Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 

    সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 

    এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

publisher by publisher
September 21, 2026
in Assam, News
Reading Time: 1 min read
0
তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

দিনটোৰ ৰাশিফল

Tezpur: প্রকৃতিপ্রদত্ত শোভাৰে মনোৰম তেজপুৰ চহৰৰ সৌন্দৰ্যক অনন্য মাত্রা প্রদান কৰা ইয়াৰ প্ৰাকৃতিক জলভাণ্ডাৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধন কৰি নিৰ্মাণ কৰা ‘পদুম পুখুৰী পার্ক’ৰ মেৰামতি তথা পুনৰ নিৰ্মাণৰ আঁচনি প্রায় এবছৰ পূৰ্বে ৰূপায়ণ কৰিছিল ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উত্তৰ অসম সংমণ্ডলে। সংমণ্ডলটোৰ কাৰ্যবাহী অভিযন্তা ঋতুপর্ণ ভট্টাচাৰ্যৰ তত্ত্বাৱধানত ৰূপায়িত সাত কোটি ২৩ লাখ ১১ হেজাৰ ৯৫ টকা ব্যয়সাপেক্ষ এই আঁচনিত সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰি।

ADVERTISEMENT

উল্লেখ্য যে পদুম পুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ উক্ত আঁচনিয়ে সামৰি লোৱা কামসমূহ আছিল-পদুম পুখুৰী পাৰ্কত থকা পানীৰ ফোঁৱাৰাৰ মেৰামতি তথা পুনৰ নিৰ্মাণ, ফল-মূলৰ গছ আৰু আলংকাৰিক বৃক্ষ ৰোপণ, পুখুৰীৰ পাৰৰ খহনীয়া নিয়ন্ত্রণ তথা সুৰক্ষা, চৌহদৰ তাঁৰৰ বেৰ দিয়া, শৌচাগাৰৰ মেৰামতি, চেপ্টিক টেংক নির্মাণ, শিশুৰ খেলৰ সামগ্রী যোগান, ‘আই লাভ তেজপুৰ’ পইন্ট নির্মাণ, বৈদ্যুতিকৰণ ইত্যাদি। অসম চৰকাৰৰ কেবিনেট সভাৰ সিদ্ধান্তৰ ভিত্তিত তেজপুৰৰ বৰপুখুৰীৰ সৌন্দর্যবর্ধনৰ বাবে ‘আৰবান ইনফ্রাকস্ট্রাকচাৰ ডেভেলপ ফাণ্ড’ (এআইইউডিএফ)ৰ পুঁজিৰ পৰা ৰাজ্য চৰকাৰে আবন্টন দিয়া প্রায় ১৫ কোটি টকা ব্যয়সাপেক্ষ বৰপুখুৰী সৌন্দর্যবর্ধন আঁচনিৰ অংশৰূপেই এই ধনৰাশিৰ প্রায় ৫০ শতাংশৰে পদুমপুখুৰীৰ এই আঁচনি ৰূপায়ণ কৰা হৈছিল।

আঁচনি ৰূপায়ণৰ দায়িত্ববাহী বিভাগ একেটাই হোৱাৰ দৰে ঠিকাদাৰো আছিল সেই একেজনেই। নাম সীতাৰাম বাগ্ৰী। চৰজমিন অনুসন্ধানত বৰপুখুৰীৰ দৰেই পদুমপুখুৰী পাৰ্কত ৰূপায়িত এই সাত কোটিটকীয়া আঁচনিতো দৃষ্টিগোচৰ হৈছে বিভাগটোৰ অভিযন্তা আৰু ঠিকাদাৰে চলোৱা ব্যাপক লুণ্ঠনৰ আন এখন ছবি। মন কৰিবলগীয়া যে, পদুম পুখুৰী পাৰ্কত ১৩ লাখ টকা ব্যয় কৰি গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে ঠিকাদাৰ সীতাৰাম বাগ্ৰীৰ জৰিয়তে মেৰামতি তথা পুনৰ নিৰ্মাণ কৰিছে পানীৰ ফোঁৱাৰা।
পদুম পুখুৰীৰ পানীৰে ফোঁৱাৰা চলাব লাগিছিল যদিও নিম্নমানৰ কামৰ বাবে এই ব্যৱস্থা অচল হৈ পৰাত এই ফোঁৱাৰাত এতিয়া তেজপুৰ পৌৰসভাই দিনটোত দুবাৰকৈ পানী যোগান ধৰিব লাগে। দিনটোৰ বেছিখিনি সময় ফোঁৱাৰা বন্ধ হৈ থাকে। কাৰণ ইয়াত ভৰোৱা পানী বেছি সময় নাথাকে। বাহিৰলৈ ওলাই যায়।

অর্থাৎ ১৩ লাখ টকাৰে মেৰামতিৰ পাছতো পানী ফোঁৱাৰাৰ পানী ওলাই যায়। লুণ্ঠনৰ স্বাৰ্থত কাম অতি নিম্নমানৰ হোৱাৰ বাবেই এতিয়া ফোঁৱাৰাৰ এনে দুৰৱস্থা। আঁচনিৰ প্রাককলন অনুসৰি পদুমপুখুৰীৰ খহনীয়া নিয়ন্ত্ৰণ আৰু পাৰৰ সুৰক্ষাৰ বাবে ক্রমে এক কোটি ৬৪ লাখ ২৬ হেজাৰ ৯৭০ টকা আৰু দুই কোটি ৬০ লাখ ৭৯ হেজাৰ ৯৩৫ টকা ব্যয়সাপেক্ষ দুখন আঁচনি ইয়াত ৰূপায়ণ কৰা হৈছে। মুঠ চাৰি কোটি ২৫ লাখ ছহেজাৰ ৯০৫ টকা ব্যয়সাপেক্ষ এই আঁচনিৰ ৰূপায়ণৰ ৰেহৰূপ প্রত্যক্ষ কৰিলেও তবধ মানিবলগীয়া। এই আঁচনি ৰূপায়ণৰ পাছত খহনীয়া প্ৰতিৰোধ ব্যৱস্থাই এতিয়া ব্যাপকভাবে বিভিন্ন স্থানত খহনীয়াৰ কবলত পৰিবলৈ আৰম্ভকৰিছে। যিয়ে আঁচনিখনৰ বিফলতাকে উদঙাই দেখুৱাইছে।

ভিতৰ ফালৰ পৰা হোৱা খহনীয়াই এনে ৰূপ লৈছে যে ভৱিষ্যতে খহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ বাবে ৰূপায়ণ কৰা উক্ত আঁচনিখনৰ খহনীয়াৰ পৰা ৰক্ষা কৰাৰ হেতুকে আন এখন আঁচনি গ্রহণ কৰাৰ প্ৰয়োজনীয়তাই দেখা দিছে। – খহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায়ণত হোৱা কাৰিকৰী গাফিলতি আৰু কামৰ নিম্ন মানেই এনে সম্ভাৱনাৰ সৃষ্টি কৰাটো স্পষ্ট কৰি দিয়ে। অভিযন্তা-ঠিকাদাৰে লুণ্ঠনৰ স্বার্থতে আঁচনিখন এনেভাৱে নিৰ্মাণ কৰিছে যে শিলৰ বান্ধৰ মাজে-মাজে ফাঁক থকাৰ লগতে খহনীয়া প্ৰতিৰোধৰ হেতু দিয়া জিঅ’ ফেব্রিক চিট নিজেই বান্ধৰ পৰা খহি পৰিছে।

তদুপৰি বান্ধৰ কিছু অংশ সম্পূর্ণই নকৰিলে। যাৰ বাবে আঁচনিখনৰ মাজত ফাঁক ৰৈ গৈছে। কাৰিকৰী দক্ষতাৰ অভাৱ আৰু দুর্নীতি-অনিয়মৰ বাবে জিঅ’ ফেব্রিক চিটত বান্ধৰ বহু অংশতে এৰি গৈছে। অৰ্থাৎ চাৰি কোটিৰো অধিক থকা ব্যয়ৰে নিৰ্মাণ কৰা পদুমপুখুৰীৰ খহনীয়া নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ আঁচনিখন গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰ্যবাহী অভিযন্তা ঋতুপর্ণ ভট্টাচার্য, কনিষ্ঠ অভিযন্তা জ্যোর্তিময় নাথ আৰু ঠিকাদাৰ সীতাৰাম বাগ্ৰীৰ দুর্নীতি-লুণ্ঠনৰ বাবে তথৈবচ অৱস্থাৰ ফালে গতি কৰিছে।

পদুম পুখুৰী পাৰ্কত শিশুসকলৰ বাবে থকা পূৰ্বৰ খেলাৰ সামগ্ৰীসমূহ আঁতৰাই ইয়াত গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে আঁচনি অনুসৰি ৩৪ লাখ ২৪ হেজাৰ ৭৮১ টকাৰ খেলৰ কিছু সামগ্ৰী আৰু তিনি আৰু চাৰি আসনযুক্ত ১৫ খন ষ্টীলৰ বেঞ্চ যোগান ধৰিছে। ৩৪ লাখ টকা ব্যয় কৰি বিভাগটোৱে যোগান ধৰা উক্ত আঁচনিখনতো দুর্নীতি সংঘটিত হৈছে।

এই খেলাৰ সামগ্ৰীৰ পৰিমাণৰ বিপৰীতে বিভাগটোৱে ব্যয় কৰা ধনৰ পৰিমাণৰ হিচাপ কৰিলে গড়ে প্রতিবিধ সামগ্রীত হোৱা খৰছৰ পৰিমাণ চকু কপালত তোলাবিধৰ।

ইয়াতেই শেষ হোৱা নাই ঠিকাদাৰ সীতাৰাম বাগ্ৰীৰে মিলি গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰ্যবাহী অভিযন্তা ঋতুপর্ণ ভট্টাচাৰ্য আৰু দায়িত্ববাহী কনিষ্ঠ অভিযন্তা জ্যোতির্ময় নাথে পদুমপুখুৰী পাৰ্কৰ সৌন্দর্যবর্ধন কৰা ছবিখনৰ দুৰ্নীতি-লুণ্ঠনৰ তথ্য। বিভাগটোৱে আঁচনি অনুসৰি বৈদ্যুতিকৰণ শিতানত কিছুমান লাইটৰো ব্যৱস্থা কৰিছিল।

পিছে ছাগলীৰ এৰালৰ খুঁটিৰ দৰে কেতবোৰ খুঁটি পুতি লগোৱা সেই লাইটৰ অৱস্থা এতিয়া জৰাজীৰ্ণ হৈ পৰিছে। আনহাতে, ‘আই লাভতেজপুৰ’ সম্বলিত সৌন্দর্যবর্ধক এটা পইন্ট নির্মাণত বিভাগে ব্যয় হোৱা দেখুৱাইছে তিনি লাখ সাত হেজাৰ ৬৩ টকা। কাম আৰু ধনৰ ব্যয়ত বৃহৎ ব্যৱধান পৰিলক্ষিত হয়।

লক্ষ্যণীয় যে প্রাক্কলন অনুসৰি বৰপুখুৰী আৰু পদুমপুখুৰী পাৰ্কত বিভিন্ন প্ৰকাৰৰ মুঠ ২০৯৫ টা ফলমূল তথা আলংকৰিক গছৰ পুলি ৰোপণ, মাটি ভৰোৱা আৰু ঘাঁহ লগোৱাৰ বাবদ ধাৰ্য কৰা হৈছিল ন লাখ ৮৯ হেজাৰ ২৩৬ টকা। পদুম পুখুৰী পাৰ্কত প্রায় ৫০টা আলংকৰিক গছপুলি লগোৱাৰ বাহিৰে আন গছপুলিসমূহ বৰপুখুৰী আৰু পদুম পুখুৰী তথা দুয়ো ঠাইতে এতিয়াও অদৃশ্য হৈয়েই ৰৈছে। যি আলংকাৰিক গছপুলি আঁচনি অনুসৰি ৰোপণ কৰিছে পদুমপুখুৰীত তাৰ ৰেহ ৰূপ প্রত্যক্ষ কৰিলে দুর্নীতি-লুণ্ঠনৰ ছবিখন স্পষ্ট হৈ পৰে। প্রায় ৫০ টা গছপুলি লগায়েই বিভাগটোৱে ১০ লাখ টকীয়া আঁচনি সম্পন্ন কৰি হাত ধুলে। ইপিনে, যি গছপুলি ৰোপণ কৰিছে সেয়া আলংকৰিক গছৰ পুলি হয় নে নহয়, তাৰো নিশ্চয়তা নাই।

উল্লেখ্য যে বৰপুখুৰীৰ সৌন্দর্যবর্ধনৰ নামত সংঘটিত দুর্নীতি-লুণ্ঠনৰ কেলেংকাৰিৰ পূৰ্বৰ একাধিক প্রতিবেদনত দাঙি ধৰা হৈছে। ১৫ কোটিটকীয়া এই আঁচনিয়ে সামৰি লোৱা আনটো অংশ অর্থাৎ পদুম পুখুৰী পাৰ্কত পৰিদৃষ্ট হোৱা সাত কোটিটকীয়া আঁচনি ৰূপায়ণৰ এই ছবিয়েই স্পষ্ট কৰি দিয়ে ঠিকাদাৰ আৰু গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অভিযন্তাই মিলি তেজপুৰৰ সৌন্দর্যবর্ধনৰ নামত কৰা কোটিটকীয়া কেলেংকাৰিৰ তথ্য।

মন কৰিবলগীয়া যে পদুম পুখুৰী পাৰ্কৰ তদাৰক কৰে ‘তেজপুৰ এনভাইৰণমেন্ট ছ’চাইটি’ নামৰ এক সংস্থাই, যি শোণিতপুৰ জিলা প্ৰশাসনৰ নিয়ন্ত্রণত। জিলা আযুক্ত এই সংস্থাৰ সভাপতি আৰু উপ-সভাপতিৰ দায়িত্বত আছে বিশিষ্ট সমাজসেৱী ডাঃ লক্ষী গোস্বামীৰ দৰে প্ৰভাৱশালী ব্যক্তিত্ব। সংস্থাত আছে তেজপুৰৰ আন বহু বিশিষ্ট নাগৰিকো। এনে সন্মানীয় তথা প্ৰভাৱশালী ব্যক্তিত্বকো পৰোৱা নকৰাকৈ দায়িত্ববাহী বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰে সৌন্দর্যবর্ধনৰ নামত এনেদৰে আঁচনিৰ ধন লুণ্ঠনৰ স্বাৰ্থত মইমতালিৰে কাম সম্পন্ন কৰিবলৈ কুণ্ঠাবোধ নকৰাটো স্বাভাৱিকতেই বিচাৰ্যকৰ বিষয়।

তাৎপর্যপূর্ণ যে এই আঁচনিয়েই নহয়, তেজপুৰত সম্পাদিত এনে বহু কোটিটকীয়া আঁচনিৰ ঠিকাদাৰ তথা ঠিকাদাৰী প্ৰতিষ্ঠানৰে সম্পৰ্ক থকা ব্যক্তি বিশেষৰ দিছপুৰৰ স’তে অতি ঘনিষ্ঠ সম্পর্ক আছে আৰু তাৰ সুবাদতে মুখ্যমন্ত্রী কিম্বা মন্ত্ৰীৰ নাম লৈ এনে ঠিকাদাৰ কিম্বা ব্যক্তিবিশেষে বিভাগীয় অভিযন্তা বা বিষয়া-কৰ্মচাৰীক তেওঁ বিচৰা ধৰণে কাম কৰিবলৈ বাধ্য কৰাই অহা বুলি অভিযোগ উত্থাপিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!
India

নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

September 21, 2026
নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা
International

নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

September 21, 2026
ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।
International

ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

September 20, 2026
পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই
Entertainment

পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

September 20, 2026
সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 
India

সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 

September 20, 2026
এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক
International

এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d