ElectronicsPriceHike : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : শাৰদীয় উৎসৱৰ বতৰত মূৰে কপালে হাত দিছে সাধাৰণ জনতাই। প্রায় সকলোবোৰ বৈদ্যুতিন সামগ্ৰীৰ মূল্যবৃদ্ধি পাইছে। শীত তাপ নিয়ন্ত্রিত যন্ত্র(এচি বা এয়াৰ কণ্ডিচনাৰ) ৰ পৰা আৰম্ভ কৰি এলইডি টেলিভিছন, বাশ্বিং মেচিন আদিকে ধৰি সকলো বৈদ্যুতিন সামগ্ৰীৰ দাম বৃদ্ধি পাইছে।
নিত্য প্রয়োজনীয় সেই সামগ্রী ক্রয়ৰ বাবে এতিয়াৰে পৰা পাঁচৰ পৰা আঠ শতাংশ পর্যন্ত অতিৰিক্ত ভৰিব লাগিব গ্রাহকে। অহা এক অক্টোবৰৰ পৰা এই সামগ্ৰীবোৰৰ পুনৰ মূল্যবৃদ্ধি পাব। প্রায় প্রতি বছৰে পূজাৰ সময়ত এনে সামগ্ৰীৰ বজাৰ ঊর্ধ্বগামী হয়।
কেৱল সেয়েই নহয়, চাহিদা বৃদ্ধি পোৱাত পূৰ্বতে উৎসৱৰ বতৰত এচি, টিভি বা বাশ্বিং মেচিনৰ মূল্যত নিৰ্মাণকাৰী সংস্থাসমূহে ৰেহাই দিয়ে। এই বছৰ কিয় তেওঁলোকে ওলোটা পথত খোজ দিছে। এয়া এক প্রশ্ন। প্রতি বছৰে গ্ৰাহকে সেয়েহে উৎসৱৰ বতৰত এনে সামগ্রী ক্ৰয় কৰিবলৈ অপেক্ষা কৰি থাকে যদিও এইবাৰ তেনে অপেক্ষাত চেঁচা পানী পৰিব।
মূল্যবৃদ্ধিৰ কাৰণ বিশ্লেষণ কৰিলে দেখা যায় তাম, ইস্পাত আৰু খনিজ তেলৰ কেঁচা সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ বাবে এই পৰিস্থিতি হৈছে। এইসমূহ সামগ্ৰী নিৰ্মাণৰ অন্যতম হৈছে কেঁচা সামগ্রী। তদুপৰি পশ্চিম এছিয়াত যুদ্ধসহ অন্যান্য ভূ-ৰাজনৈতিক অস্থিৰতাৰ বাবে ডলাৰৰ নিৰিখত টকাৰ মূল্য হ্রাস পোৱাত ভাৰতৰ আমদানি ব্যয় বৃদ্ধি পাইছে।
ইয়াৰ ফলত মুদ্রাস্ফীতি হৈছে ঘৰুৱা বজাৰত। সেয়েহে প্রয়োজনীয় সামগ্রী ক্রয় কৰিবলৈ এতিয়া ভাবিব লাগিব দেশৰ গ্ৰাহকে। চলিত বর্ষত এই পর্যন্ত তিনিবাৰ বৃদ্ধি পালে বৈদ্যুতিন সামগ্ৰীৰ মূল্য। নিৰ্মাণ সংস্থাৰ দাবী অনুসৰি তাম, এলুমিনিয়াম, ইস্পাত আৰু খনিজ তেলৰ দৰে কেঁচা সামগ্ৰী আৰু পৰিবহণ ব্যয় বৃদ্ধি হোৱাৰ বাবে তেওঁলোকে এনে সিদ্ধান্ত ল’ব লগা হৈছে।
সূত্রত প্রকাশ যে এক অক্টোবৰৰ পৰা পাঁচ-আঠ শতাংশ এচিৰ মূল্য বৃদ্ধি পাব। ইপিনে, কিছুমান কোম্পানীৰ ৱাশ্বিং মেচিন, ফ্রীজ আৰু এলইডি টিভিৰ মূল্য তিনিৰ পৰা চাৰি শতাংশ বৃদ্ধি হ’ব পাৰে। বাকী সামগ্ৰীৰ ক্ষেত্ৰত এই পর্যন্ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই কোম্পানীবোৰে।
মূল্যবৃদ্ধিৰ বিষয়টোক লৈ আলোচনা চলি আছে। কিয়নো, মূল্যবৃদ্ধি হ’লে উৎসৱৰ বতৰত বিক্ৰী বহু পৰিমাণে হ্রাস পোৱাৰ আশংকা আছে। উদাহৰণস্বৰূপে ৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্রকাশ কৰা অনুসৰি ব্লুষ্টাৰ, গডৰেজ, হাইয়াৰ, ডাইকিন আৰু ছুপাৰ প্লাষ্ট্রনিক্সৰ মূল্যবৃদ্ধি হ’ব পাৰে।
এই কোম্পানীসমূহ বিভিন্ন ধৰণৰ বৈদ্যুতিন সা-সামগ্ৰীৰ মূল্য চাৰিৰ পৰা ১০ শতাংশ বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে। ইপিনে, এচি-ফ্ৰীজৰ মূল্যবৃদ্ধিৰ কথা এই পর্যন্ত পানাছনিকৰ দৰে কোম্পানীয়ে ঘোষণা কৰা নাই।































