৰাজগড়ৰ ষ্টুডিঅ’ৰ সন্মুখত অনুৰাগীৰ কান্দোন, জোনালীৰ ষ্টুডিঅ’ত হিয়া ঢাকুৰি কান্দি উঠা অনুৰাগীৰ দৃশ্য—সকলোতে আছিল একেটাই আশা, খবৰটো যেন সঁচা নহয়।
সেইদিনা অহা এজাক বৰষুণক লৈও অনুৰাগীৰ মুখত শুনা গৈছিল একেই অনুভৱ—‘আজি আকাশেও কান্দিছে।’
এবছৰ পাছত সেই দিনটোৰ স্মৃতি আকৌ এবাৰ উভতি আহিছে। যিটো ফ্লেটৰ পৰা জুবিনে জীৱনৰ শেষ যাত্ৰাত ওলাই গৈছিল, য’ত তেওঁৰ উভতি অহালৈ অপেক্ষা কৰা হৈছিল, সেই বাসগৃহৰ সৈতে জড়িত প্ৰতিটো স্মৃতিয়েই আজি যেন তেওঁৰ অনুপস্থিতিৰ কথাকে সোঁৱৰাই দিয়ে।
জুবিনৰ নিজৰ গীতৰ সেই পংক্তিৰ দৰেই—‘সোণেৰে সজোৱা পঁজা জহি-খহি যায়, কোনে আজি সাজিবহি পাৰিব দুনাই।’ এটা বছৰ পাৰ হ’ল, কিন্তু সেই সোণেৰে সজোৱা পঁজাটো দুনাই সাজিব নোৱাৰাকৈয়ে অসমবাসীৰ মাজত এৰি গ’ল জুবিনে তেওঁৰ অসংখ্য স্মৃতি।































