ElectionCommissionProtest : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : গণতন্ত্র ধ্বংসৰ কাণ্ডাৰী মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি বিৰোধী দলসমূহ সৰৰ হৈছে। ‘দ্য ইণ্ডিয়ান এক্সপ্রেছ’ত নির্বাচন আয়োগৰ আভ্যন্তৰীণ কন্দল তথা মুখ্য আয়ুক্তৰ আইন বিৰোধী কার্যকলাপ ফাদিল হোৱাৰ পাছত কংগ্ৰেছসহ বিৰোধী দলৰ নেতা-কর্মী আৰু সমর্থকে আজি দেশজুৰি বিক্ষোভ প্রদর্শন কৰে। কুমাৰৰ পদত্যাগৰ দাবীত বিৰোধীয়ে শুকুৰবাৰে তীব্র প্রতিবাদ কৰাৰ অংশৰূপে অসমতো কংগ্রেছে উত্তাল প্রতিবাদ সাব্যস্ত কৰে।
অসম প্রদেশ কংগ্রেছে নির্বাচন আয়োগৰ ভোট চুৰি আৰু নিৰ্বাচনী অনিয়মৰ অভিযোগৰ তদন্ত দাবীৰ লগতে মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত মহানগৰীৰ ৰাজীৱ ভৱনৰ পৰা ৰাজ্যিক নির্বাচন আয়োগৰ কাৰ্যালয়লৈ প্রতিবাদী সমদল উলিয়ায়।
এই প্রতিবাদী কার্যসূচীত লোকসভাৰ বিৰোধী উপ-দলপতি তথা প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈসহ কে’বাজনো জ্যেষ্ঠ নেতাৰ উপস্থিতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কে’বাশ নেতা-কর্মীয়ে অংশ লয়। প্রতিবাদকাৰীসকলে জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ প্রশ্ন উত্থাপন কৰে। হাতে হাতে প্লেকার্ড, বেনাৰ লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান দিয়ে প্রতিবাদীয়ে।
ৰাজীৱ ভৱনৰ পৰা ওলোৱাৰ পথতে আৰক্ষীয়ে বেৰিকেড বান্ধি প্রতিবাদকাৰীসকলক বাধা দিয়ে। ‘বিজেপি চৰকাৰ হায় হায়’, ‘দেশদ্রোহী বিজেপি গ’ বেক’, ‘জ্ঞানেশ কুমাৰ মুর্দাবাদ’, ‘নির্বাচন আয়োগ গ’ বেক’ শ্ল’গান দিবলৈ ধৰে। ৰাজীৱ ভৱনৰ পৰা মুখ্য নির্বাচনী বিষয়া কাৰ্যালয়লৈ সমদল কৰি যাবলৈ আৰম্ভ কৰাৰ সময়তে অসম আৰক্ষীয়ে সমদলক বাধা প্ৰদান কৰাৰ লগতে গৌৰৱ গগৈকে ধৰি কে’বাজনো নেতাক বলপূর্বক আটক কৰে। প্রতিবাদস্থলীত কংগ্ৰেছীসকলে ‘ভোট চোৰ, গাড়ী চোৰ’, ‘জ্ঞানেশ কুমাৰ মুর্দাবাদ’, ‘জ্ঞানেশ কুমাৰ পদত্যাগ কৰক’, ‘জ্ঞানেশ কুমাৰ চোৰ’, ‘মোদী চৰকাৰ হুঁচিয়াৰ’, ‘অমিত শ্বাহ মুর্দাবাদ, ‘নির্বাচন আয়োগ মুর্দাবাদ’, ‘বিজেপি হটাও দেশ বচাও’, ‘গণতন্ত্ৰৰ ওপৰত আক্ৰমণ নচলিব’ আদি শ্ল’গানৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে।
একাংশ প্রতিবাদকাৰীয়ে আৰক্ষীৰ বেৰিকেড জপিয়াই পাৰ হ’বলৈ চেষ্টা কৰে। এটা সময়ত প্রতিবাদকাৰী-আৰক্ষীৰ মাজত সংঘাতৰ সৃষ্টি হয়। দুয়োপক্ষৰ মাজত হতাহতিৰ পৰিস্থিতিৰ উদ্ভৱ হয় আৰু আৰক্ষীয়ে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক চোঁচৰাই নি গাড়ীত উঠায়। এই কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছে কয় যে গণতান্ত্রিক প্রতিবাদ সাব্যস্ত কৰা অৱস্থাক হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰ আৰক্ষীয়ে বৰ্বৰতা প্ৰদৰ্শন কৰি গৌৰৱ গগৈক চোঁচৰাই গাড়ীত তুলি আটক কৰে।
আৰক্ষীয়ে কয় যে গৌৰৱ গগৈসহ নেতাসকলে বেৰিকেড পাৰ হ’বলৈ চেষ্টা কৰাত আটক কৰা হৈছে। প্রদেশ কংগ্ৰেছৰ মুৰব্বীৰ লগতে এআইচিচিৰ সম্পাদক মনোজ চৌহানকে ধৰি বহু সংখ্যক নেতা-কর্মীক আৰক্ষীয়ে আটক কৰে। এক বিবৃতিত কংগ্রেছে বলপূর্বকভারে নেতাসকলক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰিছে। বিবৃতিত কংগ্ৰেছে অসম চৰকাৰ-আৰক্ষীৰ এনে দমনমূলক কাৰ্যক চৰম কাপুৰুষালি আৰু হিটলাৰীৰ শাসন আখ্যা দি গৰিহণা দিয়ে।
ইপিনে, সংবাদ মাধ্যমক তীব্র ক্ষোভ প্রকাশ কৰি সাংসদ তথা প্রদেশ কংগ্ৰেছৰ মুৰব্বী গৌৰৱ গগৈয়ে কয় যে মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ দেশদ্রোহী। এই ষড়যন্ত্রত জ্ঞানেশ কুমাৰৰ স’তে বিজেপি, আৰএছএছ, প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহ জড়িত হৈ আছে। তেওঁ অভিযোগ কৰে যে নির্বাচন আয়োগে বিজেপিৰ আইটিচেলৰ দৰে কাম কৰি কম্পিউটাৰৰ জৰিয়তে দেশৰ লক্ষ লক্ষ ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰিলে। বিশেষকৈ জেন-জি ভোটাৰসকল যাতে বঞ্চিত হয় তাৰ বাবে নিৰ্বাচনী প্ৰ-পত্ৰ নম্বৰ ৬ত এনে কিছু জটিল নিয়ম জাপি দিয়া হয় যাৰ ফলত পিতৃ-মাতৃৰ তথ্যৰ ভিত্তিত অনলাইন প’র্টেল খুলিব নোৱাৰে আৰু এইদৰেই ভোটাৰসকল বঞ্চিত হৈছে।
তেওঁ কয়, ‘নির্বাচন আয়োগ আৰু মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্রতিবাদী কার্যত অংশগ্ৰহণ কৰাৰ সময়ত অসম আৰক্ষীয়ে আমাক আটক কৰে। নির্বাচনী প্রক্রিয়াৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতাক লৈ উত্থাপিত প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে আমাৰ কণ্ঠৰোধ কৰিবলৈ চেষ্টা কৰিছে। ভয়াতুৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰক্ষীৰ দ্বাৰা গণতান্ত্রিক প্ৰতিবাদৰ কণ্ঠ ৰোধ কৰিছে। আমাৰ এই যুঁজ অব্যাহত থাকিব।’
তেওঁ কয় যে প্রতিবাদী কাৰ্যসূচী প্রতিহত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে কংগ্ৰেছ নেতা-কর্মীসকলক গ্ৰেপ্তাৰ কৰি গণতান্ত্রিক প্রতিবাদী কণ্ঠৰোধৰ চেষ্টাত লিপ্ত হৈছে। গৌৰৱে কয়, ‘গণতান্ত্রিক অধিকাৰ, সংবিধান আৰু নাগৰিকৰ অধিকাৰ সুৰক্ষিত ৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব। জনস্বাৰ্থৰ স্বাৰ্থত আমাৰ এই সংগ্রাম অব্যাহত থাকিব।’ আৰক্ষীয়ে যিমানে বল প্রয়োগ নকৰক কিয় কংগ্ৰেছ কোনো কাৰণতে পিছুৱাই নাযায় বুলি তেওঁ হুংকাৰ দিয়ে। লগতে কয়, ‘বিজেপিয়ে যদি ভাবিছে আৰক্ষীয়ে লাঠি, বন্দুকৰ গুলি, ক্ষমতাৰ অপব্যৱহাৰৰে গণতন্ত্ৰৰ ওপৰত আক্রমণ চলাই যাব তেন্তে সেয়া তেওঁলোকৰ চৰম ভুল। জ্ঞানেশ কুমাৰৰ অপসাৰণ নকৰা পর্যন্ত দেশৰ সংবিধান, গণতন্ত্র তথা সাধাৰণ জনতাৰ ভোটাধিকাৰ সুৰক্ষিত নোহোৱালৈ কংগ্ৰেছৰ এই সংগ্রাম অব্যাহত থাকিব।’
দিল্লীত বেৰিকেড ভাঙি নির্বাচন আয়োগৰ মুখ্য কাৰ্যালয়লৈ সমদলৰ চেষ্টা প্ৰতিবাদকাৰীৰ
দেশৰ ৰাজধানী দিল্লীত ‘ভোট চুৰি নচলিব’, ‘জ্ঞানেশ কুমাৰে প্ৰতিবাদ কৰক’ আদি শ্ল’গানৰে সৰৱ হয় প্রতিবাদকাৰী। দিল্লীত কংগ্রেছৰ এটা প্রতিবাদী দলে বেৰিকেড ভাঙি নির্বাচন আয়োগৰ মুখ্য কাৰ্যালয়ৰ ভিতৰলৈ আগবঢ়াৰ চেষ্টা চলায়। পৰিস্থিতি মোকাবিলা কৰিবলৈ আৰক্ষীয়ে কংগ্রেছ কর্মীক আটক কৰে। ইপিনে, প্রতিবাদী সমদল কৰা আন কে’বাজনো নেতা স্বৰাজ ইন্ডিয়াৰ যোগেন্দ্ৰ যাদব, অল ইণ্ডিয়া স্টুডেন্টছ এছ’চিয়েছনৰ ৰাষ্ট্ৰীয় সভাপতি নেহা বৰা, সক্রিয় কর্মী অঞ্জলি ভৰদ্বাজ আৰু চিপিআই (এম-এল) ব দীপাংকৰ ভট্টাচার্যকে ধৰি কমেও ৫০ জন হাইপ্র’ফাইল নেতাক আৰক্ষীয়ে আটক কৰে। দিল্লী আৰক্ষীয়ে কয় যে এই বিক্ষোভৰ বাবে আগতীয়া অনুমতি লোৱা হোৱা নাছিল।
নেহা বৰা আৰু দীপাংকৰ ভট্টাচার্যই যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। এই প্ৰতিবাদৰ সমর্থন দিবলৈ অহা জ্যেষ্ঠ প্রশান্ত ভূষণ আৰু যাদৱকো আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। আজি দিল্লী আৰক্ষীয়ে যন্তৰ-মম্ভবৰ চৌপাশে তীব্র প্রতিবোধক গঢ়ি তোলে আৰু প্রতিবাদীসকলক নির্ধাৰিত প্ৰতিবাদস্থলীলৈ যোৱাত বাধা দিয়ে। এই স্থানত উপস্থিত হোৱাৰ লগে লগে বহু সংখ্যক প্রতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। যম্ভৰ-মন্তৰৰ এশ মিটাৰ ব্যাসার্ধৰ ভিতৰত থিয় দিয়া প্রতিজনকে গ্রেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে।
ইপিনে, দিল্লী কংগ্ৰেছৰ সভাপতি দেবেন্দ্র যাদরে কয়, ‘অনতিপলমে জ্ঞানেশ কুমাৰে পদত্যাগ কৰিব লাগে। ভাৰতত গণতন্ত্র শেষ কৰি দিয়া হ’ব আৰু আমি মনে মনে বহি থাকিম সেয়া হ’ব নোৱাৰে। ইয়াৰ বাবে যিসকল দায়ী তেওঁলোকে উপযুক্ত শাস্তি পাবই লাগিব।’ ইপিনে, জ্ঞানেশ কুমাৰৰ মুখ আঁকা মুখা পৰিধান কৰি আৰু হাতকেবেয়া লগাই যুর কংগ্রেছীসকলে দিল্লীত বিক্ষোভ প্রদর্শন কৰে। দিল্লীৰ ৰাইচিনা ৰোডৰ পৰা আয়োগৰ মুখ্য কার্যালয় পর্যন্ত হাতে হাতে বেনাৰ-প’ষ্টাৰ লৈ শ্ল’গান দি সমদল কৰে যুৱ কংগ্ৰেছীৰ দলে। যন্তৰ-মন্তৰৰ পৰা আৰম্ভ কৰি নিৰ্বাচন আয়োগৰ দিশলৈ ধাৱমান হোৱা প্রতিবাদীসকলে আৰক্ষীৰ স’তে সংঘাতত লিপ্ত হয়। আৰক্ষীৰে প্ৰবল বাধাৰ সম্মুখীন হয় প্রতিবাদী।
বিভিন্নজনক টানি চোঁচৰাই পূৰ্বৰে পৰা সাজু কৰি থোৱা গাড়ীত উঠাই অজ্ঞাত স্থানলৈ লৈ যায় দিল্লী আবক্ষীয়ে। যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰী ছাত্র-ছাত্রীক দিল্লী আৰক্ষীয়ে দুর্ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে। একাংশ সাংবাদিকৰ পৰিচয়পত্র আৰু মাইক্ৰ’ফোন আৰক্ষীয়ে কাঢ়ি লৈ যোৱাৰ অভিযোগ উঠিছে। দিল্লীৰ বিভিন্ন স্থানত আৰক্ষীয়ে এইদৰে প্রতিবাদকাৰীসকল অগ্ৰসৰ হোৱাৰ সময়তে আটক কৰে। এনে বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হৈছে। যোগেন্দ্র যাদৱে আৰক্ষীয়ে বাছত উঠাই লৈ যোৱাৰ সময়ত কয়, ‘আমাক ক’লৈ লৈ যোৱা হৈছে সেই কথা কোৱা হোৱা নাই।’
তেওঁ কয় যে মহিলাসহ বাছখনত কমেও ৩০ গৰাকীক লৈ যোৱা হৈছে আৰু তেওঁলোকক পানী এটুপিও খাবলৈ দিয়া হোৱা নাই। যাদরে কয়, ‘এছআইআৰ আৰু অন্যান্য বিষয়ক লৈ নির্বাচন আয়োগৰ ভিতৰত যি ঘটনা হৈছে সেয়া এই বাছতো হৈছে। চালকে কৈছে যে তেওঁক ইচ্ছাৰ বিৰুদ্ধে বাছখন চলাব কোৱা হৈছে। আমাৰ একমাত্ৰ অপৰাধ হ’ল যে আমি দেশৰ সৰ্ববৃহৎ অপৰাধ সংঘটিত কৰাজনৰ বিৰুদ্ধে সৰৱ হৈছো, যিজনে দেশৰ ১০ কোটি ভোটাৰৰ অধিকাৰ কাঢ়ি লৈ গ’ল।’
ইপিনে, অঞ্জলি ভৰদ্বাজে কয় যে শান্তিপূর্ণভাবে সমৱেত হৈ দেশৰ নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্রতিবাদ কৰিবলৈ লওতে আৰক্ষীয়ে তেওঁলোকক কে’বা ঘণ্টা ধৰি ঘূৰাই লৈ ফুৰে। তাৰ পাছত তেওঁলোকক দ্বাৰকা আৰক্ষী থানালৈ লৈ যোৱা হয় যদিও পৰৱৰ্তী পদক্ষেপ কি হ’ব সেই বিষয়ে আৰক্ষীয়ে এটা শব্দও কোৱা নাই। ইপিনে, নেহা বৰাই কয়, ‘সংবিধানে আমাক গণতান্ত্রিক প্রতিবাদ কৰিবলৈ অধিকাৰ দিছে। সেয়েহে আমি আজি যম্ভৰ-মন্তৰলৈ আহিছো। আমি কাইলৈ আৰু তাৰ পাছতো প্রতিবাদ কৰিবলৈ আহিয়ে থাকিম, যেতিয়ালৈকে জ্ঞানেশ কুমাৰ কাৰাগাৰলৈ নাযায় আৰু এছআইআৰ বন্ধ নহয় আমি আহিয়ে থাকিম।’
নিশালৈকে প্রতিবাদকাৰীসকলক দিল্লীৰ বিভিন্ন থানাত আবদ্ধ কৰি থোৱাৰ অভিযোগ উঠিছে। এক বিবৃতিত চিপিআয়ে কয় যে জ্ঞানেশ কুমাৰৰ দৰে ভাৰতীয়ৰ ভোটাধিকাৰ কাঢ়ি নিয়া অপৰাধীক গ্ৰেপ্তাৰ কৰা সলনি নিশা পর্যন্ত কমেও দুশজন প্রতিবাদকাৰীক এৰি দিয়া নাই দিল্লী আৰক্ষীয়ে।
দিল্লীৰ উপৰি বিহাৰ, চণ্ডীগড়, লক্ষ্ণৌ, জন্ম, ডেৰাড়ুন, বাংগালুৰু আদিতো তীব্র প্রতিবাদ সাব্যস্ত হয়। প্রতিবাদকাৰীসকলে স্থানীয় নির্বাচন আয়োগৰ কাৰ্যালয়ৰ দিশলৈ সমদল কৰোতে আৰক্ষীৰ স’তে সংঘাতপূর্ণ পৰিস্থিতিৰ সৃষ্টি হয়। ঠায়ে ঠায়ে আৰক্ষীয়ে প্ৰতিবাদকাৰীক বোধিবলৈ পানী হিলৈ আৰু কন্দুৱা গেছ প্রয়োগ কৰে। দিল্লী আৰক্ষীয়ে প্রতিবাদৰ আশংকাত পার্লিয়ামেন্ট চৌহদ আৰু বিজেপিৰ মুখ্য কার্যালয়ত নিশ্ছিদ্র নিৰাপত্তাৰ ব্যৱস্থা কৰে।






























