GoldSmuggling : অপৰাধৰ ৰম্যভূমি হৈ পৰা গুৱাহাটীতেই চোৰাং সোণক লৈও গঢ়ি উঠিছে এক বৃহৎ সাম্রাজ্য। গঢ়ি উঠিছে বৃহৎ ছিণ্ডিকেট। হেজাৰ হেজাৰ কিলোমিটাৰ দূৰৰ পৰা গুৱাহাটীলৈ চোৰাং সোণ আহে আৰু সেই সোণ মহানগৰীখনৰ পৰাই যোগান ধৰা হয় দেশৰ বিভিন্ন ৰাজ্যলৈ। ইয়াৰ বাবে সকলো লেনদেন চলে হাৱালাৰ মাধ্যমৰে।
প্রৱৰ্তক সঞ্চালকালয় (ইডি)ৰ শেহতীয়া এক তদন্তত এই তথ্য পোহৰলৈ আহিছে। এই সংক্রান্তত ইডিয়ে অক্ষয় পুৰুষোত্তম বাঁছোড়ে নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। কিন্তু অক্ষয়ৰ সহযোগীসকলক অদ্যাপি চিনাক্তকৰণ সম্ভৱ হোৱা নাই। কাৰণ ইয়াৰ লগত জড়িতসকল নিজৰ নামেৰে এই ব্যৱসায়ত সাঙোৰ খাই থকা নাই।
প্রত্যেকে বিশেষ কোড নম্বৰ তথা সাংকেতিক নম্বৰৰে পৰিচালিত হয়। উল্লেখ্য যে যোৱা ৩০ জুনত অসম আৰক্ষীৰ দলে লতাশিল আৰক্ষী থানাৰ অধীনৰ খাৰঘুলিৰ হাতীশিলত মগনীয়াৰ বেশত থকা এজন লোকৰ পৰা ৩৭ কিলোগ্রাম সোণ জব্দ কৰিছিল। এই সংক্রান্তত লতাশিল আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয়। পৰৱৰ্তী সময়ত এই ঘটনাৰ তদন্তৰ দায়িত্ব ইডিক হস্তান্তৰ কৰা হয়।
লতাশিল আৰক্ষীয়ে সোণ সহ গ্রেপ্তাৰ কৰা লোকজনেই হ’ল অক্ষয় পুৰুষোত্তম বাঁছোড়ে। মহাৰাষ্ট্ৰৰ ছাংলিৰ বাসিন্দা অক্ষয়ৰ জৰিয়তে ইডিয়ে গুৱাহাটী চোৰাং সোণৰ ব্যৱসায়ৰ ঘাটি হৈ পৰা বুলি নিশ্চিত কৰিছে। ইডিৰ তদন্তৰ তথ্য অনুসৰি মহানগৰীখনত অসমৰ লগতে বহিঃৰাজ্যৰ চোৰাং ব্যৱসায়ীৰ দলে ঘাটি পাতিছে; কিন্তু ব্যৱসায়ীসকলৰ বেছিভাগেই ইজনে সিজনক নামেৰে চিনি নাপায়।
কোড নম্বৰৰেহে ব্যৱসায়িক গোট একোটাত জড়িতসকলৰ মাজত যোগাযোগ চলে। এইসকলৰ বিৰুদ্ধে ইডিৰ অভিযান অব্যাহত আছে।
তদন্তকাৰী সংস্থাটোৱে এই পর্যন্ত উদ্ধাৰ কৰা তথ্য অনুসৰি গুৱাহাটীলৈ চোৰাং সোণ আহে সুদূৰ সংযুক্ত আৰৱ আমীৰশ্বাহী (ইউএই)ৰ পৰা ম্যানমাৰ হৈ মিজোৰাম সীমান্তৰে ভাৰতত প্ৰৱেশ কৰা চোৰাং সোণ পোনে পোনে আহে অসম তথা গুৱাহাটীলৈ। ইয়াৰ উপৰি ম্যানমাৰ- অৰুণাচল সীমান্তৰেও চোৰাং সোণ সৰবৰাহ হয় বুলি সন্দেহ কৰিছে তদন্তকাৰী সংস্থাটোৱে।
ইপিনে, গুৱাহাটীত এই সোণ গ্রহণ কৰিবলৈ কে’বাটাও চোৰাং ব্যৱসায়ী গোটৰ লোকে বাহৰ পাতে। যিটো গোটৰ সোণ আহে সেইটো গোটৰ লোকেই বহিঃৰাজ্যৰ পৰা আহি গুৱাহাটীত বাহৰ পাতে। ধৃত অক্ষয়েও এনেদৰেই বাহৰ পাতিছিল। নিজৰ গোটৰ নামত অহা সোণ গ্রহণ কৰিবলৈ প্রায় ২০ দিন পূর্বে গুৱাহাটীত উপস্থিত হৈছিল অক্ষয়। মহানগৰীৰ গান্ধীবস্তিত তেওঁ এটা ভাড়াঘৰো লৈছিল। চোৰাং সোণ পৰিবহণকাৰী চক্ৰৰ পৰা লৈ সেই সোণ আন এজনক হস্তান্তৰৰ বাবে ৰৈ থকা অৱস্থাতে অক্ষয় ধৰা পৰিছিল।
ইডিৰ তথ্য অনুসৰি চোৰাং ব্যৱসায়ীৰ চক্ৰই সাধাৰণতে স্থানীয় লোকক এনে কামত নিয়োগ নকৰে। তথাপি কিছু সংখ্যক স্থানীয় লোক চোৰাং সোণ সৰবৰাহত জড়িত হৈ আছে। অৱশ্যে তেনে কোনো লোকক ইডিয়ে চিনাক্ত কৰিব পৰা নাই।
ইপিনে, ডাঙৰ আৰু সৰু আকাৰৰ বিস্কুটৰ আকৃতিত গুৱাহাটীলৈ চোৰাং সোণ আহে। এই সোণৰ বাবদ বিদেশত থকা ব্যৱসায়ীক আগতীয়াকৈ মূল্য পৰিশোধ কৰিব লাগে। এই লেনদেন সম্পূৰ্ণৰূপে হাৱালাৰ মাধ্যমৰে চলে। অসমৰ পৰাও হাৱালাৰে ধন প্ৰেৰণৰ তথ্য এই তদন্তত পোহৰলৈ আহিছে।
গুৱাহাটীতেই নির্ণয় কৰা হয় কোনখন ৰাজ্যৰ কোন ব্যৱসায়ীলৈ কিমান পৰিমাণৰ সোণ প্ৰেৰণ কৰা হ’ব। ইয়াৰ বাবে গুৱাহাটীতে সোণ গলাই ভাগ বাটোৱাৰা কৰাৰো তথ্য ইডিয়ে লাভ কৰিছে। আনহাতে, গুৱাহাটীৰ পৰা বিভিন্ন ৰাজ্যলৈ সৰবৰাহকাৰীয়ে লৈ যোৱা সোণৰ সুৰক্ষাও নিশ্চিত কৰাৰ কাম গুৱাহাটীতে কৰা হয়। সোণবোৰ সৰু সৰু আকাৰ দি সৰবৰাহকাৰীৰ জৰিয়তে কম কম পৰিমাণত বিভিন্ন ৰাজ্যলৈ এজেণ্টৰ জৰিয়তে প্ৰেৰণ কৰা হয়। এই সোণ ধৰা নপৰিবলৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামত প্ৰস্তুত কৰা ৰছিদ দিয়া হয় সৰবৰাহকাৰীক।
সাধাৰণতে ৰেল আৰু একাংশ মালবাহী ট্রাকৰে ৰাজ্যবোৰৰ নিৰ্দিষ্ট ব্যৱসায়ীৰ ওচৰলৈ সোণ প্ৰেৰণ কৰা হয়। তাৰ বাবেও লেনদেন হাৱালাৰ মাধ্যমৰেই চলে। আকৌ সোণ কঢ়িয়াই নিয়া কোনো এজনেই আন এজনক চিনি নাপায়। কাৰণ সৰবৰাহকাৰীসকলৰ বিপৰীতেও সাংকেতিক নম্বৰ দিয়া হয়। গতিকে কোনোবা সৰবৰাহকাৰী ধৰা পৰিলেও সেইজনৰ একেবাৰে কাষৰজনকো চিনাক্ত কৰাটো কঠিন।
একেদৰে সোণবোৰ গুৱাহাটীৰ কোন প্রতিষ্ঠানত গলোৱা হয় সেয়াও অতি সতর্কতা ৰক্ষা কৰি চোৰাং ব্যৱসায়ীৰ দলে কাম কৰি আহিছে।
উল্লেখ্য যে অসম আৰক্ষীয়ে জব্দ কৰা সমুদায় চোৰাং সোণ ইডিয়ে ইতিমধ্যে বাজেয়াপ্ত কৰিছে। এই বৃহৎ পৰিমাণৰ সোণৰ বজাৰ মূল্য আনুমানিক ৫৪ কোটি টকা। অৱশ্যে চোৰাং বজাৰত এই পৰিমাণ যথেষ্ট বেছি বুলি সূত্রই কয়।






























