Zubeen Garg: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত অসমৰ আপোন কণ্ঠ, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ পৰলোকপ্ৰাপ্তি ঘটিছিল। আজি ১৯ ছেপ্টেম্বৰ ২০২৬ত সম্পূৰ্ণ হ’ল তেওঁৰ মহাপ্ৰয়াণৰ এটা বছৰ। প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনটোত প্ৰাণৰ শিল্পীগৰাকীক সোঁৱৰণ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুৰাগীৰ মাজত দেখা গৈছে আৱেগ আৰু শ্ৰদ্ধা।
জুবিনৰ স্মৃতি সজীৱ কৰি ৰাখিছে সোণাপুৰৰ জুবিন ক্ষেত্ৰও। পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ অনুৰাগীয়ে জুবিন ক্ষেত্ৰত উপস্থিত হৈ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
জুবিন ক্ষেত্ৰত ১৭ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। স্মাৰক অনুষ্ঠানৰ লগতে প্ৰাৰ্থনা সভা, ভাগৱত নাম আৰু ভাওনাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ১৭ ছেপ্টেম্বৰ দিনটো ‘জুবিন দিৱস’ হিচাপে পালন কৰা হৈছে।
এটা বছৰ পাৰ হৈ গ’লেও জুবিনৰ সৃষ্টিৰ উপস্থিতি যেন একেই আছে। মানুহৰ মাজত তেওঁ ভৌতিকভাৱে উপস্থিত নাথাকিলেও গাড়ীৰ স্পীকাৰ, পিয়ানোৰ সুৰ, আড্ডা অথবা পুৰণি প্লেলিষ্টত এতিয়াও গুঞ্জৰিত হৈ আছে তেওঁৰ গান। সুৰ আৰু সৃষ্টিৰ মাজেৰে প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি আজিও মানুহৰ মাজত জীয়াই আছে।
এই এটা বছৰত অসমে কেৱল এগৰাকী শিল্পীকেই হেৰুওৱা নাই, অনুৰাগীৰ অনুভৱত হেৰুৱাইছে নিজৰ হৃদয়ৰ এটি স্পন্দন। সেইবাবেই প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনটোত ৰাজ্যজুৰি পুনৰ এবাৰ সোঁৱৰণ কৰা হৈছে জুবিনক।































