EMethanol : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ভাৰতক সেউজ শক্তিৰ ৰপ্তানিকাৰী দেশ হিচাপে গঢ়ি তোলাৰ দিশত আজি এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেল, কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল আৰু অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ কাণ্ডলাত দেশৰ প্ৰথমটো বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্রকল্পৰ আধাৰশিলা স্থাপন কৰে।
প্ৰতিদিনে ১৫০ টন ই-মিথানল উৎপাদনৰ লক্ষ্যৰে নিৰ্মাণ হ’বলগীয়া এই প্রকল্পটোত নবীকৰণযোগ্য শক্তি, পানী আৰু জৈবিক উৎসৰ পৰা লাভকৰা কাৰ্বন-ডাই অক্সাইড ব্যৱহাৰ কৰা হ’ব। ই-মিথানল হৈছে এক সেউজ ইন্ধন, যিয়ে জাহাজ পৰিবহণ খণ্ডত অধিক পৰিষ্কাৰ ইন্ধনৰ ব্যৱহাৰ সম্ভৱ কৰি তুলিব।
উৎপাদিত ই-মিথানল বিশ্বৰ অন্যতম ব্যস্ত বাণিজ্যিক পথ এছিয়া-ইউৰোপ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কৰিড’ৰত চলাচল কৰা জাহাজসমূহলৈ যোগান ধৰা হ’ব। এই প্ৰকল্পৰ জৰিয়তে ভাৰতে বিশ্বৰ সামুদ্রিক খণ্ডলৈ সেউজ ইন্ধন ৰপ্তানি কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰাৰ সম্ভাৱনা আছে।
প্রকল্পটোৱে বিশ্বৰ অন্যান্য উৎপাদকৰ তুলনাত অধিক প্রতিযোগিতামূলক মূল্যত সেউজ ই-মিথানল উৎপাদনৰ লক্ষ্য লৈছে, প্রতি টনত প্রায় ৭৫০ মার্কিন ডলাৰ, যাৰ বিপৰীতে বিশ্বব্যাপী বৰ্তমানৰ হাৰ প্ৰায় ১,৩০০ মার্কিন ডলাৰ প্ৰতি টন।
দীনদয়াল বন্দৰ প্ৰাধিকৰণ আৰু নামৰূপস্থিত অসম পেট্র’-কেমিকেলছ লিমিটেডৰ যৌথ উদ্যোগত ২,৩০০ কোটি টকা ব্যয়ৰে এই প্রকল্পটো ৰূপায়ণ কৰা হ’ব। প্রকল্পটো পর্যায়ক্রমে আৰু প্রয়োজন অনুসৰি উৎপাদন ক্ষমতা বৃদ্ধি কৰিব পৰা মডিউলাৰ ব্যৱস্থাৰে স্থাপন কৰা হ’ব।
প্রথম পর্যায়ত ১,২০০ কোটি টকা ব্যয়ৰে প্ৰতিদিনে ৫০ টন উৎপাদন ক্ষমতা সংযোজন কৰা হ’ব আৰু ২০২৭ৰ জানুৱাৰীৰ ভিতৰত এই পর্যায় সম্পূৰ্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। দ্বিতীয় পর্যায়ত ১,১০০ কোটি টকা ব্যয়ৰে অতিৰিক্ত এশ টন দৈনিক উৎপাদন ক্ষমতা সংযোজন কৰা হ’ব আৰু ২০২৭ৰ মাৰ্চৰ ভিতৰত দ্বিতীয় পর্যায় সম্পূর্ণ কৰাৰ লক্ষ্য ৰখা হৈছে।
ইয়াৰ ফলত মুঠ বিনিয়োগৰ পৰিমাণ ২,৩০০ কোটি টকালৈ বৃদ্ধি পাব।প্রকল্পটোত দীনদয়াল বন্দৰ প্ৰাধিকৰণ আৰু অসম পেট্র’-কেমিকেলছ লিমিটেডৰ মূলধনী অংশীদাৰিত্বৰ অনুপাত ৭৬ঃ২৪। দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ অৱদানৰ ভিতৰত ৫৬৭.৩২ কোটি টকাৰ ইকুইটি মূলধন, ৭৫ একৰ ভূমি, লরণমুক্ত পানী আৰু সেউজ হাইড্ৰ’জেনৰ ৰূপত নবীকৰণযোগ্য শক্তি অন্তর্ভুক্ত থাকিব।
দেশৰ অন্যতম বৃহৎ ই-মিথানল উৎপাদন প্রকল্প হিচাপে পৰিগণিত হ’বলগীয়া এই প্রকল্পই ৩,৫০০ৰো অধিক প্রত্যক্ষ আৰু পৰোক্ষ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। লগতে কাণ্ডলা আৰু ইয়াৰ পার্শ্ববর্তী অঞ্চলত পৰিবহণ, সংৰক্ষণ, যোগান আৰু সেউজ শক্তি উৎপাদনৰ স’তে জড়িত অন্যান্য আনুষংগিক সেৱাকে ধৰি সমগ্ৰ সেউজ শক্তি মূল্য শৃংখলক উজ্জীৱিত কৰিব।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০৭০ৰ ভিতৰত ভাৰতক নেট জিৰ’ দেশ হিচাপে গঢ়ি তোলাৰ যি সংকল্প গ্রহণ কৰিছে, এই প্রকল্পই সেই লক্ষ্যক অধিক শক্তিশালী কৰিব। লগতে শক্তি খণ্ডত আত্মনিৰ্ভৰতা, ‘আত্মনিৰ্ভৰ ভাৰত’, ‘মেক ইন ইণ্ডিয়া’ আৰু ‘মেক ফৰ দ্য ৱৰ্ল্ড’ৰ লক্ষ্য বাস্তৱায়িত কৰাত এই প্রকল্পটোরে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।
অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে যে অসম পেট্র’-কেমিকেলছ লিমিটেড তেওঁৰ লোকসভা সমষ্টি ডিব্ৰুগড়ৰ অন্তৰ্গত নামৰূপত অৱস্থিত। অসম আৰু গুজৰাটৰ মাজত থকা ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ কথা উল্লেখ কৰি তেওঁ দ্বাৰকাৰ ভগৱান শ্রীকৃষ্ণ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰুক্মিণীৰ কাহিনী, তেজপুৰৰ ঊষা আৰু অনিৰুদ্ধৰ কিংবদন্তি আৰু পঞ্চদশ শতিকাৰ মহান অসমীয়া বৈষ্ণৱ সাধক মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অৱদানৰ কথাও উল্লেখ কৰে।
অসম আৰু গুজৰাটৰ সামৰ্থ্যৰ সমন্বয়ত ৰূপায়িত এই প্রকল্পটো ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ৰ এক উজ্জ্বল নিদর্শন বুলিও তেওঁ উল্লেখ কৰে।
সোণোৱালে পুনৰ কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক আনক অনুসৰণ কৰা নহয়, বৰঞ্চ বিশ্বক নেতৃত্ব দিয়া দেশ হিচাপে আগবাঢ়ি যোৱাৰ আত্মবিশ্বাস দিছে। ভাৰতে যিদৰে এতিয়া নিজাকৈ জাহাজ আৰু কণ্টেইনাৰ নিৰ্মাণ কৰিছে, সেইদৰে অদূৰ ভৱিষ্যতে বিশ্ব বাণিজ্যক শক্তি যোগোৱা পৰিষ্কাৰ ইন্ধনো নিজ দেশতে উৎপাদন কৰিব। আগন্তুক দিনত কাণ্ডলা ছিংগাপুৰ-ৰ’টাৰডাম সামুদ্রিক বাণিজ্যিক পথৰ এক গুৰুত্বপূর্ণ সেউজ ইন্ধন কেন্দ্র হিচাপে পৰিগণিত হ’ব আৰু এই প্রকল্পটো দেশৰ প্ৰতিটো গুৰুত্বপূৰ্ণ বন্দৰৰ বাবে এক আদর্শ হৈ উঠিব। এই প্রকল্পই আমাৰ যুৱ সমাজৰ বাবে দক্ষতাভিত্তিক কর্মসংস্থাপনৰ নতুন সুযোগ মুকলি কৰিব আৰু ২০৭০ৰ ভিতৰত নেট জিৰ’ লক্ষ্য তথা ২০৪৭ৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ দিশত দেশক অধিক দৃঢ়তাৰে আগুৱাই নিব।’
অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়, ‘প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ বিকাশৰ কাহিনীৰ কেন্দ্ৰবিন্দুত স্থান দিছে আৰু অসমে উদ্যোগ আৰু উচ্চাকাংক্ষাৰ জৰিয়তে সেই আস্থাৰ প্ৰতিফলন ঘটাইছে। শক্তিশালী ব্ৰহ্মপুত্ৰ, প্ৰচুৰ শক্তি আৰু বিশাল জলবিদ্যুৎ সম্ভাৱনাৰে আশীর্বাদপুষ্ট অসম সেউজ শক্তিৰ এক শক্তিশালী কেন্দ্র হিচাপে আত্মপ্রকাশৰ বাবে সাজু। আজি অসমৰ এটা প্রতিষ্ঠানে নামৰূপৰ পৰা কাণ্ডলালৈ এই সামর্থ্য কঢ়িয়াই আনিছে আৰু ইয়াৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ পৰিষ্কাৰ শক্তিৰ ভৱিষ্যৎ নির্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্রতিপন্ন কৰিছে।’






























