দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ ফুড এন্ড ড্রাগ এডমিনিস্ট্রেচন (এফডিএ)ৰ আয়ুক্ত তুকাৰাম মুণ্ডেৰ নেতৃত্বত খাদ্য ভেজালকৰণৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত আছে। এইবাৰ মুণ্ডেয়ে ‘বেবী ফুড’ নামৰে শিশুৰ বাবে তৈয়াৰী খাদ্য বিক্ৰী কৰা ব্ৰেণ্ডৰ বিৰুদ্ধে কঠোৰ নিয়ম বলৱৎকৰণৰ বাবে সাজু হ’ল। এফডিএয়ে কয় যে শিশুৰ বাবে তৈয়াৰী তথাকথিত ‘বেবী ফুড’ বিক্ৰী কৰাৰ অনুমতি থাকিব যদিও এনে খাদ্যৰ প্ৰস্তুতকাৰক কোম্পানীয়ে কিছুমান নিয়ম পালন কৰিব লাগিব।
খাদ্যৰ মান আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ সন্দৰ্ভত এফডিএয়ে মহাৰাষ্ট্ৰত ব্যাপক অভিযান অব্যাহত ৰাখি দেশজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ সময়তে এইবাৰ এফডিএৰ আয়ুক্ত মুণ্ডেয়ে ‘বেবী ফুড’ প্ৰস্তুত কৰা কোম্পানীসমূহক উৎপাদিত খাদ্যত মাতৃ দুগ্ধ সবাতোকৈ উৎকৃষ্ট’ বুলি বার্তা লিখিবলৈ নির্দেশ দিলে।
তদুপৰি শিশু খাদ্যৰ পেকেটত মাতৃ আৰু শিশুৰ ফটো ব্যৱহাৰ কৰিব নোৱাৰিব বুলিও মুণ্ডেয়ে স্পষ্ট কৰি দিলে। এফডিএৰ এই নির্দেশনা দুবছৰতকৈ কম বয়সৰ শিশুৰ বাবে তৈয়াৰ কৰা সকলো ধৰণৰ শিশু খাদ্যত প্রযোজ্য হ’ব।
শিশু খাদ্যৰ বিজ্ঞাপনত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে মুণ্ডেয়ে নির্দেশনা দি কয় যে শিশু খাদ্যৰ পেকেটত ‘এই খাদ্য কেৱল ছমাহতকৈ অধিক বয়সৰ শিশুৰ অতিৰিক্ত খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি’ বুলি উল্লেখ কৰিব লাগিব।































