WomenAndChildDevelopment : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ৰাজ্যৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ অধীনস্থ বিভিন্ন আঁচনিৰ সামগ্ৰী যোগানত গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে প্ৰদান কৰা পুষ্টিকৰ খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি শিশু শিক্ষণ সামগ্রী যোগানলৈকে কোটি কোটি টকাৰ অনিয়ম সংঘটিত হৈছে।
এই ক্ষেত্রত প্রতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সম্পাদক নৃপেন মালাকাৰে তথ্য জনাৰ অধিকাৰ আইনৰ আশ্ৰয় লোৱা সত্ত্বেও সংশ্লিষ্ট বিভাগে সম্পূর্ণ তথ্য নিদিয়াত বিষয়টোক অধিক ৰহস্যঘন কৰি তুলিছে।
মালাকাৰে কয় যে ব্যুৰ’ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্চ (বিআইএছ)-ৰ প্রয়োজনীয় অনুজ্ঞাপত্র নথকাকৈয়ে একাংশ ঠিকাদাৰী প্রতিষ্ঠানে শিশু খাদ্য সামগ্রী যোগান ধৰিছে। শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতিৰ পুষ্টিৰ বাবে ৰূপায়ণ কৰা আঁচনিৰ অধীনত প্ৰদান কৰা ‘ৰেডী টু ইট’ (এচএনপি) সামগ্রী যোগানৰ ক্ষেত্ৰত ঠিকাদাৰী প্ৰতিষ্ঠানৰ যোগানৰ মূল্য আৰু সামগ্ৰীৰ গুণগত মানক লৈও প্রশ্ন উত্থাপন হৈছে।
আনহাতে, শিশু শিক্ষণ সামগ্রী যোগানৰ ক্ষেত্ৰতো বজাৰ মূল্য প্রায় পাঁচ-ছয় হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে প্ৰায় ৩৮-৩৯ হেজাৰ টকা পর্যন্ত মাচুল দেখুওৱা হৈছে। এই অভিযোগৰ সত্যতা নিৰূপণৰ বাবে ক্ৰয়ৰ নথি, টেণ্ডাৰ, যোগানৰ চালান, বিল-ভাউছাৰ আৰু পেমেণ্টৰ নথি পৰীক্ষা কৰাটো অত্যন্ত গুৰুত্বপূর্ণ।
এই ক্ষেত্রত প্রকৃত তথ্য পোহৰলৈ অনাৰ উদ্দেশ্যে মালাকাৰে ২০২৪ ৰ ৩১ ডিচেম্বৰত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত মহিলা আৰু শিশু কল্যাণ কল্যাণ সঞ্চালকালয়ৰ ওচৰত আবেদন দাখিল কৰে। বিশেষকৈ এছএনপি যোগান ধৰা ঠিকাদাৰী প্ৰতিষ্ঠান, আঁচনিৰ সামগ্রী প্রদান, যোগানৰ মূল্য আৰু সংশ্লিষ্ট নথি বিচৰা হয়।
কিন্ত আবেদন কৰাৰ পাছতো বিভাগীয় কর্তৃপক্ষই বিচৰা তথ্য প্রদান নকৰিলে। বাৰম্বাৰ আবেদন কৰাৰ পাছতো সঠিক তথ্য লাভ নকৰাত বিষয়টো তথ্য আয়োগৰ ওচৰলৈ যায়। তথ্য আয়োগৰ পৰা তথ্য প্রদানৰ নিৰ্দেশ লাভ কৰাৰ পাছতো সঞ্চালকালয়ে ঠিকাদাৰী প্রতিষ্ঠান সম্পর্কীয় তথ্য যোগান ধৰা নাই।
বিভাগীয় পর্যায়ত তথ্য লাভ নকৰাৰ পাছত বিষয়টোলৈ তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত ১০৫ /২০২৫ আৰু ৫১৬৩/২০২৬ নম্বৰত দুখন লেখ আবেদন দাখিল কৰে। উচ্চ ন্যায়ালয়ত দাখিল কৰা ৫১৬৩/২০২৬ নম্বৰৰ লেখ আবেদনখনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে আবেদনকাৰীয়ে বিচৰা তথ্য সঠিক ৰূপত দাখিল কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে।
উচ্চন্যায়ালয়ৰ এই নির্দেশৰ পাছত সঞ্চালকালয়ে এতিয়া কি তথ্য দাখিল কৰে, সেয়া বিশেষ তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। ইফালে ‘মা মনসা’ আৰু ‘এম এম এছ’চিয়েটেড’ নামৰ ঠিকাদাৰী প্রতিষ্ঠানৰ বিৰুদ্ধেও আঁচনিৰ সামগ্ৰী যোগানৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগকাৰী মালাকাৰে কয় যে এগৰাকী অনা-অসমীয়া ঠিকাদাৰক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে বিভাগীয় কর্তৃপক্ষই চেষ্টা চলাই আছে।
বিভাগৰ সঞ্চালক গৌৰী শংকৰ আৰু যুটীয়া সঞ্চালক সমীৰ দাসৰ বিৰুদ্ধেও ঠিকাদাৰী প্ৰতিষ্ঠানৰ স’তে মিতিৰালি কৰাৰ অভিযোগ উত্থাপন কৰিছে আবেদনকাৰী মালাকাৰে। আঁচনিৰ সামগ্রী ক্ৰয় আৰু যোগানৰ সম্পূৰ্ণ তথ্য ৰাজহুৱা হ’লে বৃহৎ পৰিমাণৰ বিত্তীয় অনিয়ম পোহৰলৈ অহাৰ সম্ভাৱনা আছে। সেই আশংকাতে বিভাগীয় কর্তৃপক্ষই তথ্য প্ৰকাশৰ পৰা আঁতৰি আছে বুলিও তেওঁ কয়।
এই ক্ষেত্রত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচৰাৰ লগতে প্রয়োজনত বিষয়টো ইউনিচেফৰ ওচৰলৈ নিয়াৰো হুংকাৰ দিছে মালাকাৰে। অবশ্যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সঞ্চালকালয়ে আঁচনিৰ ঠিকাদাৰী প্রতিষ্ঠান, সামগ্রী যোগান, মূল্য, বিল-ভাউচাৰ আৰু অন্যান্য নথি সঠিক ৰূপত দাখিল কৰে নে নাই, তাৰ ওপৰতে বহু কথাই নিৰ্ভৰ কৰিব।






























