Zubeen Garg: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: জুবিনবিহীন এটা বছৰ। সময় পাৰ হৈ গৈছে, পাৰ হৈ গ’ল এটা সম্পূৰ্ণ বছৰ। কিন্তু এতিয়াও যেন জুবিনৰ অনুপস্থিতি মানি ল’ব পৰা নাই তেওঁৰ অগণন অনুৰাগীয়ে। মনত এতিয়াও একেই আশা—এবাৰ যেন উভতি আহে জুবিন দা, আকৌ এবাৰ যেন শুনিব সেই চিনাকি কণ্ঠ।
বিগত ১৭, ১৮ আৰু ১৯ ছেপ্টেম্বৰত জুবিনক্ষেত্ৰত দেখা গ’ল অজস্ৰ গুণমুগ্ধৰ ভিৰ। দূৰ-দূৰণিৰ পৰা আহি জুবিনৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধা প্ৰকাশ কৰিলে অনুৰাগীয়ে। কাৰোবাৰ কণ্ঠত জুবিনৰ গান, কাৰোবাৰ মুখত ‘মায়াবিনী’—মুঠতে তিনিওটা দিনতে যেন চাৰিওফালে বিয়পি আছিল জুবিনৰেই উপস্থিতি।
জুবিনক্ষেত্ৰৰ পৰিৱেশত প্ৰতিটো মুহূৰ্ততে অনুভৱ হৈছিল প্ৰিয় শিল্পীগৰাকীৰ স্মৃতি। কোনোবাই গান গাইছিল, কোনোবাই তেওঁৰ গান শুনি স্মৃতিত ডুব গৈছিল। জুবিনৰ স’তে জড়িত গান, স্মৃতি আৰু অনুভূতিবোৰে যেন অনুৰাগীৰ মাজত পুনৰ এবাৰ জীয়াই তুলিছিল তেওঁক।
কিন্তু এই স্মৃতিৰ মাজতো আছিল গভীৰ বেদনা। জুবিনক বিচাৰি হাবাথুৰি খাইছিল বহু অনুৰাগী। চকুৰ পানী ধৰি ৰাখিব পৰা নাছিল বহুতে। আপোন শিল্পীগৰাকীৰ অনুপস্থিতিৰ বাস্তৱতাই যেন মুহূৰ্ততে ভাঙি পেলাইছিল তেওঁলোকক। চকুত চকুলো আৰু বুকুত একেই শূন্যতা ‘জুবিন দা’ক বিচাৰি যেন ব্যাকুল হৈ পৰিছিল অনুৰাগীৰ মন।
কোনোবাই কান্দি কান্দি জুবিনক বিচাৰিছিল, কোনোবাই আকৌ চিঞৰি চিঞৰি মাতিছিল ‘জুবিন দা, ঘূৰি আহা।’ সেই আহ্বানত আছিল প্ৰিয় শিল্পীগৰাকীক হেৰুৱাৰ দুখ, আছিল তেওঁক এবাৰ আকৌ দেখা পোৱাৰ এক অপূৰ্ণ আকাংক্ষা। সময় পাৰ হৈ গ’লেও জুবিনৰ প্ৰতি থকা অনুৰাগীৰ এই টান যেন অলপো কমা নাই।
এটা বছৰ পাৰ হৈ গ’লেও অনুৰাগীৰ বাবে জুবিন কেৱল অতীতৰ স্মৃতি হৈ পৰা নাই। তেওঁৰ গানৰ মাজেৰে, তেওঁৰ স’তে জড়িত স্মৃতিৰ মাজেৰে এতিয়াও তেওঁলোকৰ মাজত জুবিন জীয়াই আছে। সেয়ে জুবিনক্ষেত্ৰত সমবেত হোৱা , হেজাৰ হেজাৰ গুণমুগ্ধৰ মাজত দেখা গ’ল একেই অনুভৱ—জুবিন নাই, কিন্তু জুবিনময় হৈ আছে চাৰিওফাল।
১৭, ১৮ আৰু ১৯ ছেপ্টেম্বৰৰ জুবিনক্ষেত্ৰৰ সেই দৃশ্যই যেন পুনৰ দেখুৱাই গ’ল, অনুৰাগীৰ হৃদয়ত জুবিনৰ স্থান কিমান গভীৰ। কোনোবাই গান গাই তেওঁক সুঁৱৰিলে, কোনোবাই ‘মায়াবিনী’ৰ মাজেৰে তেওঁক বিচাৰিলে, আন কোনোবাই আকৌ চকুৰ পানীৰে ক’লে সেই একেটাই কথা‘জুবিন দা, ঘূৰি আহা।’
এটা বছৰ পাৰ হৈ গ’ল। কিন্তু অনুৰাগীৰ মনত জুবিনৰ বাবে অপেক্ষা যেন এতিয়াও শেষ হোৱা নাই। গানৰ প্ৰতিটো সুৰত, স্মৃতিৰ প্ৰতিটো পলত আৰু অনুৰাগীৰ হৃদয়ত এতিয়াও একেইদৰে বাজি আছে প্ৰাণৰ শিল্পীগৰাকীৰ নাম।































