ZubeenGarg: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: প্ৰথমটো জুবিন দিৱস। আৰু এই প্ৰথমটো দিনতেই জুবিনক্ষেত্ৰত সৃষ্টি হ’ল এনে এক দৃশ্য, যি পূৰ্বতে দেখিবলৈ পোৱা নাই। পোহৰৰ পৰা নিশাৰ গভীৰতালৈ,সময় বাগৰিল, কিন্তু নকমিল জুবিনপ্ৰেমীৰ ভিৰ। জুবিনক্ষেত্ৰত লানি নিচিগাকৈ চলি থাকিল অনুৰাগীৰ সোঁত।
দিনটোৰ ব্যস্ততা পাৰ হৈ সন্ধিয়া নামিল। তাৰ পাছতো শূন্য নহ’ল জুবিনক্ষেত্ৰ। বৰং নিশা গভীৰ হোৱাৰ লগে লগে অধিক স্পষ্ট হৈ পৰিল জুবিনৰ প্ৰতি অনুৰাগীৰ টান। চৌদিশে কেৱল মানুহ আৰু মানুহ। লোকে লোকাৰণ্য হৈ পৰিল জুবিনক্ষেত্ৰ।
প্ৰথমটো জুবিন দিৱস উপলক্ষে সমবেত হোৱা জুবিনপ্ৰেমীৰ এই উপস্থিতিয়ে যেন সৃষ্টি কৰিলে এক গভীৰ আবেগময় পৰিৱেশ। সময় পাৰ হ’ল , কিন্তু জুবিনক্ষেত্ৰ এৰি যোৱাৰ কোনো তৎপৰতা দেখা নগ’ল বহু অনুৰাগীৰ মাজত। নিশালৈকে একেইদৰে অব্যাহত থাকিল ভিৰ।
অভিশপ্ত ১৯ ছেপ্টেম্বৰৰ দিনটোৰ অন্ত পৰিল, কিন্তু জুবিনপ্ৰেমীৰ বাবে যেন শেষ নহ’ল দিনটো। ওৰে নিশা জুবিনক্ষেত্ৰতেই উজাগৰে কটালে বহু জুবিনপ্ৰেমীয়ে। নিশাৰ নীৰৱতাৰ মাজতো জুবিনক্ষেত্ৰত অনুভৱ কৰা গ’ল অনুৰাগীৰ গভীৰ আবেগ।
প্ৰথমটো জুবিন দিৱসতেই জুবিনক্ষেত্ৰৰ এই দৃশ্যই যেন এক বিশেষ অধ্যায় লিখি গ’ল। পূৰ্বতে নেদেখা সেই দৃশ্যত এফালে আছিল অগণন অনুৰাগীৰ উপস্থিতি, আনফালে আছিল প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি অটুট ভালপোৱা।
নিশা যিমানেই গভীৰ হ’ল, জুবিনক্ষেত্ৰৰ দৃশ্য সিমানেই হৈ পৰিল ব্যতিক্ৰমী। ঘৰলৈ উভতি যোৱাৰ সলনি জুবিনক্ষেত্ৰতেই থাকিল বহু জুবিনপ্ৰেমী। ওৰে নিশা উজাগৰে কটোৱা সেই অনুৰাগীসকলৰ উপস্থিতিয়ে প্ৰথমটো জুবিন দিৱসক কৰি তুলিলে স্মৰণীয়।
এয়া কেৱল এখন ঠাইত মানুহৰ সমাগমৰ দৃশ্য নাছিল। প্ৰথমটো জুবিন দিৱসত জুবিনক্ষেত্ৰত দেখা গ’ল অনুৰাগীৰ সেই গভীৰ টান, যাৰ সন্মুখত সময়েও যেন হাৰ মানিলে।
প্ৰথমটো জুবিন দিৱসৰ সেই নিশাই সোঁৱৰাই দিলে—জুবিনৰ নাম উচ্চাৰিত হোৱা ঠাইত এতিয়াও একত্ৰিত হয় অগণন হৃদয়। আৰু সেই হৃদয়বোৰৰ উপস্থিতিৰেই প্ৰথমটো জুবিন দিৱসে ৰচনা কৰিলে এক স্মৰণীয় অধ্যায়।
শনিবাৰে জুবিন দিৱসৰ অন্তিমটো দিন । এই দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি জুবিন ক্ষেত্ৰত উপস্থিত হ’ল পাঁচ লাখতকৈও অধিক লোক । সকলোৱে নিজৰ কামৰ পৰা সময় উলিয়াই চাব আহিলে প্ৰাণৰ শিল্পীগৰাকীক।































