WildlifeDiscovery : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মেকুৰী বিভিন্ন প্ৰকাৰৰ আছে। কেৱল ঘৰচীয়া মেকুৰী আৰু বনৰীয়া মেকুৰীতে সেই বিভাজন সীমাবদ্ধ নহয়। বনমেকুৰী বিভিন্ন প্ৰকাৰৰ আছে। গাত থকা দাগ, উচ্চতা, নোমৰ ধৰণ আদিৰ পৰা সামান্য প্রজাতিগত প্রভেদ চাই সিবোৰক চিনাক্ত কৰা হয়।
এই বনমেকুৰীয়ে কেনে ধৰণৰ বনাঞ্চলত বাস কৰে, তাতো ভিন্নতা আছে। সম্প্রতি বলিঙিয়াত সন্ধান পোৱা গৈছে এক বিৰল প্ৰজাতিৰ বনমেকুৰীৰ। ঘৰচীয়া মেকুৰীতকৈ আকাৰত বহু সৰু এই ক্ষুদ্রাকৃতিৰ বনমেকুৰী পোৱা গৈছে দক্ষিণ আমেৰিকাৰ পাহাৰীয়া দেশ ইয়ুংগামৰ মেঘে ঢকা অৰণ্যত।
সবাতোকৈ চমক সৃষ্টিকাৰী বিষয়টো হৈছে ই এক সম্পূর্ণ নতুন প্রজাতি বুলি জীৱ বিজ্ঞানীসকলে জনাইছে। এইবিধ বনমেকুৰীৰ নাম ৰখা হৈছে ‘লিঅ’পাৰডাছ টিলকায়ো বলিভিয়া’।
স্থানীয়ভাবে এই ক্ষুদ্র প্রাণীবিধক ‘টিলকায়ো’ বুলি কোৱা হয়। এই মেকুৰী ‘টাইগাৰ কেট’ গোষ্ঠীৰ অন্তর্ভুক্ত। দক্ষিণ আমেৰিকাৰ বিভিন্ন অঞ্চলত এই সৰু আকাৰৰ বনৰীয়া মেকুৰী দেখা পোৱা যায়। যদিও টিলকায়োক ইমানদিনে পৃথক প্রজাতি বুলি অভিহিত কৰা হোৱা নাছিল। প্রায় ১৮ িিঞ্চ বা ৪৬ ছেন্টিমিটাৰ দীঘল এই বনমেকুৰীৰ ওজন মাত্র তিনি পাউণ্ড বা প্রায় ১.৪ কিলোগ্রাম।
এই মেকুৰীৰ পাতল বাদামী ৰঙৰ শৰীৰত আছে অনিয়মিত আকাৰৰ গোলাকাৰ দাগ, যাক দেখিলে জাগুৱাৰ বাঘৰ দৰে লাগে।
অৱশ্যে কেৱল চকুৰে চাই এই নতুন প্রজাতিক চিনাক্ত কৰাটো সম্ভৱ হোৱা নাই। গৱেষকৰ দল এটাই জেনেটিক বিশ্লেষণৰ সহায়ত নিশ্চিত হৈছে যে টিলকায়ো আন কোনো পৰিচিত টাইগাৰ কেট পৰিয়ালৰ অংশ নহয়, বৰঞ্চ এক স্বকীয় প্রজাতি।
এই গৱেষণাৰ ফল প্ৰকাশ পাইছে ‘কাৰেণ্ট বায়’লজি’ জাৰ্ণেলত। গৱেষকসকলৰ মতে, এক শতাব্দীৰো অধিক সময়ৰ পাছত এই প্ৰথমবাৰলৈ কোনো জীৱিত নতন বনৰীয়া মেকুৰীৰ প্রজাতিক আনুষ্ঠানিকভাৱে নাম আৰু বৈজ্ঞানিক পৰিচয় প্ৰদান কৰা হ’ল।
টিলকায়োৰ জীৱন-যাপনক লৈ অৱশ্যে এতিয়াও অগণিত প্রশ্ন আছে। যদিও গৱেষকৰ দলে অনুমান কৰিছে যে এই প্রাণীবিধ হয়তো নিশাৰ ভাগত অধিক সক্রিয়। ইহঁতৰ মল পৰীক্ষা কৰি সৰু এন্দূৰৰ অৱশিষ্ট পোৱা গৈছে, য’ৰ পৰা ইহঁতৰ খাদ্যাভাসৰ অনুমান কৰিব পাৰি।
টিলকায়োৰ সন্ধানে পৃথিৱীৰ অসংখ্য প্রাণী বিজ্ঞানীক এই কথাও ভাবিবলৈ বাধ্য কৰাইছে যে আগন্তুক দিনত হয়তো আৰু বহু এনে প্ৰাণীৰ সন্ধান ওলাব, যিবোৰৰ সম্পর্কে আজি পর্যন্ত মানৱ সমাজৰ কোনো ধাৰণাই নাই।






























