CEC :
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:দেশৰ গণতন্ত্ৰৰ ওপৰতে কাৰ্যতঃ বুলড’জাৰ চলোৱা দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ আৰু অপসাৰণৰ দাবীত সৰৱ হৈ উঠিছে বিৰোধী শিবিৰ। ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতে কুমাৰৰ দৌৰাত্ম্যৰ সবিশেষ তথ্য প্রকাশ কৰাৰ পাছতে বিষয়টোক লৈ সৰৱ হৈ উঠি জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আয়োগৰ এই কাণ্ডক ভোট চুৰি বুলি পুনৰ অভিহিত কৰে।
তেওঁ কয়, ‘বিজেপি, আৰএছএছ আৰু নিৰ্বাচন আয়োগে ভোট চুৰিৰ জৰিয়তে দেশক বিশ্বাসঘাতকতা কৰিলে। ভোট চুৰি হৈছে ভাৰতীয় লোকৰ বিৰুদ্ধে এক অপৰাধ আৰু ই হৈছে দেশৰ সংবিধানৰ ওপৰতপ্ৰত্যক্ষ আক্রমণ।’ একেদৰে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্রী মমতা বেনার্জীয়ে বিষয়টোক লৈ প্রতিক্রিয়া প্ৰকাশ কৰি মুখ্য নির্বাচন আয়ুক্ত কুমাৰক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে। তেওঁ কয়, ‘এয়া ইমান ডাঙৰ এটা কেলেংকাৰিৰ ঘটনা। এনে ঘটনা আমি আমাৰ জীৱনত কেতিয়াও দেখা নাছিলো। এই নির্বাচন আয়ুক্তজনক গ্ৰেপ্তাৰ কৰিব লাগিবই। তেওঁ পদবীত কাৰ্যনিৰ্বাহ কৰি থকাৰ কোনো নৈতিক কর্তৃত্ব নাই আৰু বিজেপিয়ে চাবই লাগিব যে তেওঁলোকে আমাৰ সংবিধান ধ্বংস কৰিব নোৱাৰে।’
একেদৰে বিষয়টোক লৈ সৰৱ হৈ উঠিছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদবো। অখিলেশে কয়, ‘এয়া আমাৰ গণতন্ত্ৰৰ বাবে বিপজ্জনক। এয়া হৈছে আমাৰ গণতন্ত্রক দুর্বল কৰাৰ এটা চেষ্ট।’ নির্বাচন আয়োগে কাৰ হৈ এই কাণ্ড সংঘটিত কৰিলে বুলিও সমাজবাদী পাৰ্টিৰ মুৰব্বীজনে প্রশ্ন উত্থাপন কৰিছে। একেদৰে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালেও মুখ্য নির্বাচন আয়ুক্ত কুমাৰক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে। অনুৰূপ দাবী তুলি সৰৱ হৈছে চিপিআই, চিপি আই (এম) আদি বিৰোধী দলো। একেদৰে অসমৰ অজাপই ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ ৰায় জনতাৰ নাছিল বুলি মন্তব্য কৰিছে। একেদৰে বিভিন্ন বিৰোধী দলে কুমাৰৰ মুখ্য নির্বাচন আয়ুক্তৰ কাৰ্যকালত অনুষ্ঠিত বিভিন্ন ৰাজ্যৰ বিধানসভা নির্বাচনসমূহৰ ফলাফল বাতিল কৰাৰ দাবী উত্থাপন কৰিছে।
উল্লেখ্য যে ২০২৫ৰ ১৯ ফেব্ৰুৱাৰীত কুমাৰে দেশৰ মুখ্য নির্বাচন আয়ুক্তৰ দায়িত্ব গ্রহণ কৰে। তেতিয়াৰে পৰা তেওঁৰ কাৰ্যকালত অসম, পশ্চিমবংগ, কেৰালা আদি কে’বাখনো ৰাজ্যৰ বিধানসভা নির্বাচন অনুষ্ঠিত হয়। আনহাতে, সম্প্রতি দেশৰ গণতন্ত্ৰ বিপৰ্যয়ৰ সম্মুখীন হৈছে বুলি উল্লেখ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা কে চি বেণুগোপালে কয়, ‘যদি জ্ঞানেশ কুমাৰ পদবীত বাহাল থাকে তেন্তে ভাৰতৰ জনতা আগবাঢ়ি আহিব আৰু মাথোঁ এজন সাধাৰণ আমোলাই যাতে আমাৰ গণতন্ত্র ধ্বংস কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিব।’ একেদৰে একাংশ বিৰোধী নেতাই বিজেপিৰ নেতৃত্বত মুখ্য নির্বাচন আয়ুক্ত কুমাৰে ব্যাপক হাৰত সংবিধান উলংঘা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে।
লক্ষ্যণীয়ভাবে ‘দ্য ইন্ডিয়ান এক্সপ্ৰেছ’ৰ এই বাতৰিৰ সত্যতা অস্বীকাৰ কৰা নাই নির্বাচন আয়োগে। আয়োগে মাথোঁ কয় যে নির্বাচন আয়ুক্তদ্বয় সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে আয়োগৰ কাম-কাজক লৈ কেতবোৰ পৰামৰ্শহে আগবঢ়াইছে।





























