Japan : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: এক অনাকাংক্ষিত জটিল জনগাঁথনিগত সংকটৰ দিশে দ্রুততৰে ধাৱমান হৈছে জাপান। দ্বীপ ৰাষ্ট্ৰখনত কম বয়সীয়া লোকৰ তুলনাত বয়স্ক ব্যক্তিৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ফলত অচিৰে দেশখনত কর্মক্ষম লোকৰ প্রচণ্ড নাটনিয়ে দেখা দিয়াৰ আশংকা প্ৰৱল হৈছে।
শেহতীয়াভাৱে জাপানৰ স্বাস্থ্য, শ্রম আৰু কল্যাণ মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি চলিত বর্ষত দেশখনত শতবর্ষ পাৰ হোৱা লোকৰ সংখ্যা লক্ষাধিক হৈছে। আনকি এটা বছৰতে দেশখনত শতবর্ষ অতিক্ৰম কৰা লোকৰ সংখ্যা ৭,৯১৪ জন হয়। ফলত সম্প্রতি দেশখনত শতবর্ষ অতিক্ৰম কৰা লোকৰ সংখ্যা ১,০৭,৬৭৭ জন হৈছে।
উল্লেখ্য যে সমগ্র বিশ্বৰ ভিতৰতে জাপানীসকল অন্যতম সর্বাধিক আয়ুসৰ গৰাকী। এই দিশৰ পৰা দেশখন সৌভাগ্যবান বিবেচিত হ’লেও কম বয়সীয়া লোকৰ সংখ্যা হ্রাসে উদ্বেগৰ সৃষ্টি কৰিছে। জাপানী স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুসৰি দেশখনত একেৰাহে ৫৬ বছৰৰ বাবে দেশখনত শতবর্ষ গৰকা লোকৰ সংখ্যা বৃদ্ধি পাই আহিছে। বর্তমানে দেশখনৰ লক্ষাধিক শতবর্ষ অতিক্ৰম কৰা লোকৰ প্ৰায় ৮৮ শতাংশ হৈছে মহিলা।
এই সম্পর্কত জাপানৰ স্বাস্থ্যমন্ত্রী কেনিচিৰ’ উনেওৱে কয়, ‘মই অতিশয় সুখী হৈছো যে বহু লোক দীর্ঘায়ু হৈছে। তেওঁলোকে স্বাস্থ্যবান আৰু সক্রিয় জীৱন-যাপন কৰি আছে।’ মন্ত্ৰীজনৰ এনে ভাষ্যৰ বিপৰীতে দেশখনত বয়স্ক ব্যক্তি আৰু কম বয়সীয়া ব্যক্তিৰ তাৰতম্য গভীৰভাৱে ভাৰসাম্যহীন হৈছে।
অৱশ্যে জাপানৰ বয়স্ক ব্যক্তিসকলেও আর্থিক উন্নয়নৰ প্ৰতি বৰঙণি আগবঢ়াই আহিছে। ইয়াৰ বিপৰীতে দেশখনত সম্প্ৰতি জন্মৰ হাৰ সৰ্বকালৰ সৰ্বনিম্ন হৈছে। এই কথাই দেশখনৰ নীতি-নিৰ্ধাৰকসকলকো উদ্বিগ্ন কৰি ৰাখিছে। কাৰণ কৰ্মক্ষম ব্যক্তিৰ সংখ্যা হ্ৰাসৰ বিপৰীতে বয়স্ক ব্যক্তিৰ সংখ্যা বৃদ্ধি পোৱাত দেশখনে পেন্সন, চিকিৎসা আদিৰ বাবদ বছৰি বৃহৎ অংকৰ ধন ব্যয় কৰিবলগীয়া হৈছে।
শেহতীয়া চৰকাৰী তথ্য অনুসৰি জাপানৰ প্ৰতি ১০ জন বাসিন্দাৰ প্ৰায় তিনিজনেই ৬৫ৰ ঊর্ধ্বৰ বা ততোধিক বয়সৰ। ২০৭০ৰ ভিতৰত এই অনুপাত ৪০ শতাংশলৈ বৃদ্ধিৰ সম্ভাৱনা আছে। তদুপৰি যোৱা বছৰ দেশখনৰ আঠ লক্ষাধিক লোক ৯৫ৰ ঊর্ধ্বৰ হয়। ইয়াৰ বিপৰীতে বছৰটোত মাথোঁ সাত লাখ সন্তানহে জন্ম হয়। গতিকে দেশখনত যে জনসংখ্যা দ্রুত হাৰত বৃদ্ধি পাইছে সেয়া স্পষ্ট হৈছে।
প্ৰাৰম্ভিক লোকপিয়লত পোহৰলৈ অহা অনুসৰি যোৱা বছৰ দেশখনৰ ৪৭ খন প্ৰদেশৰ ৪৫ খনতহে জনসংখ্যা হ্রাস পায়। কেৱল টকিঅ’ আৰু অকিনাৱাতহে জনসংখ্যা বৃদ্ধি পায়। উল্লেখ্য যে ২০০৮ত জাপানৰ জনসংখ্যা ১২ কোটি আঠ লাখ হৈছিল। ইয়াৰ বিপৰীতে ২০১৭ত দেশখনৰ জনসংখ্যা আঠ কোটি সাত লাখলৈ হ্ৰাসৰ আশংকা কৰিছে চৰকাৰে।
আনহাতে, জাপানত কিয় শতবর্ষ অতিক্ৰম কৰা লোকৰ সংখ্যা লক্ষ্যণীয় হাৰত বৃদ্ধি পাইছে তাক লৈয়ো চর্চা অব্যাহত আছে। অৱশ্যে এক বৃহৎ সংখ্যক লোক এনে দীর্ঘ আয়ুস লাভ কৰাৰ মাথোঁ এটা কাৰকৰ ক্রিয়া নোহোৱাটো স্বাভাৱিক। দেশখনৰ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে পৰম্পৰাগত জাপানী খাদ্যই আয়ুস বৃদ্ধিৰ প্ৰতি অৰিহণা যোগাইছে।
পৰম্পৰাগত জাপানী খাদ্যই বৃহৎ পৰিমাণৰ মাছ, শাক-পাচলি আৰু চাউলক সামৰি লয়। জাপানী পৰম্পৰাগত খাদ্যত সংপৃক্ত স্নেহজাতীয় দ্ৰব্যৰ পৰিমাণ তুলনামূলকভাবে কম থাকে। একেদৰে জাপানীসকলৰ মাজত মেদবহুলতাৰ হাৰো তেনেই কম। তদুপৰি দৈনন্দিন সক্রিয় জীৱন যাপনেও জাপানীসকলৰ আয়ুস বৃদ্ধিৰ প্ৰতি অৰিহণা যোগাইছে। ইয়াৰ লগতে দেশখনৰ সার্বজনীন স্বাস্থ্য বীমা ব্যৱস্থাৰ বলতো সকলো জাপানী লোকেই উন্নতমানৰ চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হয়।
এনে কাৰকসমূহৰ ক্রিয়াত বৃহৎ সংখ্যক জাপানী লোকৰ আয়ুস অত্যন্ত দীঘলীয়া বুলি প্রায়ে চর্চা হয়। আনহাতে, জাপানত জনসংখ্যা দ্রুত হ্ৰাসৰ বিভিন্ন কাৰণ চিনাক্ত হৈছে। সমাজ বিজ্ঞানীসকলৰ মতে অধিকাংশ জাপানী লোকেই অধিক বয়সত বিবাহপাশত আবদ্ধ হয়।
এনে বয়সত সন্তান জন্ম দিয়াৰ ক্ষমতা মানুহৰ নোহোৱা হয়। জাপানীসকল অধিক বয়সত বিবাহপাশত আবদ্ধ হোৱাৰ কাৰণ হ’ল চাকৰিৰ ক্ষেত্ৰত থকা অসুৰক্ষা, দৰমহা স্থিৰ হৈ থকা আৰু অধিক সময় কর্মত নিয়োজিত হৈ থাকিবলগীয়া হোৱাটো। এনে অৱস্থাত জাপানী যুৱক-যুৱতীসকলে পলমকৈ বিবাহপাশত আবদ্ধ হোৱাটো অধিক পছন্দ কৰে। একেদৰে চাকৰিত যোগদান কৰা মহিলাৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেও বহুতকে উপযুক্ত বয়সত বিবাহপাশত আবদ্ধ হোৱাৰ প্রতি অনিচ্ছুক কৰি আহিছে।
কাৰণ কর্মজীৱী মহিলাসকলে তুলনামূলকভাৱে কম বয়সতে সন্তান আৰু ঘৰুৱা দায়িত্ব মূৰ পাতি ল’বলৈ নিবিচাৰে। এনে পৰিস্থিতিয়ে জাপানী চৰকাৰকো উদ্বিগ্ন কৰিছে। এই সন্দৰ্ভত দেশখনৰ প্ৰধানমন্ত্ৰী টাকাইচিয়ে কয় যে জনসংখ্যা দ্রুততৰে হ্ৰাস পোৱাটো হৈছে দেশখনৰ অন্যতম প্রধান ৰাষ্ট্ৰীয় প্রত্যাহ্বান। জনসংখ্যাৰ এনে হ্রাসে দেশখনৰ ৰাষ্ট্ৰীয় অর্থনীতিতো অদূৰ ভৱিষ্যতে বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা প্ৰৱল হৈছে। এনে পৰিস্থিতিত জাপানী কোম্পানীসমূহ আন দেশৰ কৰ্মক্ষম লোকক নিযুক্তি দিবলৈ লৈছে।































