StockMarket : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ জিডিপি সাত শতাংশৰ অধিক হোৱা বুলি বাঃ বাঃ লোৱাৰ সময়তে প্রচণ্ড খহনীয়াৰ কৱলত পৰিছে দেশৰ শ্বেয়াৰ বজাৰ। বিগত কিছুদিন ধৰি খহনীয়া অব্যাহত থকা বোম্বে শ্বেয়াৰ বজাৰৰ পৰা কালি একেদিনাই ন লাখ কোটি টকা উধাও হয়। ফলত বোম্বে ষ্টক এক্সচেঞ্জৰ তালিকাভুক্ত কোম্পানীসমূহৰ বজাৰ মূলধনৰ পৰিমাণ ৪,৭১,৮৬,২৯২ কোটি টকাৰ পৰা ৪,৬২,৭১,৫৪৫ কোটি টকালৈ হ্রাস পায়; অৰ্থাৎ আজিৰ দিনটোতে এই প্রতিষ্ঠানসমূহৰ বজাৰ মূলধনৰ ন লাখ কোটি টকা হেৰায়।
ইয়াৰ কাৰণ হৈছে বৃহস্পতিবাৰে ছেনচেক্সৰ এহেজাৰ পইন্ট হ্রাস পায়। একেদৰে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় স্টক এক্সচেঞ্জৰ সূচকাংক নিষ্টাও ২২,৩০০ৰ তললৈ নামে। এনে পৰিস্থিতিত স্বাভাৱিকতে বিনিয়োগৰাকীসকল দিশহাৰা হৈছে। আনকি বিগত ২৫ বছৰৰ পাছত শ্বেয়াৰ বজাৰত এনে বিপৰ্যয়ৰ সূচনা হোৱা বুলি চর্চা হৈছে।
আনহাতে, চৰকাৰে উন্নয়নৰ ধ্বনি দি থকাৰ সময়তে দেশৰ শ্বেয়াৰ বজাৰত উদ্ভৱ হোৱা এই জটিল পৰিস্থিতিৰ একাধিক কাৰণ বিচাৰি পাইছে বিশেষজ্ঞসকলে। একাংশ বিশেষজ্ঞৰ মতে, এই সংকটৰ কাৰণ হৈছে মার্কিন বণ্ডৰ পৰা বিনিয়োগকাৰীৰ লাভ বৃদ্ধি পাইছে। ১০ বছৰীয়া মার্কিন বণ্ডৰ লাভৰ পৰিমাণ সম্প্ৰতি ৫.৩ শতাংশৰো অধিক হৈছে।
ফলত বিদেশী বিনিয়োগৰাকীসকল মার্কিন বণ্ডৰ প্ৰতি অধিক আকর্ষিত হৈছে। এনে কাৰণত তুলনামূলকভাৱে বিপদৰ আশংকা থকা ভাৰতৰ শ্বেয়াৰ বজাৰত বিদেশী বিনিয়োগকাৰীসকলে বিনিয়োগ প্রত্যাহাৰ কৰি ধন লৈ ঘূৰি যাবলৈ ধৰিছে। দলে দলে বিদেশী বিনিয়োগৰাকীয়ে বিনিয়োগ প্রত্যাহাৰ কৰিছে।
আনকি বুধবাৰে দিনটোতে বিদেশী বিনিয়োগকাৰীয়ে ভাৰতৰ শ্বেয়াৰ বজাৰত ১০ হেজাৰৰো অধিক কোটি টকাৰ বিনিয়োগ প্রত্যাহাৰ কৰে। শ্বেয়াৰ বজাৰৰ খহনীয়াৰ দ্বিতীয়টো কাৰণ টকা অধিক দুর্বল হৈছে। কালি ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য প্রায় ৯৬ টকা হয়। এনে অৱস্থাত ভাৰতৰ শ্বেয়াৰ বজাৰ বিদেশী বিনিয়োগকাৰীৰ বাবে আৰু আকর্ষণীয় হৈ থকা নাই।
তদুপৰি মধ্য প্রাচ্যত উত্তেজনা অব্যাহত থকাৰ ফলত আন্তর্জাতিক বজাৰত খাৰুৱা তেলক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈ আছে। ইয়েও ভাৰতৰ শ্বেয়াৰ বজাৰ অধিক অস্থিৰ কৰা বুলি বিশেষজ্ঞসকলে আঙুলিয়াই দিছে। এই জটিল অবস্থা অব্যাহত থকাৰো আশংকা কৰিছে বিশেষজ্ঞসকলে।
অৱশ্যে একাংশ বিশেষজ্ঞৰ মতে, ছেনচেক্সৰ এই খহনীয়াই দেশৰ শ্বেয়াৰ বজাৰৰ প্ৰতিটো অংশৰ সমানে পতন ঘটাটো সুচোৱা নাই বুলি একাংশ বিশেষজ্ঞই মতপোষণ কৰিছে। এহচান লাজাৰোছ নামৰ বিশেষজ্ঞজনৰ মতে, বহু খুচুৰা বিনিয়োগকাৰীয়ে সম্প্রতি মজলীয়া আৰু ক্ষুদ্র ষ্টকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিবলৈ লৈছে।
দীর্ঘম্যাদী ভিত্তিত শ্বেয়াৰ বজাৰে প্রত্যাশাা অনুসৰি ফল দিবলৈ সক্ষম হ’ব বুলিও তেওঁ মত পোষণ কৰে।
আনহাতে, কালি শ্বেয়াৰ বজাৰত অধিক মুখ থেকেচা খোৱা শ্বেয়াৰসমূহৰ অন্যতম হৈছে যানবাহন উদ্যোগসমূহৰ শ্বেয়াৰ। মূলত: এইসমূহৰ শ্বেয়াৰে বজাৰৰ অৱস্থাই শোচনীয় কৰি তোলে। গতিকে এনে জটিল পৰিস্থিতি কিদৰে চৰকাৰে চম্ভালি লয় সেয়া লক্ষ্যণীয় হৈছে। এনে পৰিস্থিতিতে ৰিজার্ভ বেংকৰ মুদ্রা নীতি সমিতিয়ে অহা সপ্তাহত বৈঠক আয়োজন কৰিছে।
এই বৈঠকে ঋণৰ সুতৰ হাৰ (ৰেপ’ ৰেট) ০.২৫ শতাংশ বৃদ্ধি কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে একাংশ অর্থনীতিবিদে। কাৰণ সম্প্ৰতি দেশত মুদ্রাস্ফীতিয়ে জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে। অৱশ্যে ইয়ে শ্বেয়াৰ বজাৰত নেতিবাচক প্রভাৱ পেলাব বুলিহে বিশেষজ্ঞসকলে মতপোষণ কৰিছে। কাৰণ ইয়াৰ ফলত সুতৰ হাৰ বৃদ্ধি পাব।































