HimantaBiswaSarma : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : শিলচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় পাৰ হোৱাৰ সময়ত এখন জৰুৰীকালীন এম্বুলেঞ্চ ৰখাই দিয়াৰ ঘটনাক কেন্দ্ৰ কৰি কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি এতিয়াৰে পৰা তেওঁৰ কনভয়ৰ পৰিসৰ ন্যূনতমলৈ হ্ৰাস কৰা হ’ব।
বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে শিলচৰলৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেই সময়ত তেওঁৰ কনভয় পাৰ হৈ যাবলৈ আৰক্ষীয়ে এখন জৰুৰীকালীন এম্বুলেঞ্চ ৰখাই দিয়ে। এম্বুলেঞ্চখনত এজন সংকটজনক ৰোগী আছিল। বৃহস্পতিবাৰে পুৱা ৰোগীগৰাকীৰ মৃত্যু হয়।
ঘটনাটোৰ পাছতে বুধবাৰে নিশাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এম্বুলেঞ্চ ৰখোৱাৰ ঘটনাত জড়িত চাৰিজন আৰক্ষীক নিলম্বন কৰা হয়। একে সময়তে ঘটনাটোৰ তদন্তৰ বাবে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হয়।
ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ ক্ষমা প্ৰাৰ্থনা
ঘটনাটোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে দুখ প্ৰকাশ কৰাৰ লগতে ৰোগীগৰাকীৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজন হোৱা কোনো ৰোগীৰ জীৱনতকৈ মুখ্যমন্ত্ৰীৰ যাত্ৰাই কেতিয়াও অগ্ৰাধিকাৰ লাভ কৰিব নোৱাৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে সাধাৰণ নাগৰিকৰ যাতায়াত আৰু জৰুৰী সেৱা যাতে তেওঁৰ কনভয়ৰ বাবে কোনো কাৰণতে ব্যাহত নহয়, সেই সন্দৰ্ভত তেওঁৰ নিৰ্দেশ স্পষ্ট। ঘটনাটোৰ বাবে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্তৰো নিৰ্দেশ দিয়া হৈছে।
ন্যূনতম হ’ব মুখ্যমন্ত্ৰীৰ কনভয়
শিলচৰৰ ঘটনাৰ পাছত মুখ্যমন্ত্ৰীয়ে তেওঁৰ কনভয়ৰ পৰিসৰ হ্ৰাস কৰাৰ নিৰ্দেশ দিছে। এতিয়াৰে পৰা কনভয়ৰ সৈতে কেৱল অত্যাৱশ্যকীয় নিৰাপত্তা আৰু কাৰ্যকৰী বাহনসমূহেহে চলাচল কৰিব।
মুখ্যমন্ত্ৰীৰ ভাষাত, “নেতৃত্বৰ পৰিচয় কামেৰে হ’ব লাগিব, কনভয়েৰে নহয়।”লগতে তেওঁ কয়, “ভি আই পি নহয়, পথ ৰাইজৰ বাবে।” অৰ্থাৎ VIP চলাচলৰ বাবে যাতে সাধাৰণ নাগৰিকৰ যাতায়াত বা জৰুৰীকালীন সেৱা ব্যাহত নহয়, সেই বিষয়টোক গুৰুত্ব দিয়া হৈছে।
এম্বুলেঞ্চ, অগ্নিনিৰ্বাপক বাহনক অগ্ৰাধিকাৰ দিবলৈ আহ্বান
মুখ্যমন্ত্ৰীয়ে ৰাইজকো জৰুৰীকালীন বাহনসমূহক অগ্ৰাধিকাৰ ভিত্তিত বাট এৰি দিবলৈ আহ্বান জনাইছে। বিশেষকৈ এম্বুলেঞ্চ, অগ্নিনিৰ্বাপক বাহন আৰু আৰক্ষীৰ জৰুৰীকালীন সহায়ক গোটৰ বাহনক বাট এৰি দিবলৈ তেওঁ আহ্বান জনায়।
জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ নিৰ্দেশ
বুধবাৰে নিশা মুখ্যমন্ত্ৰী কাৰ্যালয়েও এই সন্দৰ্ভত নিৰ্দেশনা প্ৰকাশ কৰে। সকলো জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হৈ যোৱাৰ সময়ত যাতে জনসাধাৰণে কোনো অসুবিধাৰ সন্মুখীন নহয়, সেয়া কঠোৰভাৱে নিশ্চিত কৰিবলৈ পুনৰ নিৰ্দেশ দিয়া হৈছে।
মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ মতে, নিৰাপত্তাৰ প্ৰয়োজনীয়তা অটুট ৰাখি মুখ্যমন্ত্ৰীৰ কনভয়ৰ পৰিসৰ ন্যূনতমলৈ হ্ৰাস কৰা হৈছে। জনসাধাৰণৰ সুবিধা আৰু স্বাভাৱিক যাতায়াতক সৰ্বাধিক গুৰুত্ব দি সকলো বিষয়াক এই নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে।































