Zubeen Garg: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : এটা বছৰ পূৰ্বে থমকি ৰৈছিল অসমৰ সংগীতজগত। ৫২ বছৰ বয়সতে বিদায় মাগিছিল অসমৰ লাখ লাখ মানুহৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। কিন্তু তেওঁৰ কণ্ঠ থমকি ৰোৱা নাই। পুৰণি গীতৰ পৰা নতুন প্ৰজন্মৰ প্লেলিষ্টলৈ, মঞ্চৰ স্মৃতিৰ পৰা মানুহৰ ব্যক্তিগত অনুভৱলৈ—জুবিনৰ সৃষ্টিৰ উপস্থিতি আজিও একেই।
‘Humming King’ হিচাপে পৰিচিত জুবিনৰ পৰিচয় অৱশ্যে কেৱল এগৰাকী কণ্ঠশিল্পীত সীমাবদ্ধ নাছিল। গায়ক, গীতিকাৰ, সংগীত পৰিচালক, বাদ্যযন্ত্ৰী, অভিনেতা, ছবি পৰিচালক আৰু নাট পৰিচালক—বহু পৰিচয়েৰে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰত নিজৰ সুকীয়া স্থান গঢ়ি তুলিছিল তেওঁ।
‘অনামিকা’ৰ পৰা আৰম্ভ হৈছিল যাত্ৰা
১৯৯২ চনত বি বৰুৱা কলেজত অধ্যয়ন কৰি থকা সময়তে জুবিনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত পশ্চিমীয়া সংগীতত স্বৰ্ণপদক লাভ কৰে। সেই সময়তে পেছাদাৰী সংগীতৰ ক্ষেত্ৰতো প্ৰৱেশ ঘটে তেওঁৰ।
একেটা বছৰতে মুক্তি পোৱা ‘অনামিকা’ এলবামে লাভ কৰে ব্যাপক জনপ্ৰিয়তা। তাৰ পাছত ‘সপোনৰ সুৰ’, ‘জোনাকী মন’, ‘মায়া’, ‘আশা’ আদি এলবামেও শ্ৰোতাৰ মাজত সমাদৰ লাভ কৰে। অৱশ্যে জুবিনৰ কণ্ঠত প্ৰথমে বাণীবদ্ধ হোৱা গীত ‘বীতু’ এলবামৰ বাবে আছিল আৰু সেই এলবামটো ১৯৯৩ চনত মুক্তি লাভ কৰিছিল।
‘তুমি জানো পাৰিবা সোণ’ আৰু ‘তুমি জোনাকী সুবাস’ৰ দৰে গীতে জুবিনৰ কণ্ঠক আৰু অধিক জনপ্ৰিয় কৰি তুলিছিল।
সংগীতৰ শিক্ষা পৰিয়ালৰ পৰাই
জুবিনৰ সংগীতৰ সৈতে সম্পৰ্ক অতি কম বয়সতে গঢ় লৈ উঠিছিল। তেওঁৰ মাতৃ আছিল শাস্ত্ৰীয় সংগীতশিল্পী আৰু পিতৃ মোহিনী মোহন বৰঠাকুৰ আছিল গীতিকাৰ। তিনি বছৰ বয়সৰ পৰাই সংগীতৰ প্ৰতি আকৰ্ষিত হোৱা জুবিনে মাতৃৰ পৰাই লাভ কৰিছিল সংগীতৰ প্ৰথম শিক্ষা।
সংগীতজ্ঞ জুবিন মেহতাৰ অনুপ্ৰেৰণাত পিতৃ-মাতৃয়ে তেওঁৰ নাম ৰাখিছিল ‘জুবিন’। পৰৱৰ্তী সময়ত বৰঠাকুৰৰ পৰিৱৰ্তে নিজৰ গোত্ৰ অনুসৰি ‘গাৰ্গ’ উপাধি ব্যৱহাৰ কৰিবলৈ লয় তেওঁ।
পণ্ডিত ববিন বেনাৰ্জীৰ তত্ত্বাৱধানত ১১ বছৰ তবলা বাদনৰ প্ৰশিক্ষণ লোৱাৰ লগতে গুৰু ৰমনী ৰায়ৰ পৰা অসমীয়া লোকসংগীতৰ সৈতেও পৰিচিত হৈছিল। গীটাৰ, ড্ৰাম, হাৰমনিয়াম, খোলকে ধৰি প্ৰায় ১২ বিধ বাদ্যযন্ত্ৰ বজাব পৰা দক্ষতাও আছিল তেওঁৰ।
বলিউদলৈ যাত্ৰা, ‘ইয়া আলি’ৰ
পৰা দেশজোৰা পৰিচিতি
অসমৰ সংগীতজগতত নিজা স্থান গঢ়াৰ পাছত ১৯৯৫ চনত বলিউদত প্ৰতিষ্ঠা লাভৰ লক্ষ্যৰে মুম্বাইলৈ যায় জুবিন। ১৯৯৫ৰ পৰা ২০১৩লৈ বলিউদৰ কেবাখনো ছবিত কণ্ঠদান কৰে তেওঁ।
‘গন্দাৰ’ আছিল তেওঁ কণ্ঠদান কৰা প্ৰথম বলিউদী ছবি। ইয়াৰ পাছত ‘দিল ছে’, ‘ডলি সাজা কে বেখনা’, ‘কাঁটে’কে ধৰি কেইবাখনো ছবিত কণ্ঠদান কৰে। কিন্তু ‘গেংষ্টাৰ’ ছবিৰ ‘ইয়া আলি’ গীতটোৱে জুবিনক সমগ্ৰ দেশতে বিশেষ পৰিচিতি প্ৰদান কৰে।
২০০৬ চনত এই গীতৰ বাবে জুবিনে গ’ল্ডেন ইণ্ডিয়ান ফিল্ম এৱাৰ্ডছৰ বৰ্ষশ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰে। বাংলা ছবিৰ ক্ষেত্ৰতো তেওঁ কণ্ঠদান আৰু সংগীত পৰিচালনা কৰিছিল। ‘শুধু তুমি’ ছবিৰ সংগীত পৰিচালনাৰ বাবে ২০০৫ চনত বেংগল ফিল্ম জাৰ্নেলিষ্ট এৱাৰ্ড লাভ কৰাৰ লগতে কলাকাৰ বঁটাও লাভ কৰিছিল। ২০০৬ চনত লাভ কৰে ষ্টাৰডাষ্ট এৱাৰ্ড। ২০০৫ চনতে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰে।
কণ্ঠৰ লগতে অভিনয় আৰু পৰিচালনাতো নিজা ছাপ
জুবিনে সংগীতৰ বাহিৰেও অভিনয় আৰু পৰিচালনাৰ ক্ষেত্ৰত নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল। ২০০৬-০৭ বৰ্ষত আৱাহন থিয়েটাৰত তেওঁ পৰিচালনা কৰা ‘নাচ ময়ুৰী নাচ’ সংগীতপ্ৰধান নাটখনে জনপ্ৰিয়তা লাভ কৰিছিল।
‘হিয়া দিয়া নিয়া’ আছিল তেওঁৰ সংগীত পৰিচালিত প্ৰথম ছবি। ইয়াৰ পাছত ‘তুমি মোৰ মাথোঁ মোৰ’, ‘দাগ’, ‘নায়ক’ আদিকে ধৰি বহু অসমীয়া ছবিত সংগীত পৰিচালনা কৰে।
অভিনেতা হিচাপে ‘মন যায়’, ‘দীনবন্ধু’, ‘মিছন চাইনা’ আৰু ‘চিকাৰ’ আদিৰ জৰিয়তে দৰ্শকৰ মনত সাঁচ বহুৱায়। ‘ৰৈ ৰৈ বিনালে’ ছবিখনো তেওঁৰ অভিনয়ৰ সৈতে জড়িত। আনহাতে, প্ৰখ্যাত সাহিত্যিক ভবেন্দ্ৰনাথ শইকীয়াৰ উপন্যাসৰ আধাৰত ‘জুলু’ নামৰ এটা ম’হক কেন্দ্ৰ কৰি ছবি নিৰ্মাণৰ প্ৰস্তুতিও চলাইছিল।
৩০ হেজাৰৰো অধিক গীতৰ কণ্ঠ
জুবিনৰ সংগীতৰ পৰিসৰ আছিল বিশাল। বিভিন্ন ভাষাত ৩০ হাজাৰৰো অধিক গীতত কণ্ঠদান কৰা জুবিনে পশ্চিমীয়া সংগীতৰ পৰা লোকগীত, টোকাৰী গীত আৰু বিহুগীতলৈকে বিভিন্ন ধাৰাৰ সংগীতক নিজৰ কণ্ঠেৰে জনপ্ৰিয় কৰি তুলিছিল।
প্ৰতিটো বয়সৰ শ্ৰোতাৰ মাজতে তেওঁৰ গ্ৰহণযোগ্যতা আছিল। নৱপ্ৰজন্মৰ মাজত যিদৰে জনপ্ৰিয় আছিল, তেনেদৰে প্ৰাপ্তবয়স্ক শ্ৰোতাৰ মাজতো তেওঁৰ গীত সমানে আদৃত হৈছিল।
বিতৰ্কৰ মাজতো নিজৰ স্থিতিত অটল
জুবিনৰ জীৱন কেৱল জনপ্ৰিয়তাৰ মাজেৰে পাৰ হোৱা নাছিল। বিভিন্ন সময়ত তেওঁৰ মন্তব্য আৰু আচৰণক কেন্দ্ৰ কৰি বিতৰ্কও সৃষ্টি হৈছিল। বহু মন্ত্ৰী-বিধায়কক লৈ কৰা মন্তব্যই চৰ্চা লাভ কৰিছিল। বিহু মঞ্চ বা আন অনুষ্ঠানতো তেওঁৰ কিছুমান বক্তব্যক লৈ বিতৰ্ক হৈছিল।
তথাপি নিজৰ মত প্ৰকাশৰ ক্ষেত্ৰত জুবিন আছিল স্পষ্ট। ধৰ্ম, সমাজ, ৰাজনীতি আৰু বিভিন্ন সামাজিক বিষয়ত নিজৰ স্থিতি ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল। ব্ৰাহ্মণ্যবাদৰ বিৰোধিতা কৰাৰ লগতে তেওঁ কোনো ধৰ্ম নামানে আৰু বিষ্ণুৰাভাক আদৰ্শ হিচাপে মানে বুলি কৈছিল। একেদৰে দুৰ্গাপূজাৰ নৱমীত কামাখ্যা মন্দিৰত চলি অহা ম’হ বলিৰ পৰম্পৰাৰ বিৰুদ্ধেও মাত মাতিছিল।
এই স্পষ্টবাদিতাৰ বাবেই তেওঁ একাধিকবাৰ বৰ্জনৰ সন্মুখীন হৈছিল যদিও সেইবোৰক বিশেষ গুৰুত্ব দিয়া নাছিল। তেওঁৰ বাবে অনুৰাগীয়েই আছিল সকলো।
শিল্পীৰ পৰিচয়ৰ আঁৰত আছিল সামাজিক দায়বদ্ধতাও
জুবিনৰ জীৱনৰ আন এক উল্লেখযোগ্য দিশ আছিল সমাজৰ প্ৰতি থকা দায়বদ্ধতা। ক’ভিড অতিমাৰীৰ সময়ত গুৱাহাটীৰ নিজৰ দুমহলীয়া ঘৰটো ক’ভিড কেয়াৰ চেণ্টাৰত পৰিণত কৰি ৰোগাক্ৰান্ত লোকক সহায় কৰিছিল।
তেওঁ প্ৰতিষ্ঠা কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ জৰিয়তে বানপীড়িত অঞ্চলত ঔষধ আদি বিতৰণ কৰা হৈছিল। বানপীড়িত লোকৰ সাহায্যৰ বাবেও ফুটবল মেচ আয়োজন কৰি ধন সংগ্ৰহ কৰিছিল।
নিজৰ ‘কাঞ্চনজংঘা’ ছবিত এপিএছচি কেলেংকাৰিৰ বিষয় উত্থাপন কৰাৰ লগতে ‘কা’ বিৰোধী আন্দোলনতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। সংগীত অনুষ্ঠানৰ মঞ্চৰ পৰাও তেওঁ এই আইনৰ বিৰোধিতা কৰিছিল।
জুবিনৰ বাবে সংগীত আছিল সীমাহীন
জুবিনৰ এই যাত্ৰা আচলতে সহজ নাছিল। প্ৰথম অৱস্থাত বাদ্যযন্ত্ৰী হিচাপে প্ৰতিষ্ঠা লাভৰ চেষ্টা কৰিছিল তেওঁ। ঘনিষ্ঠ বন্ধুৰ সহযোগত ‘অনামিকা’ এলবাম উলিয়াই সেই কেছেট বিক্ৰী কৰিবলৈ অসমজুৰি ঘূৰি ফুৰিছিল। সেই সময়তে জখলাবন্ধাৰ এজন কেছেট ব্যৱসায়ীৰ জৰিয়তে এগৰাকী সংগীত প্ৰযোজকৰ দৃষ্টিগোচৰ হয় জুবিন।
তাৰ পাছত যি যাত্ৰা আৰম্ভ হৈছিল, সেয়া পৰিণত হৈছিল অসমৰ সংগীতৰ এক দীঘলীয়া অধ্যায়লৈ।
৫২ বছৰতে থমকি ৰ’ল যাত্ৰা
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিনৰ মহাপ্ৰয়াণ ঘটে। নৰ্থ-ইষ্ট ফেষ্টিভেলত সংগীত পৰিৱেশনৰ বাবে ছিংগাপুৰলৈ যোৱা জুবিন স্কুবা ডাইভিঙলৈ যোৱাৰ সময়ত শ্বাস-প্ৰশ্বাসজনিত সমস্যাত অসুস্থ হৈ সাগৰৰ পানীত পৰি যায়। ছিংগাপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰি এখন বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰায় যদিও আইচিইউত চিকিৎসাধীন অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত সৃষ্টি হয় এক অপূৰণীয় শূন্যতা।
এটা বছৰ পাৰ হৈ গ’ল। কিন্তু জুবিনৰ কণ্ঠৰ সেই ধুমুহা যেন থমকি ৰোৱা নাই। প্ৰজন্মৰ পাছত প্ৰজন্ম তেওঁৰ গীত শুনি থাকিব, তেওঁৰ সৃষ্টি নতুনকৈ আৱিষ্কাৰ কৰি থাকিব। এগৰাকী শিল্পীৰ জীৱন শেষ হ’ব পাৰে, কিন্তু তেওঁৰ সৃষ্টিৰ যাত্ৰা থমকি নৰয়।
জুবিন গাৰ্গ সেয়ে কেৱল এটা নাম নহয়—অসমীয়া সংগীত আৰু সংস্কৃতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ ৰোৱা এটা দীঘলীয়া অধ্যায়।






























