CockroachJantaParty : লদৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দেওবাৰে গুৱাহাটীত ‘Cockroach Janta Party’ (CJP)-ৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলটোৰ কেবাজনো সদস্যক অসম আৰক্ষীয়ে আটক কৰে।
আটকৰ পূৰ্বে আশুতোষ ৰাংকাই অসমৰ বিদ্যালয়সমূহৰ বাস্তৱ পৰিস্থিতি দেশৰ সন্মুখলৈ অহাটো লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শংকিত বুলি অভিযোগ কৰে। কাজিৰঙাত জনসাধাৰণৰ অধিকাৰ হ্ৰাস পোৱা আৰু ভূমি, বন তথা জলসম্পদ কৰ্প’ৰেটক প্ৰদান কৰাৰ অভিযোগো তেওঁ উত্থাপন কৰে।
ইফালে, CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে ‘X’ত প্ৰকাশ কৰা এটা পোষ্টত দাবী কৰে যে অসম আৰক্ষীয়ে আশুতোষ ৰাংকা আৰু CJPৰ দলটোক আটক কৰি অজ্ঞাত স্থানলৈ লৈ গৈছে।
তেওঁলোক অসমত CJPৰ স্বেচ্ছাসেৱকৰ স’তে এখন সৰু বৈঠকত অংশগ্ৰহণ কৰিবলৈ গৈছিল বুলি দীপকে উল্লেখ কৰে।






























