ArtificialIntelligence : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : কলেজ-বিশ্ববিদ্যালয় শিক্ষা সমাপ্ত কৰি ওলাই অহাৰ সময়ত কর্মজীৱন আৰম্ভ কৰাৰ প্ৰাকমুহূর্তত সকলোৱে চিন্তা কৰে কি ক্ষেত্ৰত চাকৰি কৰিলে আর্থিকভাৱে অধিক নিৰাপদ হ’ব পাৰি! অর্থাৎ উন্নত জীৱিকা কি কাক লৈ বহুতে চিন্তা কৰে। এতিয়া আৰু সেই দিন নাই। কৃত্রিম বুদ্ধিমত্তা (এআই)য়ে পৰম্পৰাগত এনে চিন্তা লৈ বিস্তৰ পৰিৱৰ্তন আনিছে।
ফলত প্ৰশ্নৰ উদয় হৈছে যে সাধাৰণ স্নাতক শিক্ষা গ্রহণ কৰিলে চাকৰিৰ সুযোগ পোৱা যাবনে? ইয়াৰ কাৰণ হৈছে জেনেৰেটিভ এআইৰ দ্রুত বিস্তাৰৰ ফলত চাকৰিৰ বজাৰত নতুন চাপৰ সৃষ্টি হৈছে। পূর্বে লোভনীয়ৰূপে পৰিচিত বহু ক্ষেত্ৰত আজি আৰু মানৱ কর্মবলৰ প্ৰয়োজন হ্রাস পাই আহিছে।
গতিকে ছাত্ৰ-ছাত্ৰীসকলৰ মনত উদ্বিগ্নতাও বৃদ্ধি পাবলৈ ধৰিছে। এনে অৱস্থাতে মার্কিন চেনছাছ ব্যুৰ’ই কৃত্রিম বুদ্ধিমত্তাৰ প্রভাৱ বহুলাংশে মুক্ত হৈ থকা কেতবোৰ ক্ষেত্ৰ চিনাক্ত কৰিছে।
উক্ত সংস্থাই এক গৱেষণাৰ জৰিয়তে পোহৰলৈ আনিছে যে নাৰ্ছিং, থেৰাপী, প্রাথমিক আৰু প্রাক প্রাথমিক শিক্ষকতা, শিক্ষকসকলৰ প্ৰশিক্ষণৰ একাধিক স্তৰ, চিকিৎসা প্রযুক্তি, বিশেষ চাহিদা সম্পন্ন শিক্ষকতা, শিক্ষা প্রশাসন আৰু তত্ত্বাৱধান আৰু চিকিৎসাৰ সহায়ক সেৱাৰ এই নখণ্ডত কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’ নাই।
গতিকে এনে বিষয়ৰ শিক্ষা গ্রহণ কৰিলে সংস্থাপনৰ ক্ষেত্ৰত বিশেষ সমস্যাৰ সম্মুখীন ল’ব নালাগিব বুলি চর্চা হৈছে। এই খণ্ডসমূহত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰভাৱ সবাতোকৈ কম। মার্কিন চেনছাছ ব্যুৰ’ই কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱৰ দিশৰ পৰা মুঠ ২৬টা বিষয়ৰ এক তালিকা প্রস্তুত কৰিছে। এই তালিকাত বিষয়সমূহক ‘লেভেল-১’ আৰু ‘লেভেল-২’ৰূপে চিহ্নিত কৰিছে। ইয়াৰে লেভেল-২ৰ বিষয়সমূহত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰভাৱ সবাতোকৈ কম।
এই বিষয়সমূহৰ অন্যতম হৈছে নাৰ্ছিং, শিক্ষকতা,থেৰাপী, স্বাস্থ্য সেৱা, বনবিদ্যা, প্রাণী বিজ্ঞান আদি। এইসমূহৰ স’তে আৰু ১৭টা বিষয় সংযুক্ত কৰা হৈছে। এই বিষয়সমূহৰ অন্যতম হ’ল সাধাৰণ চিকিৎসা আৰু স্বাস্থ্য সেৱা, বাস্তু বিদ্যা, ফৌজদাৰী বিচাৰ আৰু অগ্নিনির্বাপক সুৰক্ষা, সমাজ বিজ্ঞান আৰু ইতিহাসৰ শিক্ষকসকলৰ প্রশিক্ষণ, বিজ্ঞানৰ শিক্ষকসকলৰ প্রশিক্ষণ, শিল্পকলা আৰু সংগীত শিক্ষা, পৰিবহণ বিজ্ঞান আৰু প্ৰযুক্তি, গণিতৰ শিক্ষকসকলৰ প্রশিক্ষণ, ভাষা আৰু নাটক, ফিটনেছৰ প্রশিক্ষণ, অৰণ্য সম্প্ৰসাৰণ আৰু সংৰক্ষণ, প্রাণী বিজ্ঞান, উদ্ভিদ বিজ্ঞান আৰু কৃষি বিজ্ঞান।
এই ক্ষেত্রত সবাতোকৈ নিৰাপদ খণ্ড হ’ল নাৰ্ছিং সেৱা। এই পর্যন্ত নাৰ্ছিং সেৱাত এআইৰ প্ৰভাৱ সম্পূৰ্ণৰূপে শূন্য বুলি কোৱা হৈছে।
উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ ভাৰতৰ স্বাস্থ্য কর্মী বিষয়ক তথ্য অনুসৰি সম্প্ৰতি দেশত ৫,২৯৯ খন নাৰ্ছিং প্রতিষ্ঠান আছে। এই প্রতিষ্ঠানসমূহৰ পৰা বছৰি প্ৰায় তিনি লাখ ৮০ হেজাৰ নাৰ্ছিং প্রশিক্ষার্থীয়ে চাকৰিৰ বজাৰত প্ৰৱেশ কৰে। তৎসত্ত্বে দেশত উপযুক্ত প্রশিক্ষণপ্রাপ্ত অধিক নাৰ্ছৰ প্রয়োজন বুলিও সময়ে সময়ে প্রকাশ পাই আহিছে। আনহাতে, কৃত্রিম বুদ্ধিমত্তাৰ সৰ্বাধিক প্ৰভাৱ বিস্তাৰ হোৱা ক্ষেত্ৰসমূহত কৰ্মচাৰীৰ আয় হ্রাস পাবলৈ ধৰিছে।
গতিকে নতুনকৈ চাকৰিৰ বজাৰত প্ৰৱেশ কৰাসকল উদ্বিগ্ন হৈছে। বিশ্ব বেংকৰ মতে, আগন্তুক দুই দশকত বছৰি প্ৰায় এক কোটি ১০ লাখ শিক্ষিত যুৱক-যুৱতীয়ে ভাৰতৰ চাকৰিৰ বজাৰত প্ৰৱেশ কৰিব। গতিকে আগন্তুক ২০৫০ লৈ দেশত মুঠ ৩২ কোটি ৪০ লাখ কর্মসংস্থাপনৰ প্রয়োজন হ’ব। এক তথ্য অনুসৰি, ২০১২ৰ পৰা ২০২৩ৰ সময়ছোৱাত ভাৰতত বছৰি এক কোটি ২০ লাখ কর্মসংস্থাপন সৃষ্টি হয়। কিন্তু কৃত্রিম বুদ্ধিমত্তাৰ দ্রুত বিস্তাৰৰ ফলত চাকৰিৰ বজাৰ সংকুচিত হ’বলৈ ধৰিছে।






























