Zubeen Garg: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ আজি এবছৰ সম্পূৰ্ণ হ’ল। প্ৰাণৰ শিল্পীগৰাকীক সোঁৱৰণ কৰি আজি অসমৰ চুকে-কোণে চলিছে স্মৰণৰ কাৰ্যসূচী। শিল্পীগৰাকীৰ মৃত্যুৰ এবছৰ পূৰ্তিৰ দিনটোত অসংখ্য অনুৰাগীয়ে জুবিনক সোঁৱৰণ কৰিছে।
সোণাপুৰৰ জুবিন ক্ষেত্ৰতো পুৱাৰে পৰা দেখা গৈছে অনুৰাগীৰ লানি-নিচিগা সোঁত। জুবিনৰ শেষ শয়নৰ স্থানত উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীক সোঁৱৰণ কৰিছে অনুৰাগীসকলে।
বিগত এটা বছৰত জুবিনৰ প্ৰতি অসমৰ জনসাধাৰণৰ গভীৰ আৱেগ আৰু সম্পৰ্ক পুনৰ প্ৰতিফলিত হৈছে।
কেৱল অনুৰাগীয়েই নহয়, সমাজ-ৰাজনীতিৰ আগশাৰীৰ একাধিক ব্যক্তিয়েও আজি সোঁৱৰণ কৰিছে জুবিন গাৰ্গক। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰাৰ লগতে জুবিনৰ সমাধিস্থানলৈ যোৱাৰো অনুষ্ঠান ৰাখিছে।
কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনটোত শিল্পীগৰাকীক সোঁৱৰণ কৰে। শোক প্ৰকাশ কৰি তেওঁ জুবিন অসংখ্য লোকৰ হৃদয়ৰ হৃদস্পন্দন হৈ জীয়াই থাকিব বুলি উল্লেখ কৰে।
ইফালে, কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰীকায়ো প্ৰাণৰ শিল্পীগৰাকীক সোঁৱৰণ কৰি কয় যে জুবিনে আমাৰ সকলোৰে মাজত নিজৰ এটা অংশ এৰি থৈ গ’ল।































