AssamEducation : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অসমৰ ৰাজহুৱা শিক্ষাখণ্ডৰ দুৰ্বলতা উদঙাই দিয়াসকলক সততে আক্ৰমণৰ লক্ষ্য কৰি লয় শিক্ষা বিভাগ তথা চৰকাৰে। সেই বুলি শিক্ষা খণ্ডৰ চৰম দুৰৱস্থাৰ ছবিখন ঢাকি ৰাখিবলৈ সক্ষম হোৱা নাই। তেনে দুৰৱস্থাৰে এখন ছবি সমগ্র শিক্ষা অসমৰ জৰিয়তে পোহৰলৈ আহিছে।
শ্রেণী কোঠাকে ধৰি বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণ, পৰীক্ষাগাৰ স্থাপন, হোষ্টেল নির্মাণ, অনাময়ৰ সুবিধা গঢ়ি তোলা আদি কে’বাটাও শিতানত ৰাজ্যৰ শিক্ষানুষ্ঠানক লৈ প্ৰদৰ্শন কৰি অহা চৰম অৱহেলা পুনৰ স্পষ্ট হৈছে। ফলস্বৰূপে গুণোৎসৱৰ দৰে অভিলাষী কাৰ্যসূচীও অর্থহীন হৈ পৰিছে।
শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে তথাকথিত সফলতাৰ ফুলজাৰি মাৰিলেও কার্যক্ষেত্ৰত গুণোৎসৱৰ ফলাফল প্রতিফলিত হোৱা নাই আৰু সেই বাবে আন্তঃগাঁথনি নিৰ্মাণৰ হেজাৰ হেজাৰ কাম বছৰ বছৰ ধৰি পৰি ৰৈছে।
সমগ্র শিক্ষা অসমে ২০১৮-১৯ ৰ পৰা বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণৰ ৮১,৭৭২ টা কামৰ অনুমোদন লাভ কৰিছে। এই বৃহৎ সংখ্যক কামৰ বিপৰীতে এতিয়ালৈকে সর্বাধিক ৩০ হেজাৰটা কামহে সম্পূর্ণ হৈছে অথবা হ’বলৈ বাকী আছে। ইয়াৰ বিপৰীতে ৬২ শতাংশৰো অধিক কামৰ এতিয়ালৈকে আৰম্ভণিয়েই হোৱা নাই।
সংখ্যাৰ হিচাপত এই পৰিমাণ ৫০ হেজাৰৰো অধিক। সম্পূর্ণ হোৱা কামৰ সংখ্যা হ’ল ২৮,৮৭৫টা। শতাংশৰ হিচাপত এই হাৰ ৩৫.৩১ শতাংশ। আনহাতে, চলি থকা কামৰ সংখ্যা হ’ল ২,০৯০ টা। ইয়াৰ হাৰ মাত্র ২.৪৮ শতাংশ।
কাম আৰম্ভই নোহোৱা অথবা কামৰ ৰূপায়ণ অতি লেহেমীয়া গতিত চলি থকা আটাইতকৈ বৃহৎ শিতানটো হ’ল বিদ্যালয়ত চকী-মেজ আৰু অন্যান্য প্রয়োজনীয় সামগ্রী যোগান। ২০১৮-২৯ৰ পৰা আৱণ্টন পোৱা এনে কামৰ মুঠ সংখ্যা ৭৪,০৫৭ টা। ইয়াৰে মাত্র ২৩,৩৪৩ টা কাম সম্পূর্ণ হোৱাৰ বিপৰীতে ৫০,৭১৪ টা কাম আৰম্ভই হোৱা নাই।
একেদৰে সংহত বিজ্ঞান গৱেষণাগাৰ নিৰ্মাণৰ কামৰ সংখ্যা হ’ল ১৮৬৪ টা। ইয়াৰে মাত্র ১৫৩ টাহে সম্পূর্ণ হৈছে। আনহাতে, ৮৯ টাৰ কাম এতিয়াও আৰম্ভ হোৱা নাই। বাকীবোৰৰ ৰূপায়ণ প্ৰক্ৰিয়া চলিছে যদিও কামৰ গতি অতি লেহেমীয়া হোৱাৰ তথ্য সমগ্র শিক্ষা অসমৰ নথিতেই উল্লেখ কৰা হৈছে।
ইপিনে, অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ কামো বছৰ বছৰ ধৰি অসম্পূর্ণ হৈ আছে। ধাৰ্য লক্ষ্যৰ বিপৰীতে ১৯৯ টা এনে কাম অদ্যাপি সম্পূর্ণ হোৱা নাই। ইপিনে উচ্চ প্রাথমিকৰ পৰা হাইস্কুললৈ বিদ্যালয় উন্নীতকৰণ প্ৰক্ৰিয়াৰ লক্ষ্য নিৰ্ধাৰিত ৩১ খনৰ ভিতৰত এতিয়ালৈকে ১৭ খনৰ প্ৰক্ৰিয়া সম্পূর্ণ হৈছে।
তেনেদৰে হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ ৪৭ খন শিক্ষানুষ্ঠানৰ লক্ষ্য নির্ধাৰণ কৰা হয়। তাৰে ৩০ খনৰ প্ৰক্ৰিয়াহে সম্পূৰ্ণ হৈছে। এই ধৰণৰ লেহেমীয়া ৰূপায়ণ প্রক্রিয়াই সামগ্রিকভাৱে সমগ্ৰ ৰাজহুৱা শিক্ষাখণ্ডতে গুৰুতৰ বিৰূপ প্ৰভাৱ পেলাইছে।
প্রসংগক্রমে উল্লেখ্য যে কামৰ এনে অতি লেহেমীয়া গতি তথা ইয়াৰ জৰিয়তে উন্নয়ন প্রক্রিয়াটোকে উপেক্ষা কৰাটো প্ৰকাৰান্তৰে স্পষ্ট হোৱাত সমগ্র শিক্ষা অসমে বছৰেকীয়া বাজেট অনুমোদনৰ সময়ত শিক্ষা মন্ত্রণালয়ৰ পৰা প্রশ্নবাণৰো মুখামুখি হ’বলগীয়া হৈছে। তাৰ পাছতো এই ধৰণৰ ফলাফল অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোৰ প্ৰতি চৰকাৰীভাবেই চৰম উপলুঙাৰ বাদে আন একো নহয় বুলি বিভাগতে চর্চা চলিছে।































