Handicraft : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : কামৰূপ জিলাৰ হাজো-শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত হাজো কুমাৰপাৰা নিৱাসী, প্রয়াত পৱিত্ৰ দাসৰ পত্নী তথা মৃৎ শিল্পী প্রণীতা দাসে শিল্পী পেন্সনৰ পৰা বঞ্চিত হৈ থকাত খেদ প্রকাশ কৰিছে মৃৎ শিল্পী গৰাকীয়ে। ১০ বছৰ বয়সৰ পৰা এই মৃৎ শিল্পৰ লগত জড়িত প্রণীতা দাসে জীৱনৰ ৬৫ টা বছৰ পাৰ হোৱাৰ পাছতো শিল্পী পেন্সনতো বাদেই কোনো চৰকাৰী সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাই।
মৃৎ শিল্পী প্রণীতা দাসে জানিবলৈ দিয়া মতে, হাজো কুমাৰপাৰা প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ সময়তে ঘৰৰ আৰ্থিক অনাটনৰ বাবে মাতৃয়ে মাটিৰ বিভিন্ন সামগ্রী তৈয়াৰ কৰা কামত লগাই দিয়ে। তেতিয়াৰ পৰা পঢ়া আধাতে সামৰি মাটিৰ বিভিন্ন সামগ্রী বনোৱাত ব্যস্ত হৈ পৰে ।
তেতিয়াৰ পৰা বিগত প্রায় ৫০ বছৰ ধৰি এই মৃৎ শিল্পৰ স’তে জড়িত হৈ আছে। স্বামীৰ মৃত্যুৰ পাছত পৰিয়াল ভৰণ পোষণৰ দায়িত্ব লৈ বর্তমান পর্যন্ত মাটিৰ বিভিন্ন সামগ্রী তৈয়াৰ কৰি আহিছে।
লগতে তেওঁ আৰু জনোৱা মতে, বর্তমান পূজাৰ বতৰ হোৱা বাবে বেছিভাগ মাটিৰ চাকি বনোৱাত ব্যস্ত হৈ পৰিছে। ইতিমধ্যে প্রায় ৬০ হেজাৰ চাকি বজাৰত মেলি দিয়াৰ বাবে সাজু হৈ থকা বুলি লগতে জানিবলৈ দিয়ে।
তাৰোপৰি মাটিৰ টেকেলি, ঘট, গাছা, মাটিৰ মালৈৰ উপৰি শিশুৰ বাবে মাটিৰ বিভিন্ন খেলনা সামগ্রী তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি পৰিয়াল চলাই আহিছে। অৰ্ডাৰ অনুসৰি গুৱাহাটীকে ধৰি ইয়াৰ নিকটৱৰ্তী বিভিন্ন ঠাই, দোকান আদিতো মাটিৰ বিভিন্ন সামগ্রী যোগান ধৰি অহাৰ কথা উল্লেখ কৰে।
আনকি তেওঁ চৰকাৰী ভাৱে বিভিন্ন সময়ত নিৱনুৱা যুৱক যুৱতীক মাটিৰ বিভিন্ন সামগ্রী বনোৱাৰ প্রশিক্ষণো দি আহিছে। মৃৎ শিল্পী প্রণীতা দাস শাৰীৰিকভাৱে অসুস্থ হ’লেও নিজৰ কৰ্ম নিৰবচ্ছিন্নভাবে আগবঢ়াই নিছে আৰু অইন ১০ জনকো অনুপ্রাণিত কৰিছে।
তেওঁক চৰকাৰী ভাবে শিল্পী পেন্সন দিয়াৰ বাবে হাজো ৰাইজ সমিতি, সদৌ অসম কুমাৰ সম্মিলনেও সঁহাৰি জনাইছে। এই ক্ষেত্রত মৃৎ শিল্পী প্রণীতা দাসেও হাজো-শুৱালকুছি সমষ্টিৰ বিধায়কৰ জৰিয়তে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে।































