দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ ঘটনাক লৈ ন্যায়ৰ দাবীত সৰৱ হৈছে বহু যুৱক-যুৱতী। মৃত্যুৰ পাছতো এগৰাকী নাৰীৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰা আৰু চৰিত্ৰহননৰ প্ৰচেষ্টাক লৈ সামাজিক মাধ্যমত বহুতে প্ৰশ্ন উত্থাপন কৰিছে।
যুৱতীগৰাকীৰ মৃত্যুৰ পাছত তেওঁৰ ন্যায়ৰ দাবীত মাত মতাৰ পৰিৱৰ্তে একাংশই তেওঁৰ চৰিত্ৰ, আনকি পৰিয়ালৰ লালন-পালন লৈও প্ৰশ্ন উত্থাপন কৰা বুলি সামাজিক মাধ্যমত চৰ্চা চলিছে।
আনহাতে, ভিডিঅ’ বাৰ্তাৰ জৰিয়তে বহু সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে যুৱতীগৰাকীৰ ন্যায়ৰ দাবীত মাত মাতিছে।
ন্যায়ৰ দাবী উত্থাপনৰ সময়তে সামাজিক মাধ্যমত যুৱতীগৰাকীক ট্ৰ’ল কৰাৰ বিষয়টোৱেও প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ন্যায়ৰ বাবে মাত মতাৰ সময়ত এগৰাকী মৃত যুৱতীৰ চৰিত্ৰক লৈ এনেদৰে প্ৰশ্ন উত্থাপন কৰাক লৈও বহুতে নিজৰ মত প্ৰকাশ কৰিছে।
ইফালে, গুৱাহাটীৰ এটা হোমষ্টে’ত নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত থকাৰ সময়তে সামাজিক মাধ্যমত বিভিন্নজনৰ বিভিন্ন মন্তব্য প্ৰকাশ পাইছে।
সামাজিক মাধ্যমৰ কমেণ্ট বক্সত এগৰাকী ব্যৱহাৰকাৰীয়ে নিজৰ অতীতৰ এটা অভিজ্ঞতাৰ কথা উল্লেখ কৰি লিখিছে, “আমি স্কুলত পঢ়োতে শশী শৰ্মা ছাৰৰ ছোৱালী ৰীতা বাইদেউক আমাৰ শিক্ষয়িত্ৰী হিচাপে পাইছিলোঁ। শকত, বগা, মৰমলগা ৰীতা বাইদেউক যে মৰমতে সাৱটি ধৰোঁ, সাৱটি ধৰোঁ লাগে। বাইদেউ বিয়া হৈছিল মুছলমান ল’ৰালৈ। ইমান একো আলোচনাৰ বিষয় নাছিল। এতিয়া হোৱা হ’লে বাইদেউহঁতৰ নিষ্কলুষ ভালপোৱাক আৰু শশী শৰ্মা ছাৰৰ সন্মানক কিমান জঘন্যকৈ উপস্থাপন কৰা গ’লহেঁতেন!”
আন এগৰাকী সামাজিক মাধ্যম ব্যৱহাৰকাৰী বিনীতা বৰা দেৱ চৌধুৰীয়েও বিষয়টোক লৈ মন্তব্য কৰে। তেওঁ লিখিছে, “কালি ৰাতি বিচনাত পৰি এইখিনি কথাই পাতি আছিলোঁ। প্ৰেম তেতিয়াও কৰিছিল। কিন্তু তুমি কোৱাৰ দৰে সকলো প্ৰতিষ্ঠিত। আৰু এটা তথ্য ওলোৱাৰ লগে লগে মূল বিষয়ৰ পৰা আঁতৰ কৰাৰ এক প্ৰচেষ্টাহে যেন আৰম্ভ হয়।”






























