EiffelTowerControversy : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ৰাছিয়াত চৰকাৰী স্কুল বন্ধৰ উজান উঠিছে। আনকি মাথোঁ ২৬ বছৰত দেশখনত ৩০ হেজাৰৰো অধিক স্কুল বন্ধ হৈছে। এক তথ্য অনুসৰি স্কুল বন্ধৰ এই হাৰ নগৰাঞ্চলসমূহৰ তুলনাত গ্রামাঞ্চলসমূহত অধিক দেখা গৈছে। লক্ষ্যণীয়ভাৱে ল’ৰা-ছোৱালীৰ সংখ্যা হ্ৰাসৰ বাবে নহয়, চৰকাৰে পুঁজি যোগানৰ নিয়ম সংশোধন কৰাৰ ফলত দেশখনত এইদৰে স্কুল বন্ধৰ উজান উঠিছে।
উল্লেখ্য যে ২০০১৩ চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুসৰি স্কুলসমূহলৈ পুঁজি যোগানৰ নিয়ম প্ৰৱৰ্তন কৰে। ফলত তুলনামূলকভাবে কম ছাত্র-ছাত্রী থকা বিদ্যালয়সমূহ প্রচণ্ড আর্থিক সংকটৰ সন্মুখীন হ’বলগা হয়। মূৰকত এনে হেজাৰ হেজাৰ বিদ্যালয় বন্ধ হৈ পৰে। বৃহৎসংখ্যক বিদ্যালয় আন বিদ্যালয়ৰ স’তে চামিলো হয়।
এনেদৰে তেতিয়াৰে পৰা পৰা চলিত বর্ষলৈ দেশখনত ৩০ হেজাৰৰো অধিক বিদ্যালয় বন্ধ হয়। আনকি ২০০০ৰ পৰা ২০২৬ৰ সময়ছোৱাত দেশখনত বিদ্যালয়ৰ সংখ্যা ৬৮,৮০০ৰ পৰা ৩৮ হেজাৰলৈ হ্রাস পায়।
শতাংশ হিচাপত এই হাৰ ৪৫ শতাংশ। অথচ এই সময়ছোৱাত দেশখনত স্কুললৈ যোৱা বয়সৰ ল’ৰা-ছোৱালীৰ সংখ্যা ১৩.৫ শতাংশ হ্রাস পায়। অর্থাৎ এই ২৬ বছৰত দেশখনত ল’ৰা-ছোৱালীৰ সংখ্যা ২০.৫ নিযুতৰ পৰা ১৭.৭ নিযুতলৈ হ্রাস পায়। ইয়াৰ বিপৰীতে স্কুল বন্ধৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পায়।
দেশখনৰ মূল চহৰসমূহৰ তুলনাত আন অঞ্চলসমূহত স্কুল বন্ধ হোৱাৰ প্রকোপ অধিক। এই ২৬ বছৰত গ্ৰামাঞ্চলসমূহত স্কুলৰ সংখ্যা ৪৫ হেজাৰৰ পৰা ২১ হেজাৰলৈ হ্রাস পায়। একে সময়ছোৱাত নগৰাঞ্চলসমূহত ২২,৭০০ৰ পৰা ১৬,৩০০লৈ হ্রাস পায়। অৱশ্যে এই সময়ছোৱাত স্কুলত নামভর্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পায়।
১৫ বছৰ পূৰ্বে গড়ে তিনিশ ছাত্র-ছাত্রী থকা স্কুলসমূহত গড় হিচাপত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৪৭০ লৈ বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে বৃহৎ স্কুলসমূহত পুঁজিৰ নাটনিত ভুগি সৰু-সুৰা বহু স্কুল চামিল হয়। ফলত দেশখনত বৃহৎ হাৰত স্কুলৰ সংখ্যা হ্রাস পাবলৈ ধৰিছে।
আনকি ২০১০ লৈকে দেশখনত প্রায় ২৬ শতাংশ স্কুল বন্ধ হয়। ইয়াৰ পৰৱৰ্তী দশকত আন ১০ হেজাৰ স্কুল বন্ধ হয়। তদুপৰি বিগত ছবছৰত আৰু প্রায় ২৩শ স্কুল বন্ধ হয়। এনেদৰে বৃহৎ হাৰত স্কুল বন্ধ হোৱাৰ অন্যতম কাৰণৰূপে চৰ্চিত হৈছে বহু পৰিয়ালে আন অঞ্চললৈ স্থায়ীভাৱে উঠি যায়।
বিশেষকৈ নগৰাঞ্চলসমূহলৈ ঢাপলি মেলা পৰিয়ালৰ সংখ্যাও বৃদ্ধি পাইছে।আনহতে, ইউক্রেইন যুদ্ধৰ সূত্রপাত হোৱাৰ সময়ৰ পৰা অৰ্থাৎ ২০২২ৰ ছেপ্টেম্বৰৰ পৰা ৰাছিয়াৰ শিক্ষা মন্ত্রণালয়ে স্কুলসমূহত এক বিশেষ শ্ৰেণী আৰম্ভ কৰে। এই শ্ৰেণীত দেশখনৰ পৰম্পৰাগত মূল্যবোধ, দেশপ্রেম, দেশৰ প্ৰতি সেৱা আৰু বিশ্বত ৰাছিয়াৰ ভূমিকা সম্পর্কে শিক্ষাদান কৰা হয়।
তদুপৰি ইউক্রেইন যুদ্ধক লৈও পাঠ্যক্ৰমত বিষয়বস্তু অন্তর্ভুক্ত কৰা হৈছে। একেদৰে ৰুছ-মার্কিন সম্পর্কক লৈও স্কুলীয়া পাঠ্যপুঠিত বিষয়বস্তু অন্তর্ভুক্ত কৰা হৈছে। অৱশ্যে দেশখনত স্কুলৰ সংখ্যা বৃহৎ হাৰত হ্ৰাসৰ বাবে দেশখনৰ বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশ ঘাই কাৰণ বুলি বিশেষজ্ঞসকলে আখ্যা দিয়া নাই। লক্ষ্যণীয়ভাৱে দেশখনত চৰকাৰী স্কুল ব্যাপক হাৰত বন্ধ হোৱাৰ বিপৰীতে ব্যক্তিগত স্কুলৰ সংখ্যা চকুত লগাকৈ বৃদ্ধি পাইছে। ২০০০ত দেশখনত ৬৩৫ খন ব্যক্তিগত স্কুল আছিল। চলিত বর্ষত ইয়াৰ সংখ্যা ৯৮২ খনলৈ বৃদ্ধি পাইছে।































