NortheastFrontierRailway : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তবে ৰেলৱে আন্তঃগাঁথনি আৰু যাত্ৰীৰ সা-সুবিধাসমূহৰ পৰ্যালোচনা কৰাৰ অংশৰূপে যোৱা ২৮ ছেপ্টেম্বৰত ছাইৰাং ৰেল ষ্টেছন পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত তেওঁৰ স’তে মুখ্য কার্যালয় আৰু লামডিং মণ্ডলৰ জ্যেষ্ঠ বিষয়াবর্গও উপস্থিত আছিল। পৰিদৰ্শনৰ সময়ত মহাপ্রবন্ধকজনে ছাইৰাং ৰেল ষ্টেছনৰ সামগ্রিক কাম-কাজ আৰু উন্নয়নমূলক কার্যকলাপৰ নিৰীক্ষণ কৰি যাত্ৰীৰ সা-সুবিধা,পৰিচালনগত দক্ষতা, সুৰক্ষা ব্যৱস্থা আৰু ষ্টেছনৰ আন্তঃগাঁথনিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।
তেওঁ বিভিন্ন যাত্ৰীৰ সা-সুবিধা পৰিদৰ্শন কৰাৰ লগতে যাত্ৰীসকলৰ স্বাচ্ছন্দ্য আৰু সুগম চলাচলৰ বাবে গ্রহণ কৰা বিভিন্ন ব্যৱস্থা সমূহৰো পৰিদৰ্শন কৰে। সংশ্লিষ্ট বিষয়াবর্গই ষ্টেছনত বর্তমান উপলব্ধ সুবিধাসমূহ, পৰিচালনগত বিভিন্ন দিশ আৰু নিৰ্মাণাধীন প্রস্তাবিত উন্নয়নমূলক কাম-কাজৰ বিষয়ে মহাপ্রবন্ধকজনক অৱগত কৰায়।
চেতন কুমাৰ শ্রীবাস্তবে সংশ্লিষ্ট বিষয়াবৰ্গক পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু যাত্ৰীৰ সুবিধাৰ উন্নত মান বজাই ৰাখিবলৈ লগতে উপলব্ধ সুবিধাসমূহ সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰাৰ ওপৰত নিশ্চিত কৰাৰ বাবে নির্দেশ দিয়ে। মহাপ্রবন্ধকজনে ষ্টেছনৰ পৰিচালনগত প্রস্তুতিৰো পর্যালোচনা কৰাৰ লগতে উচ্চ পৰ্যায়ৰ নিৰ্ভৰযোগ্যতা তথা সেৱাৰ মান বজাই ৰখাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই পৰিদৰ্শন কাৰ্যসূচীৰ অংশৰূপে মহাপ্রবন্ধকজনে ছাইৰাঙৰ পৰা ভৈৰবীলৈ এক উইণ্ড’-ট্রেইলিং পৰিদৰ্শনো কৰে। এই পৰিদৰ্শনৰ সময়ত তেওঁ ৰেলপথ আৰু ৰেলৱে আন্তঃগাঁথনিৰ অৱস্থা, বৈদ্যুতিকৰণ কাম-কাজৰ অগ্রগতি, নতুনকৈ প্ৰৱৰ্তন কৰা সা-সুবিধাসমূহৰ লগতে সংশ্লিষ্ট খণ্ডটোত চলি থকা অন্যান্য উন্নয়নমূলক কাম-কাজসমূহৰো নিৰীক্ষণ কৰে।
এই পৰিদৰ্শনে মিজোৰামৰ হকে সেৱা আগবঢ়োৱা এক গুৰুত্বপূৰ্ণ ৰেল ষ্টেছনৰূপে ছাইৰাঙৰ ক্রমবর্ধমান গুৰুত্বৰ স’তে সংগতি ৰাখি যাত্রী সুবিধা আৰু ষ্টেছনৰ আন্তঃগাঁথনিৰ অধিক উন্নয়নৰ সম্ভাৱনাসমূহৰ মূল্যায়ন কৰাৰো সুযোগ প্রদান কৰিছে। মহাপ্রবন্ধকজনে বিষয়াবর্গক যাত্ৰীসকলৰ বাবে সুৰক্ষিত, দক্ষ আৰু আৰামদায়ক যাত্রা অভিজ্ঞতা প্ৰদান কৰাৰ লগতে ৰেলৱেৰ সম্পদসমূহৰ ফলপ্রসূ ব্যৱহাৰ আৰু সঠিক ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে।
এই পৰিদৰ্শনে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা সমগ্র অঞ্চলটোত ৰেলৱে আন্তঃগাঁথনি শক্তিশালীকৰণ, যাত্ৰীৰ সুবিধাৰ উন্নতকৰণ আৰু পৰিচালনগত দক্ষতা বৃদ্ধি কৰাৰ অব্যাহত প্রচেষ্টাৰে এক অংশ। জ্যেষ্ঠ ৰেলৱে বিষয়াবৰ্গৰ দ্বাৰা নিয়মীয়া পৰিদৰ্শনে উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ নিৰীক্ষণ, অধিক মনোযোগৰ প্ৰয়োজন হোৱা ক্ষেত্ৰসমূহৰ চিনাক্তকৰণ আৰু ৰেলৱেৰ সা-সুবিধাসমূহ নিৰ্ধাৰিত মান অনুসৰি ৰক্ষণাবেক্ষণ কৰাটো নিশ্চিত কৰাত সহায় কৰিব।
































