ArtificialFlood : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ৰূপহীহাটৰ কাঞ্চনপুৰ গাঁও কৃত্রিম বানৰ কৱলত পৰাত চৰম দুর্ভোগৰ সন্মুখীন হৈছে তিনি শতাধিক পৰিয়াল। বিগত কে’বাদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত গাঁওখনত ব্যাপক জলাবদ্ধতাৰ সৃষ্টি হৈছে।
পানী নিষ্কাসনৰ পথত থকা কালভার্ট আৰু ফিচাৰী বন্ধ হৈ থকাৰ ফলত পানী ওলাই যাব নোৱাৰি গাঁওখনৰ বহু অঞ্চল জলমগ্ন হৈ পৰিছে। জানিব পৰা মতে, কাঞ্চনপুৰৰ প্ৰায় তিনি শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু চোতালত পানী সোমাই পৰিছে।
বহু ঘৰৰ চোতালত একাঁঠু পর্যন্ত পানী জমা হৈ থকাত স্বাভাৱিক জনজীৱন ব্যাহত হৈছে। আনকি বহু পৰিয়ালে দমকলৰ পৰা খোৱাপানী সংগ্ৰহ কৰিব নোৱাৰাত বিশুদ্ধ খোৱাপানীক লৈও সমস্যাৰ সৃষ্টি হৈছে।
ইফালে, জলাবদ্ধতাৰ ফলত ছাত্র-ছাত্রীসকলে নিয়মীয়াকৈ বিদ্যালয়লৈ যাব পৰা নাই। শিশু, বৃদ্ধ আৰু মহিলাসকলেও দৈনন্দিন কাম-কাজ সম্পাদন কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। যাৰ বাবে আজি কাঞ্চনপুৰৰ ৰাইজে একাঁঠু পানীত নামি উত্তাল প্রতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে অতি শীঘ্রে সংশ্লিষ্ট বিভাগ আৰু প্ৰশাসনক বন্ধ হৈ থকা কালভার্টসমূহ মুকলি কৰি পানী নিষ্কাসনৰ ব্যৱস্থা কৰাৰ দাবী জনায়। লগতে বানাক্রান্ত পৰিয়ালসমূহৰ বাবে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিবলৈও দাবী জনায়।






























