EnforcementDirectorate :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক :সুদূৰ ইণ্ডোনেছিয়া আৰু থাইলেণ্ডৰ অবৈধ চুপাৰিক লৈ বৃহৎ ধনৰ লেনদেন চলি আহিছে আৰু ইয়াত নাম সাঙোৰ খাইছে গুৱাহাটী, শিলিগুৰি আৰু বাগডোগ্ৰাৰ কুখ্যাত ব্যৱসায়ী আৰু প্ৰতিষ্ঠানৰ নাম। এই চোৰাং ব্যৱসায়ক লৈ বৃহৎ ছিণ্ডিকেট চক্রও গঢ়ি উঠিছে। ভুৱা মালিকীস্বত্ব, ভুৱা প্রতিষ্ঠান আৰু জাল নথিৰে চলা এই বৃহৎ চোৰাং ব্যৱসায়ত ধনৰ কল্পনাতীত পৰিমাণৰ লেনদেন নিয়মিতভাবে অব্যাহত আছে।
ইয়াৰ বিৰুদ্ধে কালি প্ৰৱৰ্তক সঞ্চালকালয় (ইডি)ৰ দলে অসম আৰু পশ্চিমবংগৰ ১৬ টা স্থানত তালাচী অভিযান চলায়। এই অভিযানত বহু পৰিমাণৰ নথিপত্ৰ, বহু ডিজিটেল তথ্য, ডিজিটেল ব্যৱস্থাত ব্যৱহৃত ইলেক্ট্রনিক বহু সামগ্রী অভিযানকাৰী দলে জব্দ কৰে।
গুৱাহাটীৰ ছাত্ৰীবাৰীত অৱস্থিত পৰমেশ্বৰী বিল্ডিঙত কালি পুৱাৰ পৰা ইডিৰ গুৱাহাটীস্থ মাণ্ডলিক কাৰ্যালয়ৰ পাঁচজনীয়া এটা দলে তালাচী চলায়। দলোটোৱে অট্টালিকাটোত থকা এনআৰ এছ’চিয়েট নামৰ প্ৰতিষ্ঠানটোত তালাচী চলাই কাগজ-পত্ৰৰ লগতে ইলেক্ট্রনিক কে’বাবিধো সামগ্রী জব্দ কৰে।
এই প্রতিষ্ঠানটোৰ গৰাকী হ’ল নৱৰত্ন বৈদ্য। তদুপৰি জয় কর্ণি ট্রেডিং প্রাইভেট লিমিটেড আৰু পূৰ্বোত্তৰ এগ্রো প্রাইভেট লিমিটেড নামৰ দুটা প্ৰতিষ্ঠানৰ কাৰ্যালয়তো আজি অভিযান চলে। প্ৰবীৰ জৈন আৰু সুবীৰ জৈন এই প্রতিষ্ঠান দুটাৰ গৰাকী। অবৈধ চুপাৰিৰ চোৰাং ব্যৱসায়ৰ জৰিয়তে হৈ থকা ধনৰ বৃহৎ লেনদেনৰ দিশটোৰ অনুসন্ধান ইডিয়ে চলাইছে।
ইডিৰ তদন্তৰ তথ্য অনুসৰি, ভাৰতলৈ ইণ্ডোনেছিয়া আৰু থাইলেণ্ডৰ পৰা অবৈধ চুপাৰি চোৰাং ব্যৱসায়ীৰ দলে আমদানি কৰে। চুপাৰি প্ৰথমতে মিজোৰামলৈ অনা হয়। তাৰ পৰা ট্রাকেৰে অসম হৈ দেশৰ কে’বাখনো ৰাজ্যলৈ সেই চুপাৰি পৰিবহণ কৰা হয়।
মিজোৰামত স্থানীয় লোকক আমদানি কৰা চুপাৰিৰ গৰাকীৰূপে দেখুওৱা হয়। ইয়াৰ বিনিমত ভুৱা গৰাকীজনে চোৰাং ব্যৱসায়ীৰ পৰা মাননি লাভ কৰে। মিজোৰামৰ নিৰ্দিষ্ট স্থানলৈ সেই চুপাৰি অহাৰ পাছত সেইবোৰ জাল নথিৰে অসম হৈ ভাৰতৰ বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰা হয়। এই অবৈধ পৰিবহণত সহায়ক হোৱাকৈ প্রয়োজনীয় সকলো নথি জালিয়াতিৰে প্রস্তুত কৰা হয়।
সেই অনুসৰি জিএছটি, পৰিবহণ অনুজ্ঞাপত্ৰ আদিৰ নথি জালকৈ প্ৰস্তুত কৰি চালকৰ হাতত দিয়া হয়। তদুপৰি গুৱাহাটী আৰু পশ্চিমবংগত থকা ছিণ্ডিকেট বাহিনীয়ে অৱগত হ’ব পৰাকৈ চালকৰ হাতত বিশেষ টোকেন দিয়া হয়। সেই নথি হাতত লৈয়েই চোৰাং চুপাৰিভৰ্তি ট্ৰাকবোৰে প্ৰধানকৈ উত্তৰ প্ৰদেশ, বিহাৰ আৰু মহাৰাষ্ট্ৰ অভিমুখে আগবাঢ়ে। ইডিৰ তথ্য অনুসৰি, এই বিশেষ তিনিখন ৰাজ্যত গুটখা, পাণ মচলা প্রস্তুত কৰা বহু উদ্যোগ আছে। এই উদ্যোগবোৰলৈকে চোৰাং চুপাৰি চালান দিয়া হয়।
এই সমগ্র প্রক্রিয়াটোত বৃহৎ ধনৰ লেনদেন হয়। ইয়াৰে এটা বৃহৎ অংশ চুপাৰি বিক্ৰী কৰা দেশৰ ব্যৱসায়ীৰ হাতলৈ যায়। সমান্তৰালভাৱে দেশৰ ভিতৰত মিজোৰাম, অসম আৰু পশ্চিমবংগত বৃহৎ পক্ষৰ মাজতো এই লেনদেন সম্পন্ন হয়। অবৈধ এই লেনদেনত কোটি কোটি টকাৰ ইফাল-সিফাল হোৱা বুলিও ইডিয়ে নিশ্চিত কৰিছে।
এই গোটেই ব্যৱস্থাটোত কে’বাটাও পৰিবহণ প্রতিষ্ঠানৰ নাম সাঙোৰ খাইছে। অভিযোগ অনুসৰি, এনে সংস্থাবোৰে নিয়মীয়াকৈ চোৰাং চুপাৰি পৰিবহণ কৰি আহিছে। অভিযোগ উত্থাপিত হোৱা অনুসৰি, বিকানেৰ-আছাম ৰোড লাইন নামৰ লজিষ্টিক প্রতিষ্ঠানটো এনে কামত বিশেষভাবে জড়িত।
প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী বিজয় সিং ডাগা এই কামত সিদ্ধহস্ত বুলিও অভিযোগ উঠিছে।ইপিনে, পশ্চিমবংগৰ শিলিগুৰি আৰু বাগডোগ্রাত থকা ছিন্ডিকেট চক্রই টোকেন মানিৰ জৰিয়তে ট্ৰাকৰ গৰাকী আৰু পৰিবহণ সংস্থাৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰে। ইয়াৰ জৰিয়তে এনে চক্রই ট্রাকবোৰ বিনা বাধাই গুটখা কোম্পানীৰ কাৰখানালৈ যাব পৰাৰ ৰাস্তা মোকলাই দিয়ে।
ইপিনে, শিলিগুৰিত চলোৱা অভিযানত ধীৰাজ ঘোষ, বিনয় বর্মন আৰু সন্দীপ বৈদ্য নামৰ তিনিজনৰ পৰিবহণ প্রতিষ্ঠানত ইডিৰ দলে তালাচী চলায়।






























