NimishaThakuriaCase : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ ঘটনাক লৈ প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।
ঘটনাটোৰ তদন্ত আৰক্ষীয়ে কৰিব বুলি উল্লেখ কৰাৰ লগতে আৰক্ষীয়ে এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে কয়, “ঘটনাৰ তদন্ত কৰিব আৰক্ষীয়ে।” লগতে সকলোকে নিজৰ সুৰক্ষাৰ প্ৰতি সজাগ হোৱাৰ আহ্বান জনাই তেওঁ কয়, “আমি কেনেকৈ নিজক নিৰাপদে ৰাখিব লাগে তাক শিকিব লাগে।”
নিমিষা ঠাকুৰীয়া নাবালিকা নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “নিজৰ সংস্কাৰ আৰু ৰীতি-নীতি পাহৰি যাব নালাগে।”
ইফালে, ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি পুনৰ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “পুলিচে ঘটনাৰ এক্সন ল’ব।”লগতে তেওঁ কয়, “নিজৰ ৰীতি-সংস্কাৰ বজাই ৰাখিলে এনে ঘটনা নহয়।”































