BankEmployees : অহা ২৮ ছেপ্টেম্বৰৰ পৰা তিনিদিন দেশজুৰি অচল হ’ব বেংক সেৱা। কেন্দ্ৰীয় চৰকাৰৰ বাৰম্বাৰ প্ৰৱঞ্চনাৰ অভিযোগত এই বন্ধৰ আহ্বান জনাইছে ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে। তাৰ পূৰ্বে প্ৰস্তাৱিত বন্ধক লৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ পৰামর্শ মর্মে শনিবাৰে অসমতো সংগঠনটোরে অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে।
মহানগৰীৰ চচলত বিভিন্ন বেংকৰ কৰ্মচাৰীৰে গঠিত ইউনিয়নৰ অসম শাখাই শতাধিক কৰ্মচাৰীৰ অংশগ্ৰহণৰে ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকৰ আন্দোলনৰ দাবীসমূহ ৰাইজৰ আগত দাঙি ধৰে। ইয়াৰ ভিতৰত প্ৰধান কেইটামান দাবী হ’ল বেংকৰ কর্মদিনৰ সংখ্যা সপ্তাহত পাঁচ দিন কৰা, দৰমহাৰ গাঁথনিত বৈষম্য নোহোৱা কৰা, পর্যাপ্ত কৰ্মচাৰী নিযুক্তি দিয়া আৰু পেন্সন নীতি সলনি কৰা।
এই দাবীবোৰৰ সমর্থনত কালিৰ অৱস্থান কাৰ্যসূচীত অংশগ্রহণকাৰীসকলে ধাৰাবাহিক ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। ইয়াৰ লগতে চৰকাৰৰ প্ৰৱঞ্চনাৰ অভিযোগতো তেওঁলোক সৰৱ হয়। এই সন্দৰ্ভত ইউনিয়নৰ অন্যতম বিষয়ববীয়া এছ দত্তই কয় যে কামৰ অত্যধিক হেঁচাৰ বাবে বেংকৰ কৰ্মচাৰীসকলে দেওবাৰৰ লগতে শনিবাৰটোও বন্ধ দিয়াৰ দাবী জনাই আহিছে।
প্রায় এক দশক পূর্বে দুটা শনিবাৰৰ বন্ধ মঞ্জুৰ কৰে যদিও আন দুটাৰ ক্ষেত্ৰত আজিলৈকে কোনো ব্যৱস্থা গ্রহণ নকৰিলে অথচ ইয়াকে লৈ ২০২৪তে ত্রিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল। সেই চুক্তি আজিলৈকে চৰকাৰে কাৰ্যকৰী নকৰিলে।
তেওঁ লগতে কয়, ‘বেংকৰ কৰ্মচাৰীৰ সংখ্যা যথেষ্ট কম হৈ আছে। অথচ কামৰ হেঁচা বাঢ়িছে। কৰ্মচাৰী নিযুক্তি দিয়াৰ দাবীও আমি উত্থাপন কৰিছো। আমাৰ দাবীবোৰক লৈ যোৱা আগষ্টৰ পৰাই প্রতিবাদ চলি আহিছে। চলিত ছেপ্টেম্বৰতো আমি প্রতিবাদ সাব্যস্ত কৰিছো। তাৰ পাছতো চৰকাৰৰ গা লৰা নাই। আমাৰ যুক্তিসম্মত দাবীবোৰক চৰকাৰে যেন গুৰুত্বই দিব বিচৰা নাই। ফলত তিনিদিনীয়া ধৰ্মঘটৰ ফালে আমি আগবাঢ়িবলৈ বাধ্য হ’লো।’
ইয়াৰ উপৰি নতুন পেন্সন আঁচনিৰ পৰিৱৰ্তে পুৰণি পেন্সন আঁচনিখন পুনৰ কাৰ্যকৰী কৰা, দৰমহাৰ গাঁথনিত এটা গ্রহণযোগ্য নীতি গ্রহণ কৰা আদি দাবীও বেংক কৰ্মচাৰীসকলে প্রস্তাবিত তিনিদিনীয়া প্রতিবাদী কাৰ্যসূচীৰ জৰিয়তে উত্থাপন কৰিছে। ধাৰাবাহিক তিনিদিনীয়া ধর্মঘটে দেশৰ বেংক সেৱা ব্যৱস্থাত গুৰুতৰ প্ৰভাৱ পেলোৱাটো আগতীয়াকৈয়ে নিশ্চিত হৈছে।
সাধাৰণ লোকক এই প্রতিবাদী কার্যসূচীয়ে বিশেষ প্রভাৱিত কৰিব। ধন জমা থোৱা, ধন উলিওৱা কাম এই তিনিদিনত বন্ধ থাকিব। চেকৰ জৰিয়তে ধন উলিওৱাও স্তব্ধ হ’ব। ঋণ সম্পর্কীয় জৰুৰী বিষয়বোৰত গ্ৰাহক হাৰাশাস্তিৰ সম্মুখীন হোৱাটোও নিশ্চিত হৈছে। কেৱাইচি সম্পর্কীয় কাম-কাজো সম্পূর্ণ বন্ধ হৈ পৰিব। ইয়াৰ উপৰি এটিএম সেৱাও প্রভাবিত হ’ব ধৰ্মঘটৰ ফলত।






























