IndianPolitics : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ বিতৰ্কই বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াক অধিক ওচৰ চপাই আনিলে। তৃণমূল নেত্রী তথা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্রী মমতা বেনার্জীয়েও কংগ্রেছ নেতা ৰাহুল গান্ধীক ফোনযোগে বাৰ্তালাপৰ বিষয়টোৱে এই প্ৰসংগতে চর্চা লাভ কৰিছে।
বিগত সময়ছোৱাত মমতাই কংগ্ৰেছৰ পৰা ব্যৱধান ৰক্ষা কৰি অহাৰ পাছত সম্প্ৰতি জ্ঞানেশ কাণ্ডত ৰাহুলক ফোন কৰি তৎকালে বিৰোধী মিত্ৰজোঁটৰ বৈঠক আহ্বান কৰিবলৈ অনুৰোধ জনোৱা বুলি সূত্রত প্রকাশ। অহা ৩০ ছেপ্টেম্বৰত এই মর্মে দিল্লীত ইণ্ডিয়া মিত্রজোঁটৰ দলসমূহ বৈঠকত মিলিত হ’ব। জ্ঞানেশ প্রসংগত পৰৱৰ্তী পদক্ষেপক লৈ এই বৈঠকত আলোচনা হ’ব।
একে সময়তে বিশেষ ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ)ক লৈয়ো আলোচনা হ’ব বুলি সূত্রত প্রকাশ। নির্বাচন আয়োগ আৰু জ্ঞানেশ কুমাৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কত পুনৰ একগোট হৈ ৰণক্ষেত্ৰত নমাৰ প্ৰস্তুতি লৈছে বিৰোধী দলসমূহে। ৰাষ্ট্ৰীয় পৰ্যায়ত একেলগে যুঁজ দিব বুলি মমতাপন্থী তৃণমূলো সাজু হৈছে।
চিপিএমৰ ৰাজ্যিক সম্পাদক মহম্মদ চেলিমে ইয়াক বৃহত্তৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজ বুলি ব্যাখ্যা কৰে। ইয়াৰ স’তে নির্বাচনী মিত্ৰতাৰ কোনো সংযোগ নাই বুলি তেওঁ কয়। সূত্রত প্রকাশ যে মমতাই ৰাহুলৰ স’তে ফোনযোগে কৰা বার্তালাপ আৰু চিপিএমৰ সাধাৰণ সম্পাদক এম এ বেবীয়ে তাৎক্ষণিকভাৱে কৌশল নির্ধাৰণ কৰিব লাগে বুলি বিৰোধী শিবিৰত পত্ৰযোগে প্রস্তাৱ জনায়।
এই মর্মে অধিক তৎপৰ হয় বিৰোধী মিত্রজোঁট। ইতিমধ্যে বেবীৰ এই চিঠিৰ প্রসংগত চেলিমে সাংবাদিকক কয়, ‘দেশৰ সাংবিধানিক প্রতিষ্ঠানসমূহ প্রত্যাহ্বানৰ মাজত আছে। তৃণমূলসহ বিভিন্ন দললৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। বহুতে ইয়াত চামিল হোৱাৰ আগ্ৰহ প্ৰদৰ্শন কৰিছে। অৱশ্যে মমতাই নিজ অৱস্থান স্পষ্ট কৰিব লাগিব।’
জ্ঞানেশ কাণ্ডই পশ্চিমবংগত পৰস্পৰৰ শত্রু টিএমচি আৰু চিপিএমক একে সময়তে কাষ চপাই আনিছে। ইয়াৰ পূৰ্বেও অৱশ্যে ইণ্ডিয়া মিত্রজোঁটৰ অংশীদাৰ হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত একেলগে বৈঠকত দুই দল উপস্থিত থাকে। এক সংবাদমেলত শনিবাৰে চিপিআই (এমএল) ৰ নেতা দীপাংকৰ ভট্টাচাৰ্যই কয় যে ৩০ ছেপ্টেম্বৰৰ বৈঠক কেৱল ইণ্ডিয়া মিত্রজোঁটৰ মাজত সীমাবদ্ধ থাকিব নালাগে। ইয়াত সকলো বিৰোধী দলেই অংশ ল’ব পাৰিব বুলি তেওঁ কয়।
৩০ ছেপ্টেম্বৰৰ বৈঠকত কংগ্ৰেছৰ ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মল্লিকার্জুন খাৰ্গে, তৃণমূলৰ মমতা বেনার্জী, অভিষেক বেনাৰ্জী, সমাজবাদীৰ অখিলেশ যাদৱ, শিৱসেনাৰ উদ্ধৱ থাকৰে আদি উপস্থিত থাকিব। বিৰোধীয়ে সংসদত জ্ঞানেশৰ অপসাৰণৰ বিষয়টো কিদৰে আগুৱাই লৈ যাব, স্বাক্ষৰ সংগ্ৰহ কিদৰে কৰিব আদি বৈঠকত আলোচনা হ’ব। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ ৱৰ্কিং কমিটীয়ে ১৯ ছেপ্টেম্বৰত বিষয়টো সন্দৰ্ভত দলৰ নীতি নির্ধাৰণ কৰিব। ইপিনে, দেশজুৰি বাঁওপন্থী দলসমূহে কালিৰ পৰা দুই অক্টোবৰলৈ প্ৰতিবাদী কার্যসূচী গ্রহণ কৰিব বুলিও সদৰী কৰা হয়।































