ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ভগ্নী আলিমা খানক গ্ৰেপ্তাৰ। ইমৰাণৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফৰ মুখপাত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি দেওবাৰে আৰক্ষীয়ে আলীমাক তেওঁৰ লাহোৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। অৱশ্যে এই বিষয় সন্দৰ্ভত পাকিস্তান আৰক্ষী প্ৰশাসনৰ কোনো আনুষ্ঠানিক বিবৃতি পোৱা নাই।
একাধিক অভিযোগৰ সন্মুখীন হোৱা ইমৰাণ ২০২৩ চনৰ পৰা কাৰাগাৰত বন্দী হৈ আছে।২৭ ছেপ্টেম্বৰ (দেওবাৰ)ত তেওঁক মুক্তিৰ দাবীত দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে পিটিআইয়ে। এই প্ৰতিবাদৰ পূৰ্বে সমগ্ৰ দেশতে দলীয় কৰ্মী আৰু সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে। আলিমাক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে পাকিস্তানী আৰক্ষীয়ে চাৰিজন পিটিআই কৰ্মীক জিম্মাত লৈছিল বুলি খবৰ ওলাইছিল।
২০২৩ চনৰ পৰা ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত বন্দী হৈ থকা ৭৩ বছৰীয়া ইমৰাণ।সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দেওবাৰে পাকিস্তান ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ চিকিৎসকে ইমৰাণৰ চিকিৎসা পৰীক্ষা কৰে।২০১৮ চনৰ ১৮ আগষ্টৰ পৰা ২০২২ চনৰ ১০ এপ্ৰিললৈকে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ইমৰানে পাকিস্তানৰ হৈ ৮৮খন টেষ্ট মেচ আৰু ১৭৫খন ৱান ডে ইণ্টাৰনেশ্যনেল খেলিছিল আৰু তেওঁক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ অল-ৰাউণ্ডাৰ হিচাপে গণ্য কৰা হয়।
ইয়াৰ পূৰ্বে ক্ৰিকেটৰ কিংবদন্তি সুনীল গাভাস্কাৰ, কপিল দেৱ, ক্লাইভ লয়ডে পাকিস্তান চৰকাৰলৈ পত্ৰ লিখি ইমৰানক পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰিবলৈ দাবী জনাইছিল। জাভেদ মিয়ান্দদ, ৰমিজ ৰাজা, মইন খানকে ধৰি প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰসকলেও তেওঁলোকৰ প্ৰাক্তন অধিনায়কক মুকলি কৰি দিবলৈ আহ্বান জনাইছে। বৰ্তমানৰ ক্ৰিকেটাৰসকলৰ ভিতৰত পেট কামিন্সে পাকিস্তানৰ বিশ্বকাপ বিজয়ী অধিনায়কৰ সৈতে মানৱীয় ব্যৱহাৰৰ আহ্বান জনাইছে। ক্ৰিকেট সমাজে ক্ৰমাৎ ইমৰাণৰ সমৰ্থনত মাত মাতিছে।




































