NCRB : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দেশত বর্ধিত ধৰ্ষণ আৰু অন্যান্য যৌন নির্যাতনৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত মহিলা আৰু শিশুৰ সুৰক্ষাক লৈ প্রশ্ন উত্থাপন হৈছে। নেচনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ’ (এনচিআৰবি) ৰ শেহতীয়া প্রতিবেদনৰ তথ্য অনুসৰি ভাৰতত বিগত এক দশকত ধৰ্ষণৰ বলি হোৱা শিশুৰ সংখ্যা দ্রুত বৃদ্ধি পাইছে।
একে সময়তে আদালতত অপৰাধীয়ে শাস্তি লাভ কৰাৰ ঘটনা অৱনমিত হৈছে। এনচিআৰবিৰ পৰীক্ষা অনুসৰি, ২০১৫ত দেশত আৰক্ষী থানাত ১৮ বছৰতকৈ কম বয়সৰ ১০,৯৩৪ পীড়িত লোকে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল।
২০২৪ বৰ্ষত দেশত এই বয়সৰ লোকে দাখিল কৰা ধৰ্ষণৰ অভিযোগৰ সংখ্যা ৪৩,৬৭৫টালৈ বৃদ্ধি পালে। এক দশকত দেশত শিশু ধৰ্ষণৰ ঘটনা প্রায় চাৰিগুণ বৃদ্ধি পালে। প্রতি বছৰতে ভাৰতত ১৮ বছৰ বয়সতকৈ কম বয়সৰ নাবালিকাৰ স’তে যৌন হিংসাৰঘটনা বৃদ্ধি পাইছে বুলিও এনচিআৰবিৰ প্ৰতিবেদনত উল্লেখ কৰিছে।
২০২০ৰ পৰা ২০২৪ৰ সময়ছোৱাত দেশত মুঠ ১.৮৩ লাখ শিশুৱে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। ২০২০ পৰা ২০২৪ৰ সময়ছোৱাত যৌন নিৰ্যাতনৰ বলি হোৱা ৯৬,৫০৫ শিশুরে অভিযোগ দাখিল কৰিছিল। দেশত যোৱা পাঁচ বছৰত ১৬ৰ পৰা ১৮ বছৰ বয়সীয়া কিশোৰী সৰ্বাধিক ধৰ্ষণৰ বলি হৈছিল।
এই সময়ছোৱাত ১৬-১৮ বছৰ বয়সৰ ৯৪,৫০৩ আৰু ১২-১৬ বছৰ বয়সীয়া ৭০,৪৪২ কিশোৰীয়ে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। এনচিআৰবিৰ তথ্য অনুসৰি দেশত ধর্ষণ আৰু অন্য যৌন নির্যাতনৰ বলি হোৱা শিশু আৰু কিশোৰীক পৰিয়ালৰ সদস্য, আত্মীয় তথা পৰিচিত লোকে যৌন শোষণ কৰিছিল।
২০২৪ত নাবালিকাৰ ধৰ্ষণৰ ৯৭ শতাংশ ঘটনাত অভিযুক্ত পীড়িতাৰ পৰিচিত ব্যক্তি আছিল।






























