ZubeenGargMemorial : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : যিজন শিল্পীৰ নশ্বৰদেহ এবাৰমাত্ৰ যোৰহাটলৈ অনাৰ দাবীত ৰাজপথ উত্তাল কৰি ওলাই আহিছিল হেজাৰ হেজাৰ জনতা- সেই জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ বাবে দিয়া আশ্বাসেই আজি যেন হেৰাই গ’ল সময়ৰ সোঁতত। অসমবাসীৰ নিশ্চয় মনত আছে যে যোৰহাটৰ সন্তান তথা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰদেহ যোৰহাটলৈ অনাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ পর্যন্ত অৱৰোধ কৰি ৰাজ্য কঁপাই তুলিছিল।
যোৰহাটবাসীয়ে সজোৰে এই দাবী উত্থাপন কৰাৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰৰ সমান্তৰালভাৱে যোৰহাটতো জুবিন গাৰ্গ স্মৃতি উদ্যান স্থাপনৰ আশ্বাস দিছিল আৰু যোৰহাটত জুবিনৰ মাহেকীয়া আদ্যশ্রাদ্ধ চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে ।সেই আৱেগিক সময়ত প্রদান কৰা আশ্বাসক বিশ্বাস কৰি অপেক্ষা কৰিছিল জুবিন অনুৰাগী তথা যোৰহাটবাসীয়ে।
কিন্তু এবছৰ পাৰ হৈ গ’ল, আজিও বাস্তৱ ৰূপ নাপালে মুখ্যমন্ত্ৰীৰ প্রতিশ্রুতি। কিন্তু যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন গাৰ্গ স্মৃতি ক্ষেত্ৰৰ নিৰ্মাণৰ কামেই আৰম্ভ নহ’ল। আনকি স্মৃতি ক্ষেত্ৰখনৰ বাবে নিৰ্ধাৰিত ভূমি হস্তান্তৰ প্ৰক্ৰিয়াও সম্পূর্ণ নোহোৱাত প্রকল্পটোৰ ভৱিষ্যতক লৈ প্রশ্ন উত্থাপন হৈছে।
উল্লেখ্য যে নগৰৰ বিভিন্ন ঠাইত প্ৰস্তাৱিত উদ্যানখনৰ বাবে ভূমি পৰিদৰ্শনৰ অন্তত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানৰ (জিষ্ট) ভূমিত উদ্যানখন নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। কিন্তু যোৱা এটা বছৰে সেয়া হৈ নুঠিল। হাবি কাটি মোকলাই লোৱা প্ৰস্তাৱিত স্থানত পুনৰ হাবি গজিল।
ইয়াকে লৈ যোৰহাটৰ ৰাইজ তথা জুবিন অনুৰাগী ক্ষুণ্ণ হৈ থকাৰ সময়তে সম্প্ৰতি সাংস্কৃতিক কর্মী সমীৰ ৰয়ৰ ব্যক্তিগত প্ৰচেষ্টাত আৰু যোৰহাট বিজ্ঞান আৰু প্রযুক্তি বিদ্যা প্রতিষ্ঠানৰ (জিষ্ট) সহযোগত নিৰ্মাণ কৰা মহান শিল্পীজনৰ স্মৃতিত এখন অর্কিড উদ্যান জুবিনৰ পত্নী গৰিমা গাৰ্গে ফিটা কাটি উদ্বোধন কৰে। ইয়াকে কেন্দ্ৰ কৰিও বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰিছে।
উদ্বোধনী অনুষ্ঠানত আৱেগবিহ্বল হৈ পৰা গৰিমা গাৰ্গে জুবিনৰ নামত এখন উদ্যান নিৰ্মাণৰ প্ৰসংগ উত্থাপন কৰি গভীৰ উদ্বেগ প্রকাশ কৰে। সেই সময়ত দিয়া আশ্বাস অনুসৰি যোৰহাটত জুবিনৰ নামত এখন উদ্যান হৈ উঠিব লাগিছিল বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয়, ‘যোৰহাট জুবিন গাৰ্গৰ নিজৰ ঠাই। যোৰহাটত জুবিন গাৰ্গৰ কিবা এটা হোৱাটো অতি আৱশ্যকীয়।
তেওঁৰ নিজৰ ঠাইত যদি ডাঙৰকৈ এটা জুবিন ক্ষেত্র হয় আৰু তাত এটা মুকলি মঞ্চ থাকে সৰুকৈ মিউজীয়ামো থাকে ভাল হ’ব। অৱশ্যে অজন্তা বাইপাছত সৰুকৈ প্রতিমূর্তি হ’ব বুলি গম পাইছো যদিও ডাঙৰকৈ আৰু কিবা এটা হ’লে ভাল হ’ব।’ এইদৰে নিজৰ আক্ষেপ প্রকাশ জুবিন গাৰ্গৰ দ্বিতীয়খন জুবিন ক্ষেত্র যোৰহাটত হ’ব বুলি আশা প্রকাশ কৰে। বৃহস্পতিবাৰে গৰিমাই এটি নাহৰ পুলিও ৰোপণ কৰি কয়, ‘ইয়াত নাহৰো ৰোপণ কৰিছো। য’তেই নাহৰ থাকে তাতেই জুবিন গাৰ্গ থাকিব।’ ছাত্র-ছাত্রীসকলক ইয়াৰ যত্ন ল’বলৈ আহ্বান জনায় গৰিমাই।
যোৰহাটবাসীৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়ে সোণাপুৰৰ সমান্তৰালভাৱে যোৰহাটতো জুবিনৰ স্মৃতি সজীৱ কৰি ৰখাৰ কথা ঘোষণা কৰিছিল। এতিয়াও নিৰ্মাণৰ প্ৰাথমিক কাম-কাজ আৰম্ভ কৰিয়ে স্থবিৰ হৈ পৰা উদ্যানৰ ভূমি হস্তান্তৰ প্ৰক্ৰিয়া চলি থকা বুলি সূত্রই জনাইছে। কম দিনৰ ভিতৰতে এই প্রক্রিয়া সম্পূৰ্ণ হ’ব আৰু চলিত মাহৰ পৰা প্ৰকল্পটোৰ কাম পুনৰ আৰম্ভ কৰি এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা বুলি সূত্ৰটোৱে দাবী কৰে।
উল্লেখ্য যে যোৰহাটৰ এজন শিল্পীৰ হতুৱাই জুবিন গাৰ্গৰ এটি পূর্ণাংগ প্রতিমূর্তি নিৰ্মাণ কৰা হৈছিল যদিও বিকৃত ৰূপ লোৱা বুলি সামাজিক মাধ্যমত ব্যাপক চর্চা হোৱাত সেই মূৰ্তিটো নাকচ কৰা হৈছে। অৱশ্যে মূর্তি স্থাপনৰ বাবে বেদীও নিৰ্মাণ কৰা হৈছে। স্মৃতিক্ষেত্ৰ নিৰ্মাণৰ বাবে বিধায়ক পুঁজিৰ প্ৰথম পর্যায়ত ৬.৫ লাখ টকা অনুদান দিয়া হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ ধনৰ বাবে আবেদন কৰা হৈছে বুলিও বিধায়ক হিতেন্দ্র নাথ গোস্বামীয়ে প্রকাশ কৰে। এই ক্ষেত্রত মুখ্যমন্ত্রীয়ে কি ভূমিকা গ্রহণ কৰিছে এই মুহূৰ্তলৈকে যোৰহাটবাসীৰ জ্ঞাত হোৱা নাই।
এতিয়া মূল প্রশ্ন-মুখ্যমন্ত্ৰীৰ আশ্বাসৰ এবছৰ পাছতো কিয় সম্পূৰ্ণ নহ’ল যোৰহাটৰ জুবিন উদ্যানৰ কাম? কেতিয়ালৈ সম্পূর্ণ হ’ব ভূমি হস্তান্তৰ প্রক্রিয়া? জুবিন অনুৰাগী তথা যোৰহাটবাসীয়ে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ বাস্তৱ ৰূপায়ণৰ বাবে অপেক্ষা কৰি আছে।































