UPIPayments : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ডিজিটেল ইণ্ডিয়া গঢ়াৰ লক্ষ্যৰে কেছলেছ অৰ্থনীতিৰ ওপৰত গুৰুত্ব দিছিল মোদী চৰকাৰে। কিন্তু এইবাৰ অনলাইন পেমেণ্টত অতিৰিক্ত মাচুল (MDR on UPI) আৰোপৰ নিৰ্দেশনা জাৰি হৈছে।
এনে পৰিস্থিতিত বৃহৎ সংখ্যক গ্ৰাহকে ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে। এটা সমীক্ষাত এনে দাবী কৰা হৈছে। এটা সৰ্বভাৰতীয় সংবাদমাধ্যমত প্ৰকাশিত প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে।
আগন্তুক ১৫ অক্টোবৰৰ পৰা দুই হেজাৰ টকাৰ অধিক মূল্যৰ UPI লেনদেনৰ ওপৰত ব্যৱসায়ীসকলে ০.৪ শতাংশ MDR দিব লাগিব। বহু গ্ৰাহকৰ আশংকা, এই অতিৰিক্ত মাচুল ব্যৱসায়ীসকলে তেওঁলোকৰ পৰাই আদায় কৰিব। সেইবাবেই তেওঁলোকে এনে কোনো ধৰণৰ আশংকা ল’ব নিবিচাৰে।
দেশজুৰি ২৯১খন জিলাৰ ৬৭ হেজাৰ ইউজাৰৰ স’তে কথা পাতি এই সমীক্ষা চলোৱা হৈছে। তেওঁলোকৰ ৭৬ শতাংশই স্পষ্টকৈ জনাইছে যে এইবাৰ তেওঁলোকে নগদ ধন, ক্ৰেডিট বা ডেবিট কাৰ্ড অথবা বেংক ট্ৰেন্সফাৰৰ দৰে পদ্ধতিলৈ ঘূৰি যাব।
মাত্ৰ ১৪ শতাংশ UPI ইউজাৰে জনাইছে যে তেওঁলোকে UPIৰ জৰিয়তেই লেনদেন কৰিব আৰু অতিৰিক্ত মাচুল তেওঁলোকৰ পৰা বিচাৰিলেও তেওঁলোকে সন্মত হ’ব। বাকী ১০ শতাংশ ইউজাৰৰ দাবী, তেওঁলোকে আন কোনো ধৰণৰ লেনদেনৰ পদ্ধতিৰ কথা চিন্তা কৰিব।
উল্লেখ্য যে MDR বিষয়টো কি? কোনো ব্যৱসায়ীয়ে অনলাইনযোগে ধন গ্ৰহণ কৰিলে তাৰ বাবে বেংকক এক নিৰ্দিষ্ট পৰিমাণৰ মাচুল দিব লাগে। এই MDR অৰ্থাৎ Merchant Discount Rate ২০২০ চনৰ পাছৰ পৰা ভাৰতীয় বজাৰত কাৰ্যকৰী হৈ থকা নাছিল। সেই সময়ৰ পৰাই ভাৰতত অনলাইন লেনদেনৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰে।
এইবাৰ মোদী চৰকাৰে MDR পুনৰ প্ৰৱৰ্তনৰ লক্ষ্যৰে আইন গৃহীত কৰিছে। অৱশ্যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জনাইছে যে সৰু ব্যৱসায়ীসকলক এই অতিৰিক্ত মাচুলৰ আওতালৈ অনা নহ’ব।
অৱশ্যে কংগ্ৰেছৰ আশংকা, ব্যৱসায়ীসকলৰ ওপৰত কৰ আৰোপৰ এয়া আৰম্ভণিহে। পৰৱৰ্তী সময়ত কেন্দ্ৰই সকলো ধৰণৰ পেমেণ্টৰ ওপৰতে মাচুল আৰোপ কৰিব পাৰে।
































