CJP : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : গুৱাহাটীত ককৰ’চ জনতা পার্টি (চিজেপি)ৰ নেতা-কর্মীক আৰক্ষীয়ে অপ্ৰৰোচিতভাবে গ্ৰেপ্তাৰ কৰাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। কি কাৰণত আৰক্ষীয়ে এই ধৰণৰ আক্ৰমণাত্মক আচৰণ প্রদর্শন কৰিলে সেয়াও স্পষ্ট কৰা নাই। আনকি চৰকাৰেও বিষয়টোত সম্পূর্ণ নীৰৱতা অবলম্বন কৰিছে। সাধাৰণ লোকৰ মাজত ইয়াৰ চৰ্চা চলাৰ উপৰি বিৰোধী ৰাজনৈতিক দলেও এই ঘটনাত প্রতিক্রিয়া ব্যক্ত কৰি চৰকাৰক কঠোৰভাবে সমালোচনা কৰিছে।
চৰকাৰে সত্যৰ মুখামুখি হোৱাৰ সাহস হেৰুৱাই পেলাই এনে পদক্ষেপ গ্রহণ কৰা বুলি সমালোচনাত মুখৰ হৈছে বিৰোধী দল।প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে চৰকাৰৰ ভূমিকাক সমালোচনা কৰি কয় যে শান্তিপূর্ণভাবে মত প্রকাশ কৰা একাধিক অসমীয়া যুৱক-যুৱতী, ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ আৰু সমাজকর্মীক আৰক্ষীয়ে আটক কৰা কাৰ্য তীব্ৰ গৰিহণাযোগ্য।
গগৈয়ে সামাজিক মাধ্যমযোগে প্রশাসনৰ এই পদক্ষেপক সম্পূর্ণৰূপে অনাকাংক্ষিত, অযুক্তিকৰ আৰু বেআইনী আখ্যা দিয়ে। গগৈয়ে লগতে কয়, ‘বিজেপি যুৱ প্ৰজন্মক লৈ ইমান শংকিত কিয়? বিজেপিৰ হিন্দু-মুছলমান মেৰুকৰণৰ বিভাজনমুখী ৰাজনীতিক যুৱ প্ৰজন্মই প্রত্যাখান কৰাৰ বাবেই চৰকাৰখন ভীতিগ্রস্ত হৈ পৰিছে নেকি? গণতান্ত্রিক প্রক্রিয়াক ভেঙুচালি কৰি ভয়াতুৰ বিজেপিয়ে যুৱ প্ৰজন্মৰ ভোট চুৰি কৰিবলৈ আৰু তেওঁলোকৰ মুক্ত কণ্ঠ ৰোধ কৰিবলৈ এনে দমনমূলক ব্যৱস্থা গ্রহণ কৰিছে।
গণতন্ত্রত সমালোচনা বা মুক্ত চিন্তাক এনেদৰে দমন কৰা কাৰ্য কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে।’ গগৈয়ে আটক হোৱা যুৱক-যুৱতী আৰু সমাজকৰ্মীসকলৰ প্রতি সমর্থন আগবঢ়ায়।
নতুন প্ৰজন্মৰ কণ্ঠক লৈ চৰকাৰ শংকিত অজাপ
চিজেপিৰ স্বেচ্ছাসেৱক সভা অনুষ্ঠিত কৰাত অসম আৰক্ষীয়ে বাধা প্রদান কৰা আৰু সংগঠনটোৰ কেন্দ্ৰীয় সহকাৰী আহ্বায়ক আশুতোষ ৰাংকাকে ধৰি কেন্দ্ৰীয় নেতৃত্ব তথা কে’বাজনো সদস্যক আটক কৰাৰ ঘটনাক গৰিহণা দিছে অসম জাতীয় পৰিষদে। এই সন্দৰ্ভত দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘মাত্র দুদিন পূর্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কৈছিল চিজেপিৰ কথা কোনেও নুশুনে; কিন্তু আজি স্বয়ং দিছপুৰতেই চিজেপিৰ স্বেচ্ছাসেৱক সভা অনুষ্ঠিত কৰাত আৰক্ষীয়ে বাধা প্রদান কৰিছে। আশুতোষ ৰাংকাসহ নেতা-কর্মীক আৰক্ষীয়ে আটক কৰিছে।
অসম আৰক্ষীৰ এনে দমনমূলক আচৰণক আমি নিন্দা কৰিছো। এটা গণতান্ত্রিক ব্যৱস্থাত নতুন প্ৰজন্মৰ প্রতিনিধিসকলে একেলগে বহি আলোচনা কৰিব খোজোতেও যদি বাধাৰ সম্মুখীন হয়, তেন্তে প্রশ্ন উঠিবই- চৰকাৰৰ ভয় ক’ত? চিজেপিক লৈ মুখ্যমন্ত্ৰীৰ আশংকা কিহত?’ তদুপৰি গগৈয়ে কয় যে অসমত গণতান্ত্রিক মত প্রকাশ আৰু সংগঠিতভাৱে নিজৰ কথা কোৱাৰ অধিকাৰ সংকুচিত কৰাৰ পৰিৱেশ সৃষ্টি হৈছে, অথচ মত প্রকাশ, আলোচনা কৰা আৰু সংগঠিতভাৱে নিজৰ কথা কোৱাৰ অধিকাৰ গণতন্ত্ৰৰ মৌলিক আধাৰ।
বিৰোধীৰ মতক বাধা দিয়াৰ পৰিৱৰ্তে যুক্তিৰে উত্তৰ দিয়াটোৱেই গণতান্ত্রিক সংস্কৃতিৰ পৰিচয়। আনহাতে, নতুন প্ৰজন্মই নিজৰ অধিকাৰ, ভৱিষ্যৎ আৰু ৰাজ্যৰ বিভিন্ন বিষয়ক লৈ প্রশ্ন কৰিব, আলোচনা কৰিব আৰু নিজৰ মত প্রকাশ কৰিবই। এই অধিকাৰ কোনো কাৰণতে সংকুচিত হোৱা উচিত নহয়। এই অধিকাৰক কোনো কাৰণতে খর্ব হ’বলৈ দিয়া নহ’ব। তদুপৰি তেওঁ কয় যে গণতান্ত্রিকভাবে সভা-সমিতি অনুষ্ঠিত কৰা আৰু মত প্রকাশ কৰাৰ অধিকাৰ কোনো চৰকাৰেই কেৱল আৰক্ষীৰ শক্তিৰে বাধা দিব নোৱাৰে।
চিজেপিৰ নেতা-কর্মীক আটক কৰাৰ ঘটনাক গৰিহণা দি গগৈয়ে লগতে কয়, ‘চিজেপি কোনো ৰাজনৈতিক দল নহয়, এয়া ছাত্র সমাজৰ এটা চিন্তা। এখন সভা কৰিবলৈ বিচাৰোতেই তেওঁলোকক আটক কৰাটো গৰিহণাৰ যোগ্য।’
গণতান্ত্রিক অধিকাৰ ধূলিস্যাৎঃ ৰাইজৰ দল
চিজেপিৰ নেতৃত্বৰ লগতে কে’বাজনো কর্মীক আটক কৰা কাৰ্যক গৰিহণা দিছে ৰাইজৰ দলে। দলৰ নেত্রী জ্ঞানশ্ৰী বৰাই কয় যে এক ব্যক্তিগত স্থানৰ পৰা অসম চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰেৰে আৰক্ষীক ব্যৱহাৰ কৰি সংঘটিত কৰা এনে কাণ্ডৰে দেশৰ গণতান্ত্রিক ব্যৱস্থাটোকে নস্যাৎ কৰিছে। ইয়াৰ মূল কাৰণ হ’ল চৰকাৰখনৰ মনত জন্মা ভয়। কাৰণ চৰকাৰৰ কর্মকাণ্ডক চিজেপিয়ে উদঙাই দিছে। চৰকাৰে ৰাইজৰ গণতান্ত্রিক অধিকাৰ ধূলিস্যৎ কৰা বুলিও বৰা সৰব হয়।






























