দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : পথৰ জৰাজীৰ্ণ অৱস্থাই দীর্ঘদিন ধৰি জীয়াতু ভোগাই আহিছে খুমটাইৰ নভেটা অঞ্চলৰ ৰাইজক। ৰাজেন চাৰিআলিৰ পৰা নভেটা বিদ্যালয় সংযোগী পথটো মেৰামতি তথা নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে পঞ্চায়তৰ প্ৰতিনিধি, বিধায়ক মৃণাল শইকীয়া আৰু সংশ্লিষ্ট বিভাগৰ ওচৰত বাৰম্বাৰ আবেদন জনোৱাৰ পাছতো সমস্যাৰ স্থায়ী সমাধান নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে।
ৰাইজৰ অভিযোগ অনুসৰি, দীর্ঘদিন ধৰি পথটো মেৰামতিৰ অভাৱত যাতায়াতৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হৈ আহিছে। বিশেষকৈ বাৰিষা পথটোৰ অৱস্থা অধিক শোচনীয় হৈ পৰে। অৱশেষত চৰকাৰী ব্যৱস্থাৰ আশাত নাথাকি অঞ্চলটোৰ ৰাইজে নিজাববীয়াকৈ ধন সংগ্ৰহ কৰি এক্সেভেটৰৰ সহায়ত পথটো মেৰামতি কৰিবলৈ বাধ্য হয়।
ৰাইজে অভিযোগ কৰে যে পথ নিৰ্মাণৰ দাবী লৈ বিধায়ক শইকীয়াৰ কাষ চাপিলেও তেওঁলোক আশানুৰূপ সঁহাৰি লাভকৰা নাই। ৰাইজৰ একাংশই বিধায়কজনৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি কয় যে পথটোৰ ক্ষেত্ৰত দীর্ঘদিন ধৰি গুৰুত্ব দিয়া হোৱা নাই।
পথটোৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে শীঘ্ৰে চৰকাৰ তথা সংশ্লিষ্ট বিভাগে পদক্ষেপ গ্রহণ কৰি পথটো পকীকৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে।































