MunicipalWorkers : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : শাৰদীয় দুর্গা পূজাৰ প্ৰাক্ষণত আৱৰ্জনাৰ দ’মত উশাহ ল’ব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে তিনিচুকীয়া চহৰত। পৌৰসভাৰ চাফাই কৰ্মচাৰীসকলে কালিৰে পৰা অনির্দিষ্টকালীন কর্মবিৰতি ঘোষণা কৰাৰ পাছত চহৰৰ প্রতিটো ৱাৰ্ডতে জাৱৰ জমা হ’বলৈ আৰম্ভ হৈছে।
চাফাই কৰ্মচাৰীসকলৰ অভিযোগ অনুসৰি দীর্ঘদিন ধৰি অতি নিম্ন মজুৰিত তেওঁলোকে চহৰখন পৰিষ্কাৰ কৰাৰ দায়িত্ব পালন কৰি আহিছে। বাৰে বাৰে দাবী জনোৱাৰ পাছতো পৌৰসভাই তেওঁলোকৰ দাবীৰ প্ৰতি গুৰুত্ব আৰোপ কৰা নাই। তেওঁলোকৰ মূল দাবী হৈছে মজুৰি বৃদ্ধি, ঠিকাদাৰী প্রথা বাতিল আৰু স্থায়ী নিযুক্তি।
দাবী পূৰণ নোহোৱা পর্যন্ত কর্মবিৰতি অব্যাহত ৰখাৰ কথা কৰ্মচাৰীসকলে ঘোষণা কৰিছে। এই কর্মবিৰতিৰ প্ৰভাৱ সাধাৰণ ৰাইজৰ ওপৰত বাৰুকৈয়ে পৰিছে। বুধবাৰে পুৱাৰে পৰা চহৰখনৰ প্ৰায়বোৰ অঞ্চলতে ৰাস্তাৰ কাষত জাৱৰৰ দ’ম দেখা গৈছে।
সময়মতে জাৱৰ পৰিষ্কাৰ নকৰাৰ বাবে গেলা-পচা দুর্গন্ধ চৌদিশে বিয়পি পৰিছে। সেই দুৰ্গন্ধৰ মাজেৰেই বাট বুলিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈকে সকলো। এই ক্ষেত্রত স্থানীয় সচেতন মহলে অভিযোগ উত্থাপন কৰি কয় যে চাফাই কর্মীসকলৰ ন্যায্য দাবীৰ প্ৰতি সঁহাৰি নজনাই পৌৰসভাই উদাসীনতা দেখুৱাইছে।
পৌৰপতি পুলক চেতিয়াৰ উদাসীনতাৰ বাবেই তিনিচুকীয়া চহৰবাসীয়ে এনে দুর্ভোগ ভুগিবলগীয়া হৈছে। এতিয়া প্রশ্ন হয়, পূজাৰ পূৰ্বে পৌৰসভাই কৰ্মচাৰীসকলৰ স’তে আলোচনাত বহি এই সমস্যাৰ সমাধান কৰিবনে নে? নে আৱৰ্জনাৰ দুৰ্গন্ধৰ মাজতেই তিনিচুকীয়াবাসীয়ে দিন পাৰ কৰিব লাগিব। সেয়া সময়তহে লক্ষ্যণীয় হ’ব।































