Silchar : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় পাৰ হৈ যাবলৈ শিলচৰত এখন এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগত কাছাৰ জিলাৰ চাৰিজন আৰক্ষী বিষয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। বিভাগীয় তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এই নিলম্বন বাহাল থাকিব।
অক্টোবৰ ৩ৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে শিলচৰত এদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা মুখ্যমন্ত্ৰী শৰ্মাই বুধবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰোগীজন আৰু তেওঁৰ পৰিয়ালৰ ওচৰত পোনপটীয়াকৈ ক্ষমা বিচাৰে।
মুখ্যমন্ত্ৰীৰ কনভয় ৰামনগৰ আইএছবিটিৰ অঞ্চল পাৰ হৈ যোৱাৰ সময়ত এখন এম্বুলেঞ্চ ৰৈ থকা এটা ভিডিঅ’ প্ৰকাশ পোৱাৰ পাছতে তেওঁ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
বুধবাৰে ‘এক্স’ত কৰা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়,“জৰুৰী চিকিৎসাৰ প্ৰয়োজন হোৱা কোনো জীৱনৰ ওপৰত কোনো মুখ্যমন্ত্ৰীৰ যাত্ৰাই কেতিয়াও অগ্ৰাধিকাৰ লাভ কৰা উচিত নহয়।”
তেওঁ লগতে কয় যে ভিআইপি চলাচলৰ ফলত যাতে সাধাৰণ নাগৰিক অথবা জৰুৰীকালীন সেৱা ব্যাহত নহয়, সেই বিষয়ত তেওঁ বিষয়াসকলক বাৰে বাৰে নিৰ্দেশ দি আহিছে।
তেওঁৰ নিৰ্দেশ কিয় পালন কৰা নহ’ল, সেই বিষয়ে তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
ঘটনাটোৰ পাছতে কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে এক আনুষ্ঠানিক নিৰ্দেশ জাৰি কৰি চাৰিজন আৰক্ষী কৰ্মীক নিলম্বন কৰে। পথত যান-বাহন নিয়ন্ত্ৰণৰ কৰ্তব্য পালনৰ সময়ত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগৰ বিভাগীয় তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত তেওঁলোক নিলম্বিত হৈ থাকিব।
নিলম্বিত হোৱা চাৰিজন আৰক্ষী কৰ্মীৰ ভিতৰত আছে—শিলচৰ থানাৰ অধীনস্থ শ্ৰীকোণা আৰক্ষী পইণ্টৰ ভাৰপ্ৰাপ্ত বিষয়া এছ আই বিজয় গোস্বামী, নেচনেল হাইৱে ৱে আৰক্ষী পইণ্টৰ এছ আই শিৱশংকৰ দাস, কাটিগড়া থানাৰ এলএনকে জাহুৰুল ইছলাম আৰু শিলচৰ ট্ৰেফিক শাখাৰ এলএনকে কাৱছাৰ আহমেদ বৰভূঞা।































