USIndiaTrade:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অৱশেষত মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে স্বাক্ষৰ কৰিলে ৰাছিয়াৰ পৰা তেল ক্ৰয় প্ৰতিৰোধৰ বিধেয়কত। ইয়াৰ লগে লগে ভাৰততো উদ্বিগ্নতাৰ সৃষ্টি হৈছে যদিও নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে কোনো কাৰণতে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ নকৰে।
উল্লেখ্য যে যোৱা বুধবাৰে এই বিধেয়ক মার্কিন সংসদৰ নিম্ন সদন হাউছ অৱ ৰিপ্রেজেন্টিভত গৃহীত হয়। সেই সূত্রে বিধেয়কখন ৰাষ্ট্ৰপতিলৈ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰা হয়। ইয়াৰ ভিত্তিত সম্প্রতি বিধেয়কখনত ৰাষ্ট্ৰপতি ট্রাম্পে স্বাক্ষৰ কৰিছে। উল্লেখ্য যে ৰাছিয়াৰ পৰা তেল ক্ৰয় প্ৰতিৰোধৰ উদ্দেশ্যে এই বিধেয়কত এশ শতাংশ শুল্ক আৰোপৰ ব্যৱস্থা আছে।
অৱশ্যে এই শুল্কৰ পৰিমাণ ৰাছিয়াৰ ক্ষেত্ৰত পাঁচশ শতাংশ হৈছে। ইয়াৰ বিপৰীতে চীন, ভাৰত আদি কমেও ১১ খন দেশৰ সামগ্ৰীৰ ওপৰত এশ শতাংশ শুল্ক নতুনকৈ আৰোপ হৈছে। অর্থাৎ এতিয়াৰে পৰা আমেৰিকালৈ ভাৰতে ৰপ্তানি কৰা বিভিন্ন সামগ্রীত মুঠ ১১২ শতাংশ শুল্ক আৰোপ হ’ব।
কাৰণ পূৰ্বৰে পৰা ভাৰতীয় সামগ্ৰীত প্রায় ১২ শতাংশ মার্কিন শুল্ক আৰোপ হৈ আছে।কি ক্ষতি হ’ব পাৰে ভাৰতীয় অৰ্থনীতিৰ?
সম্প্রতি মার্কিন বজাৰত ভাৰতীয় সামগ্ৰীৰ ওপৰত ১২ শতাংশৰ ওচৰা-উচৰি শুল্ক আৰোপ হৈ আছে। যদিহে ট্রাম্পৰ এই নতুন এশ শতাংশ শুল্ক প্রযোজ্য হয় তেতিয়া মার্কিন বজাৰত ভাৰতীয় সামগ্ৰীত শুল্কৰ পৰিমাণ ১১২ শতাংশলৈ বৃদ্ধি পাই বয়-বস্তুৰ মূল্য একে সময়তে বহুগুণে বৃদ্ধি পোৱাৰ সম্ভাৱনা প্রৱল।
স্বাভাৱিকতে এনে অৱস্থাত মার্কিন বজাৰত ভাৰতীয় সামগ্ৰীৰ চাহিদা তীব্ৰ হাৰত হ্ৰাসৰ আশংকা আছে। যদি সেয়াই হয় তেন্তে স্বাভাৱিকতে ভাৰতীয় অর্থনীতি ক্ষতিগ্রস্ত হোৱাৰ আশংকা আছে।
কেৱল সেয়াই নহয় ভাৰত-মার্কিন বাণিজ্য চুক্তিৰ ওপৰতো ইয়াৰ বিৰূপ প্রভাৱ পৰিব পাৰে। আনকি দুই দেশৰ সম্পৰ্কৰো অৱনতি ঘটাৰ আশংকা আছে।
এনে অৱস্থাতে নতুন দিল্লীয়ে প্ৰকাশ কৰিছে যে মার্কিন প্রশাসনে এই বিধেয়ক গ্ৰহণ কৰা কাৰ্যৰ প্ৰতি দৃষ্টি ৰখা হৈছে। দেশৰ বৈদেশিক মন্ত্রণালয়ে স্পষ্ট কৰি দিছে যে কোনো কাৰণতে ট্রাম্পৰ ওচৰত নতি স্বীকাৰ কৰি ৰাছিয়াৰ পৰা তেল ক্রয় বন্ধ কৰা নহয়।
উল্লেখ্য যে ট্রাম্পে দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ কৰাৰ পাছতে ভাৰতীয় সামগ্ৰীত ৫০ শতাংশ শুল্ক আৰোপ কৰাত একাংশ ভাৰতীয় ৰপ্তানিকাৰী ক্ষতিগ্রস্ত হৈছিল। গতিকে এইবাৰো ট্রাম্পৰ শুল্কই ভাৰতৰ ৰপ্তানিসকলক ক্ষতিগ্রস্ত কৰাৰ আশংকা কৰিছে বিশেষজ্ঞসকলে।
স্বাভাৱিকতে এই ক্ষতি পূর্বতকৈ অধিক হোৱাৰ আশংকা আছে। কাৰণ এইবাৰ শুল্কৰ পৰিমাণ যোৱাবাৰৰ তুলনাত দুগুণ হৈছে। লক্ষ্যণীয়ভাবে অৱশ্যে যোৱাবাৰৰ শুল্ক দেশখনৰ উচ্চতম ন্যায়ালয়ে বাতিল কৰি ভাৰতসহ বিভিন্ন দেশক বৃহৎ সকাহ দিছিল। এইবাৰ উচ্চতম ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰিব পাৰিব নে নোৱাৰে সেয়া স্পষ্ট হোৱা নাই। কাৰণ এইবাৰ এই শুল্ক আৰোপ বিধেয়ক সংসদৰ দ্বাৰা গৃহীত হৈছে।































