MissionChariali : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ঠিকাদাৰ প্ৰতিষ্ঠানৰ অপৰিকল্পিত আৰু চূড়ান্ত হেমাহিৰ বাবেই গড়কাপ্টানী বিভাগৰ তত্ত্বাবধানত নির্মাণ হৈ থকা তেজপুৰৰ মিছন চাৰিআলি উৰণীয়া সেতুৰ নিৰ্মাণ কার্য নির্ধাৰিত সময়ত সম্পূৰ্ণ হৈ নুঠিল। বিগত পাঁচ বছৰে এইখন সেতু সম্পূর্ণ নোহোৱাত সৰ্বসাধাৰণে জীয়াতু ভোগাই নহয়, সৰ্বসাধাৰণ অতিষ্ঠ হৈ পৰাৰ পাছত শেহতীয়াকৈ শোণিতপুৰৰ অভিভাৱক মন্ত্রী বিশ্বজিত দৈমাৰীয়ে এইখন উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম অহা মাৰ্চত সম্পূর্ণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে যদিও ৰাইজ কিন্তু এই কথাত আশ্বস্ত হ’ব পৰা নাই।
উল্লেখ্য যে গুৱাহাটীৰ এক ঠিকাদাৰ প্রতিষ্ঠানে এইখন সেতু নিৰ্মাণৰ ক্ষেত্ৰত আৰম্ভণিৰ পৰাই মইমতালি প্ৰদৰ্শন কৰি অহাৰ বিপৰীতে ৰহস্যজনকভাৱে চৰকাৰ তথা প্রশাসনে এই ঠিকাদাৰ প্রতিষ্ঠানৰ বিভিন্ন বিসংগতিপূর্ণ কামত বাধা দিয়াৰ সাহস কৰিব পৰা নাই।
প্রণিধানযোগ্য যে মিছন চাৰিআলিৰ উৰণীয়া সেতুখনৰ ব্যয় পূৰ্বৰ নিৰ্ধাৰিত ব্যয়ৰ পৰিৱৰ্তে বৃদ্ধি কৰা হয় আৰু ৰাজ্য চৰকাৰৰ কেবিনেটে এই পৰিমাণ ৪৭৪ কোটি ২৫লাখ টকালৈ বৃদ্ধিৰ অনুমোদনত পুনৰ বৈধকৰণত সন্মতি দিয়ে। কিন্তু আচৰিত কথাটো হ’ল এই সেতুখন নিৰ্মাণৰ সময়ত উপযুক্ত সেৱা পথ নিৰ্মাণৰ ক্ষেত্রত ইমানদিনে ঠিকাদাৰ প্রতিষ্ঠানে কোনো গুৰুত্বই আৰোপ নকৰিলে।
পৰিণতিত এই সেৱা পথৰ নামত সেতুখনৰ কাষেৰে একোটা খাৱৈ, পুখুৰীৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ মাজৰে বিপদসংকুল অৱস্থাত সৰ্বসাধাৰণে যাতায়াত কৰিবলগীয়া হয়। কেৱল সিমানেই নহয়, অভিযোগ অনুসৰি, নিৰ্মাণকাৰী সংস্থাই সেতুখনৰ নির্মাণত পর্যাপ্ত শ্রমিক আৰু আধুনিক যন্ত্রপাতি ব্যৱহাৰ নকৰাৰ উপৰি পথৰ দুয়োকাষে সুৰক্ষা বেষ্টনীও গঢ়া নায়।
আনকি বছৰৰ পাছত বছৰ মজুত কৰি ৰখা লোহা আদিত মামৰ ধৰাৰ পাছতো তেনে সামগ্রীয়েই নির্মাণ কাৰ্যত ব্যৱহাৰ কৰি গৈছে। অসুৰক্ষিতভারে নির্মাণ কাৰ্য কৰাৰ ফলত ইয়াৰ সামগ্রী খহি ইতিমধ্যে স্থানীয় লোক আহত হোৱাৰ লগতে শ্রমিকো নিহত হৈছে। কিন্তু উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যান-বাহন স্থায়ী ছাৰ্ভিচ ৰ’ড নিৰ্মাণ নকৰাৰ উপৰি ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কাৰ্যৰ বাবে প্রয়োজনীয় গধুৰ সামগ্রী, শিল, বালি-মাটি আদি খালৰ দৰে বিপদজনক পথৰ কাষতে জধে-মধে জমা কৰি থৈছে।
এতিয়াও বহু পৰিমাণৰ কাম বাকী থকা সত্ত্বেও ঠিকাদাৰ প্ৰতিষ্ঠানে নির্মাণ কার্যত প্রয়োজন অনুসৰি শ্ৰমিকৰ ব্যৱহাৰ নকৰাৰ বিপৰীতে ইয়াত ব্যৱহাৰ কৰা লৌহ সামগ্ৰীৰ অৱস্থাই সেতুখনৰ ভৱিষ্যতক লৈ সাধাৰণ মানুহ চিন্তিত হ’লেও শক্তিশালী ঠিকাদাৰ প্ৰতিষ্ঠানক ৰহস্যজনক কাৰণতে কোৱালিটি কন্ট্রোলৰ দৰে বিভাগে প্রশ্ন কৰাৰ সাহস কৰা নাই। এনে অৱস্থাত সাধাৰণ ৰাইজৰ মাজত চর্চিত হৈছে যে ৰাজনৈতিক আশিস ধন্য ঠকাদাৰ প্ৰতিষ্ঠান হোৱাৰ বাবেই বর্ধিত পৰিমাণে ধনৰ অনুমোদন লাভ কৰিলেও ছাৰ্ভিচ পথৰ নিৰ্মাণ, শ্রমিক বৃদ্ধি তথা সঠিক সামগ্রী ব্যৱহাৰৰ আদি দিশবোৰ ইচ্ছাকৃতভাৱেই উপেক্ষা কৰি গৈছে।































