ZubeenGargTribute : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ জুবিন গাৰ্গক হেৰুওৱাৰ এটা বছৰ। সময় পাৰ হৈ গ’লেও যেন বিশ্বাস কৰিবলৈ টান লাগে—প্ৰাণৰ শিল্পীগৰাকী আজি শাৰীৰিকভাৱে নাই। জুবিনবিহীন এটা বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোত সামাজিক মাধ্যমৰ ফিড ভৰি পৰিছে তেওঁৰ ছবি আৰু ভিডিঅ’ৰে।
নেটিজেনৰ পৰা আৰম্ভ কৰি অসমীয়া মনোৰঞ্জন উদ্যোগৰ তাৰকালৈকে সকলোৱে নিজ নিজ ধৰণে সোঁৱৰিছে প্ৰিয় শিল্পীগৰাকীক।
সামাজিক মাধ্যমত গীতৰ কলিৰে জুবিনক সোঁৱৰিলে দীপলিনা ডেকাই। তেওঁ লিখিছে, “তুমি নাই, অথচ তুমি সকলোতে আছা। সময় সলনি হ’ব, ঋতু সলনি হ’ব, পৃথিৱীও সলনি হ’ব…মাথোঁ জুবিন গাৰ্গ থাকি যাব, যুগে যুগে, যুগান্তৰলৈ।”
আনহাতে, নীলোৎপল বৰাই জুবিনবিহীন পাৰ হোৱা এবছৰটোক নিজৰ অনুভৱেৰে সুঁৱৰিছে। তেওঁ লিখিছে, “জীৱনৰ আটাইতকৈ খৰকৈ পাৰ হৈ যোৱা বছৰটো, হাবাথুৰি খাই থকা বছৰটো, কেৱল পিছলৈ চাই খোজকাঢ়ি গৈ থকা বছৰটো, দুখ সুখ একো বুজি নোপোৱা বছৰটো, নিমাত এন্ধাৰক পোহৰৰ কথা সুধি থকা বছৰটো…”
জুবিনৰ চৰিত্ৰ ৰূপায়ণে অসমবাসীৰ প্ৰশংসা লাভ কৰা অভিনেতা পাৰ্থ প্ৰতিম হাজৰিকাই শ্বেয়াৰ কৰিছে এটা ভিডিঅ’। জুবিনে কোনো অনুষ্ঠানত পৰিৱেশন কৰিবলৈ গ’লে সৃষ্টি হোৱা পৰিৱেশৰ ছবিখনেই ভিডিঅ’টোৰ জৰিয়তে তুলি ধৰিবলৈ চেষ্টা কৰিছে তেওঁ। ভিডিঅ’টোৰ সৈতে পাৰ্থই লিখিছে—“সেই হেঁপাহ, সেই বতাহ।”
চলচ্চিত্ৰ নিৰ্মাতা ড০ ববী শৰ্মা বৰুৱায়ো জুবিনক সোঁৱৰণ কৰি সামাজিক মাধ্যমত নিজৰ অনুভৱ প্ৰকাশ কৰিছে। তেওঁ লিখিছে যে জুবিনক হেৰুওৱাৰ এটা বছৰ সম্পূৰ্ণ হ’লেও তেওঁ শাৰীৰিকভাৱে নাই বুলি এতিয়াও বিশ্বাস কৰিবলৈ কঠিন লাগে। জুবিনৰ কণ্ঠ, গান, সৃষ্টি আৰু স্মৃতিৰ মাজেৰে তেওঁ সদায় জীয়াই থাকিব বুলি উল্লেখ কৰি ববী শৰ্মা বৰুৱাই কয় যে জুবিনৰ গান কেৱল গান নাছিল, সেইবোৰ আছিল অনুভৱ, ভালপোৱা, মাটি আৰু জীৱনৰ অংশ। জুবিনক হেৰুওৱাৰ শূন্যতা কেতিয়াও পূৰণ নহ’ব বুলিও তেওঁ উল্লেখ কৰে।
জনপ্ৰিয় সংগীতশিল্পী তৰালি শৰ্মাৰ সোঁৱৰণীও আবেগিক। জুবিনৰ সৈতে জড়িত বহু স্মৃতি মনত পেলাই তেওঁ লিখিছে ষ্টুডিঅ’ৰ বাহিৰৰ পৰা মাইক্ৰ’ফোনৰ সন্মুখলৈ যোৱাৰ লগে লগে ধুমুহাৰ দৰে হৈ পৰা সেই ল’ৰাটোৰ কথা। সন্মুখত কোনোবাই মন মাৰি থাকিলে হাঁহি আনিবলৈ চেষ্টা কৰা, আনে নোকোৱা কথা মুকলিকৈ কৈ পেলোৱা আৰু অসম বুলিলেই বাউল হৈ পৰা জুবিনক পাহৰিব নোৱাৰাৰ কথাও উল্লেখ কৰিছে তৰালিয়ে।
এনেদৰেই জুবিনবিহীন এটা বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোত সামাজিক মাধ্যমত উজলি উঠিছে প্ৰিয় শিল্পীগৰাকীৰ স’তে জড়িত অসংখ্য স্মৃতি। গীত, ভিডিঅ’, ব্যক্তিগত স্মৃতি আৰু আবেগিক শব্দৰ মাজেৰে অসমীয়া মনোৰঞ্জন জগতৰ শিল্পীসকলেও সোঁৱৰিছে জুবিন গাৰ্গক।































